দলগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত ২ বাইক আৰোহী, গুৰুতৰভাৱে আহত দুজন
পুনৰ তীব্ৰবেগী ট্ৰাকৰ খুন্দা নিহত হ'ল মহিলাসহ দুজন লোক। থান-বান হৈ গ'ল এটা পৰিয়াল। কণমানি সন্তানক এৰি বিদায় মাগিলে পিতৃ-মাতৃয়ে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শিশুসহ দুজন। তীব্ৰবেগী ট্ৰাক মহতীয়াই লৈ গ'ল এখন বাইকক। দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ দুৰ্ঘটনা। পুনৰ তীব্ৰবেগী ট্ৰাকৰ খুন্দা নিহত হ’ল মহিলাসহ দুজন লোক। থান-বান হৈ গ’ল এটা পৰিয়াল। কণমানি সন্তানক এৰি বিদায় মাগিলে পিতৃ-মাতৃয়ে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শিশুসহ দুজন। তীব্ৰবেগী ট্ৰাক মহতীয়াই লৈ গ’ল এখন বাইকক। দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
দৰং জিলাৰ দলগাঁৱৰ শিলবৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। তীব্ৰবেগী ট্ৰাকৰ চেপাত থিতাতে প্ৰাণ হেৰুৱালে মহিলাসহ দুজন লোকে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শিশুসহ দুজন। সংকটকজনক অৱস্থাত অৱস্থাত আহতসকলক মঙলদৈ অসামৰিক চিকিৎসালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনা সংঘটিত কৰা মালবাহী ট্ৰাকখনৰ নম্বৰ AS 01KC 1721। আনহাতে দুৰ্ঘটনাত পতিত বাইখনৰ নম্বৰ AS 13S 4809 ।
জানিব পৰা মতে শিলবৰীৰ পৰা দলগাঁও অভিমুখী আহি আছিল বাইকখন। সেই সময়তে একে দিশৰ পৰা অহা তীব্ৰবেগী মালবাহী ট্ৰাকখনে বাইকখন মহতীয়াই লৈ যায়। ট্ৰাকে পাছফালৰ পৰা খুন্দিয়াই প্ৰায় ২০ মিটাৰ মহটিয়াই নিয়ে বাইক আৰোহীক। যাৰ ফলত থিতাতে নিহত হয় বাইকখনত থকা দুজনকৈ লোক। বাইকখনত আছিল মুছলিমুদ্দিনসহ পৰিয়ালটোৰ আন ৩গৰাকী সদস্য। মুছলিমুদ্দিনৰ দুজন কণমানি সন্তান আৰু পত্নী আছিল।
দলগাঁৱৰ অসম মালা পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাত পতিত পৰিয়ালটোৰ ঘৰ দলগাঁৱৰ টকীমাৰীত । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই ওচৰেদি পাৰ হৈ যোৱা ২ লাইনযুক্ত পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। ওৰাং শিলবৰি বজাৰৰ ওচৰতে সংঘটিত হৈছে দুৰ্ঘটনাটো। পথ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় দলগাঁও আৰক্ষী দল। দুৰ্ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
ইফালে দুৰ্ঘটনাটোৰ পাছতে ঘটনাস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। দুৰ্ঘটনাটোক লৈ ক্ষোভিত হৈ পৰিছে ৰাইজ। ঘটনাস্থলীত ভিৰ কৰে অসংখ্য লোকে। প্ৰত্যক্ষদৰ্শীৰ মতে ট্ৰাকখনৰ চালকৰ ভুলৰ বাবে সংঘটিত হৈছে এই দুৰ্ঘটনাটো। ট্ৰাকখন তীব্ৰবেগত থকা বুলিও জনাই প্ৰত্যক্ষদৰ্শীয়ে। ৰাইজৰ মতে পথটোৰ দুয়োকাষে আছে দোকান। যাৰ বাবে ঠাইখিনিত প্ৰায়ে যান-জটঁৰ সৃষ্টি হয়। লগতে সেই পথটোত স্পীডব্ৰেকাৰ নাই বুলি উল্লেখ কৰে প্ৰত্যক্ষদৰ্শীয়ে। শীঘ্ৰে দোকানসমূহ উচ্ছেদ কৰি স্পীডব্ৰেকাৰৰ ব্যৱস্থা কৰাৰ দাবী ৰাইজৰ।
এতিয়া প্ৰশ্নটো হ’ল কিয় ৰাষ্ট্ৰীয় ঘাইপথত চলা ট্ৰাকৰ দৌৰাত্মক নাকী লগাব পৰা নাই প্ৰশসানে? যাৰ বাবে নিতৌ সংঘটিত হয় এনে ঘটনা। এনেবোৰ ঘটনাৰ দ্বায়িত্ব ল’ব কোনে? সদায় এনেকৈয়ে ট্ৰাকৰ দৌৰাত্মৰ বাবে জীৱন ত্যাগ কৰিয়ে থাকিব লাগিব নেকি নিৰীহ লোকে?