Jorhat Road Accident : যোৰহাট চহৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত মহিলা, আহত শিশুসহ তিনি গৰাকী…

পুৱাই যোৰহাট চহৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । সূত্ৰ খবৰ অনুসৰি, এখন স্কুটিত অহা তিনি মহিলাক মহতিয়াই নিয়ে এখন তীব্ৰ বেগী বাছে । এই ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ বিপৰীতে শিশুসহ আন দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ।

Jorhat Road Accident : যোৰহাট চহৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত মহিলা, আহত শিশুসহ তিনি গৰাকী...

প্ৰতিনিধিত্বমূলক ফটো

Updated On: 

10 Nov 2024 09:52 AM

আজি ৰাতিপুৱাই যোৰহাট চহৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । সূত্ৰ খবৰ অনুসৰি, এখন স্কুটিত অহা তিনি মহিলাক মহতিয়াই নিয়ে এখন তীব্ৰ বেগী বাছে । এই ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ বিপৰীতে শিশুসহ আন দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । যোৰহাট চহৰৰ মাজমজিয়া নিৰ্মল চাৰিআলিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো ।

সূত্ৰ খবৰ অনুসৰি, বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰ বেগী বাছে এখন স্কুটীত আহি থকা তিনিগৰাকী মহিলাক খুন্দ মৰাৰ ফলতে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটো । জানিব পৰা মতে, আজি পুৱা প্ৰায় ৬.৩০ বজাত AS 03 V 5277 নম্বৰৰ এখন স্কুটিত তিনি গৰাকী মহিলা এটি কেঁচুৱাসহ নিৰ্মল চাৰিআলি পাৰ হৈ ঢাকাইপট্টিলৈ সোমাবলৈ লোৱা সময়তে ভুল দিশৰ পৰা অহা AS 03 BC 5388 নম্বৰৰ অমৰনাথ নামৰ এখন তীব্ৰ বেগী বাছে মহতিয়াই নিয়ে।

জানিব পৰা মতে, বাছখনৰ খুন্দাত স্কুটিত থকা মহিলা কেইগৰাকী আৰু কোলাত থকা কেঁচুৱাটি উফৰি পৰে । গুৰুতৰভাৱে আহত শিশুসহ আটাইকেইগৰাকীকে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে । সূত্ৰৰ খবৰ অনুসৰি, এই দুৰ্ঘটনাত ছ’নিয়া শ্বেখ নামৰ মহিলা গৰাকীৰ মৃত্যু হয়। মহিলা গৰাকীক জেএমচিএইচত ভৰ্তি কৰা হৈছিল যদিও তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে ।

জানিব পৰা মতে, জুনু বেগম নামৰ মাতৃ গৰাকী তেওঁৰ কেঁচুৱাটিক লগত লৈ ভগ্নী ৰিমা বেগমৰ সৈতে গোলাঘাটৰ পৰা ঢাকাইপট্টিলৈ আহিছিল । তেওঁলোকক স্কুটিলৈ নিজ ঘৰলৈ আগবঢ়াই আনিবলৈ গৈছিল ছ’নিয়া শ্বেখে । কেঁচুৱাসহ মহিলা কেইগৰাকী স্কুটীত আহি থকাৰ সময়তে তীব্ৰ বেগী বাছখনে মহতিয়াই নিয়ে । আহত মহিলা কেইগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

ইফালে স্থানীয় লোকে সদৰী কৰা মতে, বাছখন ভুল দিশত আহিছিল বুলি জানিব পৰা গৈছে । ইফালে বাছখনৰ চালকক উত্তেজিত লোকে আক্ৰমন কৰিবলৈ উদ্যত হৈছিল যদিও স্থানীয় আৰক্ষীৰ উপস্থিতি পৰিস্থিতি নিয়ন্ত্ৰণত আহে ।

ছালৰ উজ্বলতা বঢ়াবলৈ ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী...
বিশ্বৰ সবাতোকৈ দৰিদ্ৰ দেশ কেইখন, য'ত এজন ব্যক্তিৰ বছৰি আয় মাত্ৰ ৬০ হাজাৰ টকা...
দেশৰ এখন অভিশপ্ত নদী, যাক স্পৰ্শ কৰিবলৈ ভয় কৰে মানুহে, কাৰণ..
কলি যুগ শেষ হ'বলৈ আৰু কিমান বছৰ বাকী আছে?