শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লখিমপুৰত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দুজনক আটক

Alleged Molestation of Minors in Lakhimpur: নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দুজন অভিযুক্তক আটক কৰিছে লখিমপুৰ আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, নাবালিকাক যৌন নিৰ্যাতনৰ পৃথক পৃথক গোচৰত শুকুৰবাৰে নিশা পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা এই দুই অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ।

লখিমপুৰত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দুজনক আটক
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 24 Aug 2024 16:29 PM

লখিমপুৰত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দুজন অভিযুক্তক আটক কৰিছে লখিমপুৰ আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, নাবালিকাক যৌন নিৰ্যাতনৰ পৃথক পৃথক গোচৰত শুকুৰবাৰে নিশা পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা এই দুই অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে । অভিযোগ অনুসৰি, এগৰাকী ৯ বছৰীয়া নাবালিকাক ক্লাছলৈ যোৱাৰ সময়ত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল এগৰাকী মৌলানাৰ (ধৰ্মীয় শিক্ষক) বিৰুদ্ধে ।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, দুদিন পূৰ্বে এই অভিযোগ উত্থাপন হৈছিল মৌলানা গৰাকীৰ বিৰুদ্ধে । এই ঘটনা সৈতে জড়িত অভিযুক্ত গৰাকী ঘটনা সংঘটিত কৰাৰ দিনৰ পৰা পলাতক অৱস্থাত আছিল । ইফালে দ্বিতীয়টো অভিযোগ উত্থাপন হৈছিল এজন দোকানীৰ বিৰুদ্ধে । অভিযোগ অনুসৰি, নিজৰ দোকানৰ ভিতৰতে এগৰাকী ছোৱালীক যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল আন জন অভিযুক্তই । ইতিমধ্যে অভিযুক্ত দোকানী জনকো আটক কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, এই দুয়োটা গোচৰত অভিযুক্ত দুয়োজন ব্যক্তিৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে দুয়োটা ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ কথা জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ।

উল্লেখ্য যে, এই দুয়োটা ঘটনা পোহৰলৈ অহাৰ পাছতে জিলাখনৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ পৰিলক্ষিত হৈছে । জিলাখনৰ দল সংগঠনে এই ঘটনাক গৰিহনা দিয়াৰ লগতে শনিবাৰে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু দোষীৰ উচিত শাস্তিৰ দাবী উত্থাপন কৰে । স্থানীয় মহিলাসকলেও সাম্প্ৰতিক সময়ত মহিলা, শিশু, যুৱতী কাৰোৰে নিৰাপত্তা নোহোৱা হৈ পৰিছে বুলি ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে ।

INPUT-PTI