5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা! মহিলা, আৰক্ষীৰ কনিষ্টবলসহ ৩জনৰ কৰুণ মৃত্যু

তথ্য অনুসৰি, ১৮ ডিচেম্বৰ বুধবাৰে নিশা কাকপথাৰৰ নৱজ্যোতিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই মৰ্মান্তিক পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত এগৰাকী মহিলা আৰু অৰুণাচল প্ৰদেশৰ এজন আৰক্ষী কনিষ্টবলকে ধৰি তিনিজন লোকৰ মৃত্যু হয়। কাকপথাৰৰ সীমাত ৰখাই থোৱা এখন ডাম্পাৰত হুণ্ডাই i10 বাহনে মুখামুখিকৈ ​​খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।

তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা! মহিলা, আৰক্ষীৰ কনিষ্টবলসহ ৩জনৰ কৰুণ মৃত্যু
কাকপথাৰৰ নৱজ্যোতিত ভয়াৱহ পথ দুৰ্ঘটনা
trishna-kalita
Trishna Kalita | Updated On: 19 Dec 2024 11:27 AM

পুনৰ ৰাজ্যত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত মহিলাসহ তিনিগৰাকী লোকৰ কৰুণ মৃত্যু। ডাম্পাৰ-110 বাহনৰ মুখামুখি সংঘর্ষত নিঃশেষ হৈ গ’ল তিনিটাকৈ প্ৰাণ। তিনিচুকীয়াৰ কাকপথাৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। চালকৰ আসনত আছিল অৰুণাচল আৰক্ষীৰ এজন কনিষ্টবল।

তথ্য অনুসৰি, ১৮ ডিচেম্বৰ বুধবাৰে নিশা কাকপথাৰৰ নৱজ্যোতিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই মৰ্মান্তিক পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত এগৰাকী মহিলা আৰু অৰুণাচল প্ৰদেশৰ এজন আৰক্ষী কনিষ্টবলকে ধৰি তিনিজন লোকৰ মৃত্যু হয়। কাকপথাৰৰ সীমাত ৰখাই থোৱা এখন ডাম্পাৰত হুণ্ডাই i10 বাহনে মুখামুখিকৈ ​​খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটো ইমানে বেছি ভয়ংকৰ আছিল যে i10 বাহনখনত থকা মহিলাগৰাকীকে ধৰি তিনিওজন যাত্ৰীৰ মৃত্যু হয়।

হুণ্ডাই i10 বাহনখনৰ চালক অৰুণাচল প্ৰদেশৰ আৰক্ষী কনিষ্টবল নাৰায়ণ ডুবেৰো দুৰ্ঘটনাটোত মৃত্যু হয়। দুৰ্ঘটনাৰ পাছত সংকটজনক অৱস্থাত কনিষ্টবল নাৰায়ণ ডুবেক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।  নিহত লোককেইজন নৱনিযুক্ত কনিষ্টবল নাৰায়ন ডুবে আৰু তেওঁৰ পত্নী আৰু পুত্ৰ বুলি সন্দেহ কৰা হৈছে ৷ তিনিচুকীয়াৰ পৰা অৰুণাচল গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷  অৱশ্যে, এতিয়াও জানিব পৰা হোৱা নাই ডাম্পাৰটোৰ চালকজনক পৰিচয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকে আৰক্ষীক দুৰ্ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ তাৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ দুর্ঘটনা সংঘটিত কৰা 110 বাহনখনৰ নম্বৰ AS04 H0811।  ডাম্পাৰখনৰ নম্বৰ AR17 5319। এতিয়ালৈকে প্ৰাৰম্ভিক তদন্তত দুৰ্ঘটনাটোৰ সংঘটিত হোৱা দুটাকৈ মূল কাৰকৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে: ডাম্পাৰৰ দৃশ্যমান নোহোৱা আৰু ভুল পাৰ্কিং। কোৱা হৈছে যে ডাম্পাৰখন এনেদৰে ৰখাই থোৱা হৈছিল য’ত i10 বাহনখনে সংঘৰ্ষৰ পূৰ্বে ডাম্পাৰৰ উপস্থিতি লক্ষ্য কৰাটো সম্ভৱ নাছিল। জ্বলোৱা নাছিল ৰখাই থোৱা ডাম্পাৰখনৰ পাকিং লাইট। কুৱলীৰ বাবেও এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ। এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ কাৰণ স্পষ্ট কৰিবলৈ ইতিমধ্যে আৰম্ভ হৈছে তদন্ত।

তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি যোৱাৰ লগে লগে দুৰ্ঘটনাটোৰ শেহতীয়া আপডেট প্ৰকাশ পোৱা সম্ভাৱনা ব্যক্ত কৰা হৈছে। এই ক্ষেত্ৰত ভুক্তভোগী পৰিয়াললৈ সমবেদনা প্ৰেৰণ কৰাৰ লগতে ভৱিষ্যতে এনেধৰণৰ ঘটনা যাতে ৰোধ কৰিব পৰা যায় তাৰ বাবে এই বিষয়ত বিস্তৃত তদন্ত হ’ব বুলি আশ্বাস প্ৰদান কৰিছে স্থানীয় কৰ্তৃপক্ষই।

Latest News