Morning Headlines: পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- সুৰাপায়ী সকলৰ বাবে ভাল খবৰ! বাৰ আৰু ৱাইন শ্বপ খোলাৰ ক্ষেত্ৰত নতুন অধিসূচনা জাৰি আবকাৰী বিভাগৰ। এতিয়াৰ পৰা নিশা ১১ বজাৰলৈ খোলা থাকিব গুৱাহাটীৰ প্ৰতিখন সুৰাৰ বিপনী। নিশাৰ ১২.৩০ বজালৈ খোলা থাকিব পাব-পাবসমূহ ।
- গোৱালপাৰাৰ জলেশ্বৰত কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত৷ জলেশ্বৰৰ বিধায়কৰ বাসভৱনতে সৃষ্টি হয় হুলস্থূলীয়া পৰিস্থিতি৷ বিধায়ক আফতাবুদ্দিন মোল্লাৰ বাসভৱনত সংঘাত৷ জিলা কংগ্ৰেছৰ পৰ্যৱেক্ষক আৰু ব্লক কংগ্ৰেছৰ নেতাৰ মাজত এই সংঘাত৷
- ৭ লাখ ৭৩ হাজাৰ ব্যক্তিলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব বিহুৱান। ইয়াৰ বাবে শিপিনীসকলৰ পৰা ক্ৰয় কৰা হৈছে ৯,২৫,০১০ খন গামোচা। অসমৰ থলুৱা শিপিনীয়ে বৈ উলিওৱা ফুলাম বিহুৱানেৰে ৰঙালী বিহুৰ শুভেচ্ছা জনোৱা হ’ল ৰাজ্যৰ বিভিন্নজনক৷ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰদান কৰা হয় এই বিহুৱান৷ য’ত ৰাজ্যৰ ৫,৬৪,৮১১গৰাকী শিপিনী লাভাম্বিত হয় বুলি সামাজিক মাধ্যমত উল্লেখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷
- বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীৰ পৰা হেণ্ডকাফ খুলি পলায়ন আচামীৰ। ড্রাগছসহ আটক কৰিছিল সৰবৰাহকাৰী হামিদুল ইছলামক। পৰৱৰ্তী সময়ত আৰক্ষীৰ অভিযানত পুনৰ আটক হামিদুলক। বিলাসীপাৰাৰ হাকামাৰ পৰা আটক কৰা হয় ড্রাগছ সৰবৰাহকাৰীটোক।
- মহানগৰীৰ জালুকবাৰীত নিশা বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ ঘটো। অগ্নিকাণ্ডত ভস্মীভূত কেইবাটাও বাসগৃহ। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই
- ব’হাগ বিহুৰ পূৰ্বে ঘোষণা হ’ব পাৰে মেট্ৰিকৰ ফলাফল। ফলাফল ঘোষণাৰ বাবে সাজু ASSEB। এবছুৰে হোৱা বৈঠকত ASSEB-এ জনালে এই কথা। মে’ মাহৰ প্ৰথম সপ্তাহত ঘোষণা হ’ব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল।
- মঙলবাৰৰ পৰা বলৱৎ হ’ব ৱাকফ (সংশোধনী) আইন-২০২৫। এই সন্দৰ্ভত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছে। মন্ত্ৰালয়ে জনোৱা মতে, ৱাকফ (সংশোধনী) আইন (২০২৫ চনৰ ১৪)ৰ ধাৰা ১ৰ উপ-ধাৰা (২)ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰে এই আইনৰ বিধানসমূহ ৮ এপ্ৰিল-২০২৫ৰ পৰা কাৰ্যকৰী কৰে।
-
ছৌদি আৰৱে নিষিদ্ধ কৰিলে ভাৰতীয়ৰ ভিছা। জুনলৈকে ভাৰতীয় নাগৰিকে নাপাব ছৌদি আৰৱৰ ভিছা। ভাৰত সহ মুঠ ১৪খন দেশলৈ ছৌদি আৰৱৰ নিষেধাজ্ঞা আৰোপ।
- আজি (বুধবাৰে) শ্লোভাকিয়াত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। তেওঁ শ্লোভাক গণৰাজ্য ভ্ৰমণ কৰা দ্বিতীয়গৰাকী ভাৰতীয় ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়। পৰ্তুগাল ভ্ৰমণৰ সামৰণি পৰাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে ভিয়েনাত উপস্থিত হয় আৰু মাজনিশা পথেৰে শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিছলাভাত উপস্থিত হয়।
লগতে পঢ়ক: এই ৰাশিৰ লোকৰ বৃদ্ধি হ’ব ধন-সম্পত্তি! কেনে যাব আপোনাৰ দিনটো? চাওক ৰাশিফল…