Morning Headlines: পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত আগবঢ়োৱা হ'ল-

Morning Headlines: পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

Updated On: 

24 Apr 2025 08:03 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • পুনৰ এনকাউন্টাৰ! এইবাৰ যোৰহাটত গৰজিল আৰক্ষীৰ বন্দুক। বেদাংগ ভূষণ বৰুৱাৰ হত্যাৰ লগত জড়িত মূল অভিযুক্তলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। পুৱতি নিশা আৰক্ষীয়ে তদন্তৰ বাবে নিয়াৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল অভিযুক্ত আব্দুল নুৰ ওৰফে ৰিজুৱে।
  • কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰা অসমৰ এগৰাকী অধ্যাপকে। তেওঁ কয় যে কলিমা পঢ়িব জনাটোৱেই তেওঁৰ বাবে সৌভাগ্যৰ কথা হৈ পৰিল আৰু ইয়াৰ বাবেই তেওঁৰ জীৱন ৰক্ষা পৰিল ।
  • পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, কালি পহলগামত যি ঘটনা সংঘটিত হৈছিল সেয়া অতি নিন্দনীয়, দুখজনক। একত্ৰিত হৈ থাকিব লাগি হিন্দুসকল।
  • পাকিস্তানৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ভাৰত। পাকিস্তানক পাঠ শিকাবলৈ সিন্ধু জল চুক্তি বাতিল কৰা হয় । ইয়াৰ উপৰিও আট্টাৰী-ৱাঘা সীমান্ত চেক প’ষ্ট বন্ধ কৰাৰ সিদ্ধান্তও লোৱা হয় । পাকিস্তান উচ্চায়ুক্তৰ পৰা ৫ জন সহায়ক কৰ্মচাৰী আঁতৰাই ভাৰতৰ-পাক উচ্চায়ুক্ত বন্ধ কৰাৰ সিদ্ধান্তৰ সমান্তৰালকৈ তিনিওটা সেনা বাহিনীকে সতৰ্ক কৰি দিছে ।
  • ভাৰতৰ কূটনৈতিক প্ৰতিশোধত শংকিত পাকিস্তান! SAARC Visa Rehemption Scheme ৰ অধীনত পাকিস্তানী নাগৰিকক ভাৰত ভ্ৰমণৰ অনুমতি দিয়া নহ’ব, আৰু পূৰ্বে প্ৰদান কৰা SPES ভিছা বাতিল কৰা হ’ব । ভাৰতৰ সীমান্তত উপস্থিত পাকিস্তানী নাগৰিকক ৪৮ ঘন্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে ।
  • পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অমৰনাথ যাত্ৰাৰ ক্ষেত্ৰতো শংকাৰ সৃষ্টি হৈছে । এইবাৰ ৩ জুলাইৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা । যদি আপুনি খোজকাঢ়ি যাত্ৰা কৰিব নিবিচাৰে, তেন্তে ভ্ৰমণৰ বাবে হেলিকপ্টাৰ সুবিধাও উপলব্ধ ।
  • ক্ৰীড়া বিভাগৰ উদ্যোগত সৰুসজাইত সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫ ৰ প্ৰস্তুতি শিবিৰ। অহা ৪ ৰ পৰা ১৫ মে’লৈ অনুষ্ঠিত হ’বলগা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে।
  • বুধবাৰে আইপিএল মেচত নাথাকিল চিয়াৰলিডাৰ আৰু ফায়াৰৱৰ্ক । ক’লা আৰ্মবেণ্ড পৰিধান কৰি এক মিনিটৰ বাবে মৌনতা অৱলম্বন কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু মুম্বাই ইণ্ডিয়ানছৰ খেলুৱৈসকলে। পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত সকলোলৈ জনালে শ্ৰদ্ধাঞ্জলি।
  • সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহয়! ভাৰতীয় চলচ্চিত্ৰ জগতৰ বহু তাৰকাই পহলগামত সংঘটিত হোৱা আক্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
Related Stories
অসমৰ এগৰাকী সাংসদে ১৫ দিন ধৰি পাকিস্তানত আছিল, তাতেই নামাজ পঢ়িব শিকি আহিছিলঃ হিমন্ত বিশ্ব শৰ্মা
সন্ত্ৰাসবাদীৰ আক্ৰমণ দেখি আওঁৰাইছিল কলিমা, মৃত্যুৰ দুৱাৰ দলিৰ পৰা প্ৰাণ লৈ উভতিল অসমৰ এগৰাকী অধ্যাপকৰ পৰিয়াল
“একত্ৰিত হৈ থাকিব লাগি হিন্দুসকল”,পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকলৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী শৰ্মাৰ
উভতি নহা বাটেৰে গ’ললৈ বেহাৰবাৰীৰ ‘বসু দা’, জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ
Morning Headlines: ৰাজ্যৰ পৰা বিশ্বলৈ… পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
চিকিৎসাৰ অজুহাতত লৈ গৈ ককাকে ৫০০০ টকাত বিক্ৰী কৰিছিল নাতিনীয়েকক, ১১ মাহৰ মূৰত উদ্ধাৰ কৰে গুৱাহাটী আৰক্ষীয়ে…
মুখৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণসমূহ কি কি? সবিশেষ জানক
দাঁতৰ বিষ হয় নেকি? তেন্তে এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ মুখত বাৰে বাৰে ঘাঁ হয় নেকি? তেন্তে জানক ইয়াৰ কাৰণ...
গৰমৰ দিনত ডায়েৰিয়া বা পেট বেয়া হ'লে কি কৰিব? জানক