Morning Headlines: পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত আগবঢ়োৱা হ'ল-

Morning Headlines: পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

Published: 

17 Apr 2025 07:31 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • আজি তাঁত বিহু। তাঁতশালত চাকি-বন্তি জ্বলাই সেৱা শিপিনীৰ। ব’হাগ বিহুৰ চতুৰ্থ দিনটোক ‘তাঁতৰ বিহু’ হিচাপে পালন কৰা হয়। নতুন বছৰৰ বাবে শিপিনীসকলে সাজু কৰে তাঁতশাল।
  • ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত বিহুৰাণী আৰু বিহুকুঁৱৰী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা। দুলীয়াজানৰ দীক্ষা গগৈলৈ বিহু কুঁৱৰীৰ খিতাপ আনহাতে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁইলৈ বিহুৰাণীৰ খিতাপ। ১৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগীতাত। আজি ঘোষণা কৰিব ‘বিহু সম্ৰাজ্ঞী’ৰ নাম। আজি একেলগে প্ৰদান কৰিব বঁটাসমূহ।
  • টোলগেটক লৈ নতুন নিয়ম। অনাগত ১৫ দিনৰ ভিতৰত নতুন টোল পলিচি ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে। টোল বুথ নথকাকৈ সংগ্ৰহ কৰিব মাচুল। এই ঘোষণা কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ।
  • শুকুৰবাৰে অৰ্থাৎ কাইলৈ (১৮ এপ্ৰিল) গুড ফ্ৰাইডে পালন কৰা হ’ব । গুড ফ্ৰাইডে বিশ্বৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। গুড ফ্ৰাইডে পৃথিৱীৰ বিভিন্ন দেশত ৰাষ্ট্ৰীয় ছুটীৰ দিন।
  • সলনি হ’ব ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰ ! দেশৰ অন্যতম বৃহৎ চিকিৎসালয়লৈ ৰূপান্তৰিত হ’ব GMCH, এই অভিলাষী পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে ইতিমধ্যে ইয়াৰ নক্সা আদিকে ধৰি যাৱতীয় প্রাথমিক প্রস্তুতি সম্পূর্ণ হৈ উঠিছে।
  • ছোনিয়া-ৰাহুলক ৰক্ষণাবেক্ষণ দিবলৈ কংগ্ৰেছে কৰা আন্দোলন হাস্যকৰ, নেচনেল হেৰাল্ড গোচৰক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা দিলীপ শইকীয়াৰ
  • নিৰ্বাচন বুলি ক’লেই কংগ্ৰেছৰ মাজত আৰম্ভ হয় সংঘাত। এইবাৰো এই ধাৰা অব্যাহত ৰাখি দলটোৰ মাজত নিৰ্বাচনকেন্দ্ৰিক সংঘাতে দেখা দিছে। কংগ্ৰেছ জ্যেষ্ঠ নেতাসকলৰ বিৰুদ্ধে উত্থাপন হৈছে টিকটৰ নামত টকা লোৱা অভিযোগ।
  • বুধবাৰে আই পি এল মেচত দিল্লী কেপিটেলছৰ মুখামুখি ৰাজস্থান ৰয়েলছ। ৰাজস্থানক পৰাস্ত কৰে দিল্লীয়ে মাৰে বিজয়ৰ হাঁহি।
  • নতুন মুখ্য় ন্যায়াধীশ লাভ কৰিব উচ্চতম ন্যায়ালয়ে । পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই। ১৪ মে’ত মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব ৰামকৃষ্ণ গাভাই।
এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট