Morning Headlines: পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত আগবঢ়োৱা হ'ল-

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- নিশা গুৱাহাটীৰ গেমছ ভিলেজৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। চকুৰ পলকতে তীব্ৰবেগী ডাম্পাৰে প্ৰাণ ল’লে স্বামী-স্ত্ৰীৰ মৃত্যু। প্ৰথমে স্কুটিত খুন্দিয়াই আৰু তাৰ পিছত আন এখন বাহনক খুন্দিয়াই ডাম্পাৰখনে। উত্তেজিত ৰাইজে বন্ধ কৰি দিয়ে ৰাষ্ট্ৰীয় ঘাইপথ। ডাম্পাৰৰ লগতে চালকজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। ইউ টাৰ্ণ লোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
- আজি ঘোষণা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল । ইতিমধ্যে এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ১০ এপ্ৰিল বৃহস্পতিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ’ব পাৰে বুলি খবৰ প্ৰকাশ পাইছিল যদিও সেই কথা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাছিল ।
- মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ জোমি আৰু হমাৰ নামৰ দুটা জনগোষ্ঠীৰ মাজত ভূমি বিবাদৰ ফলত উত্তেজনা বৃদ্ধি পাইছে। সম্প্ৰদায়ৰ পতাকা উত্তোলনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছতে কিছু অঞ্চলত জাৰি কৰা হৈছে কাৰ্ফিউ। সান্ধ্য আইনত অত্যাৱশ্যকীয় সেৱাৰ বাবে ৰেহাই দিয়া হৈছে।
- ট্ৰাম্পৰ শুল্ক নীতিক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ইয়াৰ মাজতে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনা অব্যাহত আছে। দুয়ো পক্ষই সম্ভাৱ্য চুক্তিৰ দিশত কাম কৰি আছে বুলি খবৰ প্ৰকাশ পাইছে ।
- ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত কালি অনুষ্ঠিত হয় আই পি এল ২০২৫ৰ ২৩ সংখ্যক মেচ। সন্ধিয়া ৭.৩০ বজাৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই মেচখন। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৫৮ ৰান জয়লাভ গুজৰাট টাইটানছৰ ।
- নকাব আৰু বোৰ্খা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কিৰ্গিস্তানৰ চৰকাৰে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি দেশখনৰ চৰকাৰে নকাব আৰু বোৰ্খাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।
- গুৱাহাটী মহানগৰীৰ মাজমজিয়াত চলিব উচ্ছেদ। য’ত ভঙা যাব অসম গণ পৰিষদৰ কাৰ্যালয়। ইতিমধ্যে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই অগপলৈ জাননী জাৰি কৰিছে।
- পশ্চিম বংগত কাৰ্যকৰী নহয় ৱাকফ আইন ! কলকাতাত ‘নৱকাৰ মহামন্ত্ৰ দিৱস’ জৈন কাৰ্যসূচীৰ সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ লোকক কয় যে, মই জানো যে আপোনালোকে ৱাকফ বিষয়ক লৈ দুখী, কিন্তু বিশ্বাস ৰাখক যে বংগত কোনো বিভাজন আৰু শাসন নাথাকিব। বংগৰ বাৰ্তা জিয়াই থাকক আৰু জিয়াবলৈ দিয়ক।
- পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। বুধবাৰে আনুষ্ঠানিকভাৱে ঘোষণা হ’ল বিজেপিৰ প্ৰাৰ্থীৰ নাম। ৩৯৭খন জিলা পৰিষদৰ ৩১৮টাত নিৰ্বাচন খেলিব বিজেপিয়ে। অগপ, RHJMC আৰু গণশক্তিৰ সৈতে মিত্ৰতাৰে খেলিব নিৰ্বাচন।
লগতে পঢ়ক- দৈনিক ৰাশিফল, কেনে যাব আপোনাৰ দিনটো…