যুৰীয়া আঁহতৰ তলৰ পৰা ইউটিউবলৈ, বিহুগীতৰ পৰিৱৰ্তনৰ ধাৰা
সময়ৰ লগে লগে বিহুকো পৰিৱৰ্তনৰ বতাহে কোবাইছে । পূৰ্বৰ গছতলৰ বিহু মঞ্চলৈ আহিল, পাৰম্পৰিক উদযাপনৰ পৰা এতিয়া বিহুৱে জাক-জমকতাৰে পালনৰ প্ৰতিযোগিতালৈও গতি কৰিলে । সেইদৰে পৰিৱৰ্তন আহিল বিহুগীতৰ ক্ষেত্ৰতো । পুৰণি বিহুনামৰ আলম লৈ ৰচিত হ'ল আধুনিক বিহুগীত, বিহুসুৰীয়া গীত আদি । যিয়ে বিহুক এক নতুন মাত্ৰা প্ৰদান কৰিলে ।

আহোম ৰজাৰ দিনত কেনেকৈ বিহু উদযাপন হৈছিল জানেনে?
বসন্ত আহিলে কুলিয়ে বিনালে
গছে-বনে সলালে পাত
কিনো অসমীয়াৰ বিহুটি আহিলে
গৰু ছালে লগালে মাত ।
অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু । ডঃ ভূপেন হাজৰিকাই এটি গীতত উল্লেখ কৰিছিল, “বিহুটি বছৰি আহিবা, অসমী আইক জগাবা, বিপদৰ কালতো মাহ-হালধিৰে জাতিটোৰ দেহ-মন ধুৱাবা…।” হয় বিহু অসমীয়াৰ পৰিচয়, জাতিটোক একত্ৰিত কৰিবলৈ বিহুৱেই আমাক যুগে যুগে প্ৰেৰণা যোগাই আহিছে । এনে কোনো অসমীয়া নোলাব, ঢোলৰ মাত শুনি যাৰ মন ৰাইজাই কৰা নাই । এনে কোনো অসমীয়া নোলাব যি মনৰ উলাহত এফাঁকি বিহুগীত গোৱা নাই । এনে কোনো অসমীয়া হয়তো নাই, বিহু আহিল বুলিয়েই যাৰ মন থৌকি-বাথৌ হোৱা নাই । কাৰণ অসমীয়াৰ দেহৰ সিৰাই উপসিৰাই শিপাই আছে বিহু ।
সময়ৰ লগে লগে বিহুকো পৰিৱৰ্তনৰ বতাহে কোবাইছে । পূৰ্বৰ গছতলৰ বিহু মঞ্চলৈ আহিল, পাৰম্পৰিক উদযাপনৰ পৰা এতিয়া বিহুৱে জাক-জমকতাৰে পালনৰ প্ৰতিযোগিতালৈও গতি কৰিলে । সেইদৰে পৰিৱৰ্তন আহিল বিহুগীতৰ ক্ষেত্ৰতো । পুৰণি বিহুনামৰ আলম লৈ ৰচিত হ’ল আধুনিক বিহুগীত, বিহুসুৰীয়া গীত আদি । যিয়ে বিহুক এক নতুন মাত্ৰা প্ৰদান কৰিলে ।
পূৰ্বতে বিহুনাম সমূহ মুখে মুখে প্ৰচলিত আছিল । কিন্তু বৰ্তমান সময়ত বিভিন্নজন পণ্ডিত, সাহিত্যিকে বিহু সন্দৰ্ভত লেখাসমূহত আলোচনা কৰা দেখা যায় । বিহুগীতৰ উতপত্তি ক’ত, কেতিয়া, কেনেকৈ হৈছিল তাৰ সঠিক উমান পোৱা নাযায় যদিও অসমীয়া লোক-সাহিত্যত বিভিন্ন লেখাত পঢ়িবলৈ পোৱা মতে এই গীতসমূহ তাহানিৰে পৰা মুখে মুখে চলি আহিছে । সুখ, দুখ, প্ৰেম, উল্লাস আদি বিভিন্ন অনুভূতিৰ প্ৰকাশ পায় বিহুগীতত । ডঃ লীলা গগৈৰ ‘নৈ বৈ যায়’ উপন্যাসখনতো বিহুগীতৰ বিষয়ে উল্লেখ আছে । পুৰণি বিহুগীত সমূহত প্ৰকৃতিৰ নিৰ্মোহ বৰ্ণনা দেখা গৈছিল । তাৰ লগতে ডেকা-গাভৰুৱে প্ৰেমৰ ভাৱ আদান-প্ৰদান কৰিবলৈও বিহুগীত জুৰিছিল । পুৰণি বিহুনামসমূহ আছিল এনেধৰণৰ-
