Advantage assam 2.0: ২৪. ২৫ আৰু ২৬ ফেব্ৰুৱাৰীৰ বাবে গুৱাহাটী যান-বাহন আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা…
Traffic rule Guwahati: আজি গুৱাহাটীত অনুষ্ঠিত হব ঝুমইৰ বিনন্দীায়া অনুষ্ঠান। তাৰ পাছতে কাইলৈৰ পৰা আৰম্ভ হ'ব এডভান্টেজ আছাম। এই অনুষ্ঠানৰ পূৰ্বে মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে বিশেষ পথ নিৰ্দেশনা।

গুৱাহাটী ট্ৰেফিক
এডভান্টেজ আছাম ২.০ (Advantage assam 2.0) ৰ প্ৰতি লক্ষ্য় ৰাখি গুৱাহাটী আৰক্ষীয়ে ২৪,২৫ আৰু ২৬ ফেব্ৰুৱাৰীৰ বাবে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত ২৩ ফেব্ৰুৱাৰীত এই জাননী জাৰি কৰি মহানগৰ প্ৰশাসনে কয় যে, ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছামৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ যান-বাহন নিৰ্দেশনা জাৰি কৰা হৈছে। সৰুসজাই ষ্টেডিয়াম আৰু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীৰ সময়ত শিশু, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে পথ সুবিধাজনক কৰিবলৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
জাননীত উল্লেখ কৰা অনুসৰি এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনী বা জৰুৰীকালীন সেৱাৰ বাহনৰ বাবে কোনো বাধা নাই। ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ঝুমইৰ বিনন্দীয়া অনুষ্ঠানৰ বাবে নিৰ্দেশনাসমূহ তলত উল্লেখ কৰা হ’ল-
- গোল্ড পাছযুক্ত বাহন সোমাব পাৰিব 1B গেটেৰে।
- গোল্ড পাছযুক্ত বাহন ৰখাব লাগিব ইন্দোৰ ষ্টেডিয়ামৰ সন্মুখত।
- ড্ৰপ অফ বাহনসমবহ প্ৰৱেশ কৰিব 1B গেটেৰে।
- ড্ৰপ অফ বাহনসমূহ ৰখাব লাগিব AEGCL ত
- গ্ৰীণ পাছযুক্ত বাহন সোমাব পাৰিব 1B গেটেৰে।
- প্ৰৱেশ পত্ৰ লাভ কৰা অন্যসকলে 1C গেটেৰে খোজ কাঢ়ি সোমাব লাগিব।
এডভান্টেজ আছামৰ বাবে খানাপাৰ খেলপথাৰত প্ৰৱেশ কৰাৰ নিৰ্দেশনাসমূহ-
- SAFFRON পাছযুক্ত বাহনে খেলপথাৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব।
- ছায়েন্স চেন্টাৰৰ ৪ নং গেটেৰে এই বাহন প্ৰৱেশ কৰিব পাৰিব।
- ৩ নং গেটেৰে ওলাই আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ চৌহদত ৰাখিব লাগিব।
- তিনিকোণীয়া SAFFRON, GOLD পাছযুক্ত বাহনে প্ৰৱেশ কৰিব ৬ নং গেটেৰে।
- প্ৰস্থান কৰিব ৯ নং গেটেৰে।
- অনুষ্ঠানৰ দায়িত্বত থকাসকলে বাহন ৰখাব লাগিব ৰেচম বিভাগৰ খেলপথাৰত।
- Silver, Bronze, Bule, green পাছযুক্ত বাহন প্ৰৱেশ কৰিব ৭ নং গেটেৰে।
- খানাপাৰাৰ জি এম চি পাৰ্কিঙত ৰাখিব এই বাহন।
- ৰোহিকা গেষ্ট হাউচ, আই এছ বি টিকে ধৰি কেইবাস্থানত বাহন ৰখোৱাৰ ব্যৱস্থা।
- VVIP ৰ প্ৰস্থানৰ পাছতহে অন্যৰ বাবে মুকলি হব ১০ নং গেট।
অন্য খবৰ পঢ়কঃ ঝুমেইৰ বিনন্দীয়াঃ সৰুসজাই ষ্টেডিয়ামত প্ৰায় ৯০০০ শিল্পীয়ে আজি পৰিৱেশন কৰিব ঝুমুৰ নৃত্য…