Morning Headlines: পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত আগবঢ়োৱা হ'ল-

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত আগবঢ়োৱা হ’ল-
- আজি ৰঙালী বিহুৰ সপ্তম দিন তথা ব’হাগৰ ৬ তাৰিখ। আজি ৰাজ্যবাসীয়ে পালন কৰিব চেৰা বিহু । প্ৰতিটো বিহুৰ দৰে ৰঙালীৰ চেৰা বিহুৰো বিশেষ গুৰুত্ব আছে।
- বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলৰ দৰে বৃহৎ মঞ্চত ১৪ বৰ্ষীয় এই কিশোৰ বৈভৱ সূৰ্যবংশীয়ে শনিবাৰে সৃষ্টি কৰিলে ইতিহাস, দেখুৱালে চমক। জয়ছোৱালৰ সৈতে ৰাজস্থানৰ ইনিংছ মুকলি কৰিবলৈ আহি বৈভৱে ভাৰতীয় দলৰ তাৰকা খেলুৱৈ শ্বাৰ্দুল ঠাকুৰে কৰা প্ৰথম অভাৰৰ চতুৰ্থটো বলত নিজ আই পি এল কেৰিয়াৰৰ প্ৰথমটো বলৰ মুখামুখি হয় আৰু নিজৰ অভিষেক বলটোতে ৮০ মিটাৰৰ এটা বৃহৎ ছয় কোবাই বৈভৱে সকলোকে স্তম্ভিত কৰি তোলে।
- বিদায় মোৰ সোণ… ভাতৃৰ মৃত্যুত আৱেগিক পোষ্ট কণ্ঠশিল্পী জুবলীৰ। তেজৰ সম্পৰ্ক নহ’লেও নিজৰ ভাতৃ আছিল তেজয় বৰুৱা। লখিমপুৰৰ শিখ সম্প্ৰদায়ত জন্ম গ্ৰহণ যুৱকজনৰ প্ৰকৃত নাম তাজিন্দৰ সিং।
- প্ৰেমৰ বাবে লিংগ সলনি কৰি ল’ৰা হৈ পৰিল ছোৱালী, পিছে সেই প্ৰেমিকে আনক পায় তেওঁক দিলে হত্যাৰ ভাবুকি। বিহাৰৰ বেগুছৰাইত সংঘটিত হৈছে এই ঘটনা।
- এক ভয়ংকৰ, শিহৰণকাৰী দৃশ্য, নদীৰ মাজতে জ্বলি উঠিল এখন যাত্ৰীবাহী নাওত। শোকাৱহ ঘটনাটোত এতিয়ালৈকে ১৪৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন লোক নিৰুদ্দেশ হৈছে। এই খবৰ আফ্ৰিকান দেশ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো ((DRC))ৰ পৰা আহিছে।
- আকৌ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। মুখ্যমন্ত্ৰীয়ে শনিবাৰে নতুন দিল্লীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণিৰ বাবে আনুষ্ঠানিক নিমন্ত্ৰণ জনাই প্ৰধানমন্ত্ৰী মোদীক।
- বাংলাদেশৰ ৰাজধানী ঢাকাত বৃদ্ধি পাইছে বিষাক্ত বায়ুৰ মাত্ৰা। মহম্মদ ইউনুছৰ চহৰ ঢাকাক আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে বিবেচিত হৈছে। চহৰখনৰ বায়ুৰ গুণাগুণ আৰু প্ৰদূষণৰ ৰেংকিঙ অনুসৰি ঢাকাৰ বায়ুক “অস্বাস্থ্যকৰ” বুলি অভিহিত কৰিছে।
- নিশা মৰাণৰ খোৱাঙত ভয়কৰ পথ দুৰ্ঘটনা। ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে চাৰিচকীয়া বাহনে। দুৰ্ঘটনাত দুমহীয়া শিশুসহ তিনিজন লোক গুৰুতৰভাৱে আহত। আহতসকলক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ AMCHলৈ প্ৰেৰণ কৰে।
- ৰাজ্যৰ একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকত ধনৰ বিনিময়ত ফাদিল কৰাৰ অভিযোগত শুকুৰবাৰে অসম আৰক্ষীৰ চিআইডিয়ে এখন চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰজনে অংশকালীন শিক্ষক হিচাপেও কাম কৰিছিল ।