আত্মসমৰ্পণ কৰিলে ধিং কাণ্ডৰ ২ পলাতক অভিযুক্তই! ফৰিদুল ইছলাম, গোলাপ উদ্দিনক গ্ৰেপ্তাৰ

বিগত প্ৰায় ১৫ দিনে আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল ধিং কাণ্ডৰ দুই অভিযুক্ত। পলাতক দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱৰাত অধিক ক্ষুব্ধ হৈ পৰিছিল ধিঙৰ ৰাইজ। খবৰ অনুসৰি নাগালেণ্ডৰ ডিমাপুৰত লুকাই আছিল এজন অভিযুক্ত। আন এজন অভিযুক্তই আত্মগোপন কৰি আছিল হোজাইৰ মোৰাঝাৰত।

আত্মসমৰ্পণ কৰিলে ধিং কাণ্ডৰ ২ পলাতক অভিযুক্তই! ফৰিদুল ইছলাম, গোলাপ উদ্দিনক গ্ৰেপ্তাৰ

ধিং কাণ্ডৰ ২ পলাতক অভিযুক্তৰ আত্মসমৰ্পণ

Published: 

06 Sep 2024 19:38 PM

লুকাই লুকাই অৱশেষত হাৰ মানিলে ৰাজ্য জোকাৰি যোৱা ধিং কাণ্ডৰ ২ পলাতক অভিযুক্তই। নগাঁও সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ফৰিদুল ইছলাম, গোলাপউদ্দিনে। নগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োগৰাকী অভিযুক্তক। গ্ৰেপ্তাৰ কৰি দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

বিগত ১৫ দিনে আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল ধিং কাণ্ডৰ দুই অভিযুক্ত। পলাতক দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱৰাত অধিক ক্ষুব্ধ হৈ পৰিছিল ধিঙৰ ৰাইজ। খবৰ অনুসৰি নাগালেণ্ডৰ ডিমাপুৰত লুকাই আছিল এজন অভিযুক্ত। আন এজন অভিযুক্তই আত্মগোপন কৰি আছিল হোজাইৰ মোৰাঝাৰত। ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত পলাবলৈ লওঁতে পুখুৰীত পৰি মৃত্যু হৈছিল এগৰাকী অভিযুক্ত তফাজ্জুলৰ।

উল্লেখ্য যে, যোৱা ২২ আগষ্টত সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতাৰ পথতে দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক তিনি যুৱকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। নগাঁও জিলাত ধিঙত সংঘটিত হৈছিল এই নাৰকীয় কাণ্ড। এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছতে কিশোৰীগৰাকীক মুমূৰ্ষু অৱস্থাত পথৰ কাষত পেলাই থৈ গৈছিল তিনি অভিযুক্তই। পথচাৰীয়ে উলংগ অৱস্থাত পৰি থকা নাবালিকাগৰাকীক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । লগে লগে আৰক্ষী উপস্থিত হৈ নাবালিকাগৰাকীক উদ্ধাৰ কৰে আৰু ধিং চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।

ঘটনাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছিল মূল অভিযুক্ত তাফাজ্জুলক। তাৰ পাছত আৰক্ষীয়ে অভিযুক্ত তফাজ্জুলক ২৪ আগষ্টৰ পুৱা প্ৰায় চাৰি বজাত এই জঘন্য ধৰ্ষণকাণ্ড সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ গৈছিল আৰু সেই সময়তে আৰক্ষীৰ পৰা পলায়নৰ চেষ্টা কৰি তফজ্জুলে ঘটনাস্থলীৰ সমীপৰ এটা পুখুৰীত জাঁপ দিয়ে। ইয়াৰ ফলত অভিযুক্ত তফজ্জুল ইছলামৰ মৃত্যু হোৱা বুলি সদৰী কৰে আৰক্ষীয়ে।

এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদৰ। ঘটনা সংঘটিত হোৱা ধিং অঞ্চলৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো দোষীৰ কঠোৰ শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ। ইফালে এই ঘটনাৰ পিছতেই ধিং বন্ধ ঘোষণা কৰিছিল আছুৱে।

ঘটনাৰ পাছতে দোষীৰ বিৰুদ্ধে দ্ৰুত কঠোৰ ব্যৱস্থাৰ নিৰ্দেশনা দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। । ধিঙৰ ঘটনাই সামূহিক বিবেকক আঘাত কৰিছে বুলি তেওঁ উল্লেখ কৰিছিল । এই ঘটনাৰে জড়িত দোষীক ৰেহাই দিয়া নহ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতে তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ হৈছিল ।

ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?