নৈ লৈ হালিলে নদালি ভলুকা
পথাৰলৈ হালিলে কাক
বুকুৰে কামিহাঁড় হ’ল ডালি ডালি
কালৈ চিন্তা কৰি থাক ।
বিহুৰ মূল বাদ্য-যন্ত্ৰ হৈছে ঢোল, পেঁপা, গগণা, তাল, সুতুলী, টকা আদি । বিশ্বাস কৰা হয় যে বিহু নচাৰ সময়ত ডেকা-গাভৰুৱে ভৰিৰে যি গিৰিপনি তোলে, সিয়ে প্ৰকৃতিক শস্য সম্ভৱা কৰি তোলে । বসন্তৰ পৰশত ডেকা-গাভৰুৰ মন উৰণীয়া হয় । গছৰ তলত, পথাৰত বিহু মাৰে ডেকা-গাভৰুৱে । হাবিৰ মাজত লুকাই চুৰকৈ মহিলাসকলেও বিহু মাৰে । যাক কোৱা হয় জেং বিহু । মূলতঃ পৰম্পৰাগতভাৱে মুখ বাগৰি চলি অহা বিহুনাম সমূহেই ইয়াত গোৱা হয় । তাৰোপৰি সাত বিহুত গাঁৱে-ভূঞে ঘৰে ঘৰে হুঁচৰি গোৱাৰ নিয়মো আছে । প্ৰথমে ডেকাহঁতে ঘূৰি ঘূৰি হুঁচৰি গায় । তাৰ পাছত ডেকা-গাভৰুৱে মিলি বিহু নাম জোৰে ।
“কৃষ্ণাই মূৰতে বকুল ফুল এপাহি, নিয়ৰ পাই মুকলি হ’ল ঐ গোবিন্দাই ৰাম ।” এইদৰে বিভিন্ন নাম আৰু পদেৰে হুঁচৰি গোৱা হয় । ফুল কোঁৱৰৰ গীত মণিকোঁৱৰৰ গীত আদি মালিতা গোৱা হয় । ডেকাহঁতে লহৰী গায় ধেমালি কৰে । তাৰ পাছত আহে বিহুনাম । বিহুনামৰ মাজতে ডেকা-গাভৰুৱে ইটোৱে-সিটোক জোকায় । কিন্তু তেনেদৰে মানুহৰ চোতালত গোৱা বিহুনামত যৌন গন্ধ নাথাকে, থাকে বিহুৰ প্ৰতি মৰম, হেঁপাহ, প্ৰকৃতিৰ বন্দনা আদি ।
বিহুনামত ঢোল, পেঁপা অবিচ্ছেদ্য অংগ । ঢোল-পেঁপাৰ মাত শুনিলে গাভৰুহঁতে হাতৰ কাম এৰি বিহুতলিলৈ ঢাপলি মেলে বুলিও কোৱা হয় । সেয়ে হয়তো তাহানি বিহুনামত গাইছে-
এইবেলি আহুধান পানীয়ে মাৰিলে
অহা বেলি আহুধান পাম
ম’হৰ শিঙৰ পেঁপাটি বকনিয়াই আনাগৈ
তোমাৰ শপত বিহুলৈ যাম ।
বুহু বিহুনাম আহোম স্বৰ্গদেউসকলকো উদ্দেশ্য কৰিও গোৱা হয় । যেনে-
স্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলৈ
দুলীয়াই পাতিলে দোলা
কাণত জিলিকিলে নৰা-জাংফাই
গাতে গোমচেঙৰ চোলা ।
নদীমাতৃক অসমত নদ-নদীক লৈও বহু বিহুনাম গোৱা হয় । ধনশিৰি, দিখৌ, ভোগদৈ, ব্ৰহ্মপুত্ৰ আজি নদীৰ নাম বিহুগীতত দেখা যায় ।
ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমি খৰি লুৰা ঠাই
উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা
তামোল দি মাতোতা নাই ।
কেতিয়াবা আকৌ গায় এইদৰে-
দিখৌ নৈ এৰিব পাৰোঁ মই লাহৰী
জাঁজী নৈ এৰিব পাৰোঁ
তোমাক ঔ লাহৰী এৰিব নোৱাৰোঁ
নেখায়ো মৰিব পাৰোঁ ।
এয়া আছিল পুৰণি বিহু নাম বা পুৰণি বিহুগীত । য’ত আকাৰে-ইংগিতে প্ৰেম, যৌৱন আদিৰ বিষয়েও উপস্থাপন কৰা হৈছিল । কিন্তু সময়ৰ লগে লগে বিহুগীতবোৰো সলনি হ’বলৈ ধৰিলে । বিহুগীতত ঢোল-তালৰ লগতে ব্যৱহাৰ হ’ল আধুনিক বাদ্য-যন্ত্ৰও । বিহুৰ কেছেট আহিল শ্ৰোতাৰ মাজলৈ । বিহুৰ সময়ত নতুন নতুন বিহুগীতৰ সৈতে কেছেটসমূহ ঘৰে ঘৰে দেখা গৈছিল । বিভিন্নজন শিল্পীৰ কণ্ঠত বাণীবদ্ধ বিহুগীতসমূহে শ্ৰোতাৰ সঁহাৰি লাভ কৰিছিল । মনফাগুনী, মইনা চৰাই মইনা মাত, উজান পিৰিতি, মৰমজান আদি কেছেটবোৰ জনপ্ৰিয় হৈ পৰিছিল । খগেন গগৈ, কৃষ্ণমণি নাথ, জুবিন গাৰ্গ, বিপুল চেতিয়া ফুকন, বিমান বৰুৱা আদি অনেকজন শিল্পী ৰাইজৰ অতি মৰমৰ হৈ পৰিল । এই ক্ষেত্ৰত আমি অৱশ্যে খগেন মহন্তৰ নাম ল’বই লাগিব । লগতে নাম ল’ব লাগিব ভূপেন হাজৰিকা, মহানন্দ মজিন্দাৰ বৰুৱাৰো । তাৰোপৰি আন বহু অগ্ৰজ শিল্পীয়ে বিহুনামৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিছিল ।
কেছেটৰ পাছত লাহে লাহে ভিচিডিয়ে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰে । জানমণি, জোনবাই, অঞ্জনা, ৰাংঢালী আদি ভিচিডিসমূহ দৃশ্য-শ্ৰব্য মাধ্যমৰ জৰিয়তে দৰ্শকৰ মাজলৈ আগবঢ়াই দিয়া হয় । তাতেই বিহুগীতৰ ক্ষেত্ৰত আৰু কিছু পৰিৱৰ্তন আহে । প্ৰভাৱ পৰে আধুনিকতাৰ । সময়ৰ লগে লগে ইয়াৰ ধাৰা সলনি হৈ থাকে । বহু বছৰ ভিচিডিয়ে বজাৰ দখল কৰাৰ পাচত বজাৰখন পৰি আহিবলৈ ধৰে । পাইৰেচিকেই ইয়াৰ মুখ্য কাৰণ বুলি বহুতেই ক’ব খোজে । এতিয়াও প্ৰতি বছৰেই বিহুগীত ৰাইজলৈ আগবঢ়াই শিল্পীসকলে । জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, কৃষ্ণমণি নাথ, কৃষ্ণমণি চুতীয়া, সীমান্ত শেখৰ, বিপিন চাওদাং, প্ৰয়াত ভিটালী দাস, বৰ্ণালী কলিতা, প্ৰিয়ংকা ভৰালী, সুবাসনা দত্তৰ পৰা আৰম্ভ কৰি আচুৰ্য বৰপাত্ৰ, মন্টুমণি, দীপলিনা ডেকা, দ্বিপান্বিতা ডেকা আদি শিল্পীসকলে বিহুগীতৰ দ্বাৰা সমাদৰ লাভ কৰি আহিছে ।
অৱশ্যে পৰিৱৰ্তনৰ ধাৰাত বিহুনাম বহু সময়ত বিতৰ্কতো সোমাই পৰিছে । কেতবোৰ শব্দৰ ব্যৱহাৰে বিহুক বিজতৰীয়া কৰা বুলি বহুজনেই আক্ষেপ কৰা দেখা যায় । তাৰোপৰি বৰ্তমানৰ প্ৰায়বোৰ বিহুগীতক বিহুসুৰীয়া গীত বুলিহে ক’ব খোজে ভিন্নজনে । তথাপি গছ তলৰ বিহুৰ পৰা ইউটিবলৈ বিহু অসমীয়াৰ বাবে আদৰৰ হৈ আছে । আগলৈও বিহুগীতে অসমীয়াৰ হৃদয়ত নিজৰ সুকীয়া স্থান অক্ষুণ্ণ ৰাখিব বুলি ক’ব পাৰি ।