সোণাপুৰৰ ৰাজপথত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ৩ জন

জাগীৰোডৰ পৰা গুৱাহাটী দিশে আহি আছিল বাহনখন।  সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে তীব্ৰবেগী মালবাহী বাহন এখনে। ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱাইছে ৩ জনকৈ লোক। সোণাপুৰৰ যোগদলত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

সোণাপুৰৰ ৰাজপথত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ৩ জন

সোণাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

Updated On: 

27 Mar 2025 11:15 AM

পুনৰ ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰিলী।  বৃহস্পতিবাৰে পুৱাই ৰাজ্যত সংঘটিত হৈছে আন এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৩ জন লোক। ৰখাই থোৱা ট্রাকত প্রচণ্ড খুন্দা মাৰে চাৰিচকীয়া বাহনখনে।  যাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰা মতে জাগীৰোডৰ পৰা গুৱাহাটী দিশে আহি আছিল বাহনখন।  সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে তীব্ৰবেগী মালবাহী বাহন এখনে। ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱাইছে ৩ জনকৈ লোক। সোণাপুৰৰ যোগদলত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো। এতিয়াও উদ্ধাৰ কৰিব হোৱা নাই দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিচয় ।

ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষীৰ লোক। আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহকেইটা। AS-01PC-5651 ট্ৰাকখন পথৰ কাষত ৰখাই থোৱা আছিল, তেতিয়াই তীব্ৰবেগী মালবাহী বাহনে খুন্দা  মাৰে । দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS-21AC-3309। আৰক্ষী সূত্ৰই জনোৱা মতে, খবৰ দিয়া হৈছে মৃত ব্যক্তিকেইজনৰ পৰিয়ালৰ লোকক। তেওঁলোক ইতিমধ্যে ঘটনাস্থলী অভিমূখে ৰাওনা হৈছে। পৰিয়ালৰ লোক আহি পোৱাৰ পাছতহে মৃত ব্যক্তিকেইজনৰ পৰিচয় উদ্ধাৰ হ’ব।

বৰ্তমান সোণাপুৰ জিলা চিকিৎসালয় ৰখা হৈছে আটাইকেইটা মৃতদেহ।  দুৰ্ঘটনাটো কেতিয়া সংঘটিত এই সন্দৰ্ভত কোনো তথ্য নাই। বৃহস্পতিবাৰে পুৱাহে স্থানীয় লোকে প্ৰত্যক্ষ কৰে দুৰ্ঘটনাত পতিত বাহনখন। বহু সময়ধৰি বাহনখনৰ ভিতৰতে আৱদ্ধ হৈ থাকে লোকে কেইজন।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে,  পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল যে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ট্ৰাক ৰখাব নোৱাৰিব। কিন্তু তাৰ পাছতো কিয় ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথত দাঁতি ৰখাই থৈছিল? ইতিমধ্যে ৰখাই থোৱা ট্ৰাকৰ বাবে পূৰ্বে বহু দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। তাৰ পাছতো কিয় নিমাত যান-বাহন আৰক্ষী বা প্ৰশাসন ব্যৱস্থা?

Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...