পূজাৰ আনন্দ-উছাহৰ মাজতে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা! প্ৰাতঃভ্ৰমণলৈ যোৱা ৪ শিশুৰ কৰুণ মৃত্যু

ধুবুৰীৰ সোণাখুলিত পথ দুৰ্ঘটনাত ৪ শিশুৰ কৰুণ মৃত্যু। প্ৰাতঃভ্ৰমণলৈ যোৱা একেটা পৰিয়ালৰ চাৰিটা শিশুক মহটিয়াই চাৰিচকীয়া বাহনে। দুৰ্ঘটনা থিতাতে নিহত তিনিটাকৈ শিশু, চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় আন এটি শিশুৰ। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন চাৰিচকীয়া বাহনৰ।

পূজাৰ আনন্দ-উছাহৰ মাজতে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা!  প্ৰাতঃভ্ৰমণলৈ যোৱা ৪ শিশুৰ কৰুণ মৃত্যু

ধুবুৰীত দুৰ্ঘটনাত ৪ শিশুৰ মৃত্যু

Updated On: 

11 Oct 2024 20:31 PM

পূজাৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ধুবুৰীৰ সোণাখুলিত পথ দুৰ্ঘটনাত ৪ শিশুৰ কৰুণ মৃত্যু। প্ৰাতঃভ্ৰমণলৈ যোৱা একেটা পৰিয়ালৰ চাৰিটা শিশুক মহটিয়াই চাৰিচকীয়া বাহনে। দুৰ্ঘটনা থিতাতে নিহত তিনিটাকৈ শিশু, চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় আন এটি শিশুৰ। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন চাৰিচকীয়া বাহনৰ।

নিহত শিশুকেইটি হ’ল মৰিয়ম খাতুন, জুবায়েৰ হুছেইন, মেহেদী হাছান আৰু আবু ৰিহান । ৰাতিপুৱা আবু ৰিহান নামৰ ৪০ দিনীয়া শিশুটিক কোলাত লৈ তিনিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থিয় হৈ আছিল।তেনেতে তীব্ৰ বেগত অহা এখন কিয়া ছনেট বাহনে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকক মহতিয়াই নিয়ে ৷

পথ দুৰ্ঘটনা সংঘটিত কৰা তীব্ৰবেগী বাহনখনৰ নম্বৰ AS-17 L-6331 । ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলীত আগমনী আৰক্ষী উপস্থিত হৈ বাহনখন জব্দ কৰে ৷

ইফালে সৰভোগৰ মেজি ৰিছোৰ্টৰ সন্মুখতো এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰ বেগী কে টি এম বাইক আৰু স্কুটিৰ মাজত সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে তীব্ৰবেগী কে টি এম বাইকখনে স্কুটিখনৰ পাছফালে খুন্দা মাৰে। এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হৈছে প্ৰকাশ বিশ্বাস নামৰ এগৰাকী যুৱক। আনহাতে দুৰ্ঘটনাত আহত হৈছে উত্তম মণ্ডল,বিজয় সাহা আৰু নিবেদিকা ভৌমিক নামৰ তিনিজন। তেওঁলোকক সৰভোগৰসমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।

শোণিতপুৰ জিলাৰ বালিপৰাত পুৱাই উদ্ধাৰ হৈছে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা এজন ব্যক্তিৰ লগতে এজন আহত ব্যক্তিও।  ৰাজপথতে পৰি থকা দুই ব্যক্তিৰ ইতিমধ্যে দুৰ্ঘটনাত মৃত্যু হোৱাৰ বিপৰীতে আন এজন আহত অৱস্থাত আছে।পাছত আৰক্ষীক খবৰ দিয়াত আহত যুৱকজনক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু নিহত ব্যক্তিজনকো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে, যুৱক দুজনক তেজপুৰৰ চটাইচাপৰি মগৰবস্তিৰ সৰ্জো ঘোষ আৰু ৰাহুল থাপা বুলি চিনাক্ত কৰা হৈছে।

 

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...