যোৰহাটৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ যুৱক,আহত ২ যুৱতী…

এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুই ছাত্ৰৰ। ইয়াৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈ হাস্পাতালত ভৰ্তি হৈ আছে দুইগৰাকী ছাত্ৰী। যোৰহাটত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৰহাটৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ যুৱক,আহত ২ যুৱতী...

পথ দুৰ্ঘটনা

Published: 

13 Mar 2025 11:44 AM

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় প্ৰতিদিনে ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহে। শেহতীয়াকৈ যোৰহাটত সংঘটিত হৈছে আন এক শোকাবহ ঘটনা। য’ত দুজন যুৱকৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱতী দুগৰাকী। আনহাতে মৃত যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

বুধবাৰে যোৰহাটৰ আজান গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা, য’ত দুজনকৈ যুৱকে থিতাতে প্ৰাণ হেৰুৱায় আৰু দুগৰাকী যুৱতী আহত হয়। জানিব পৰা মতে, দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰ দুজন বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিল। দুৰ্ঘটনাত মৃত্যু হোৱা এজন যুৱক গোৱালপাৰাৰ মছতাফা মুজাহিদ আৰু আনজন যোৰহাটৰ লিচুবাৰীৰ ইৰফান হুচেইন বুলি চিনাক্ত হৈছে।

এই পথ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে ভাঙি চুৰমাৰ হৈ যায় বাহনখন। ইয়াৰ বিপৰীতে দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা ছাত্ৰী দুগৰাকীৰ ভিতৰত এগৰাকী যোৰহাটৰ চিনামৰাৰ খুছবু নভেল আৰু আনগৰাকী শোণিতপুৰৰ অৰিণা বড়ো বুলি চিনাক্ত হৈছে। বৰ্তমান দুয়োৰে চিকিৎসা চলি আছে।

তথ্য অনুসৰি যোৰহাটৰ আজান গাঁৱৰ পৰা ৪ ছাত্ৰ-ছাত্ৰীয়ে চাৰিচকীয়া বাহনখনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে। যাৰ ফলত থিতাতে দুই ছাত্ৰই প্ৰাণ হেৰুৱাই আৰু দুগৰাকী আহত হয়। এই আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কাজিৰঙা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল।

নিহত মছতাফা মুজাহিদৰ ঘৰ গোৱালপাৰা চহৰৰ ২ নম্বৰ কল্পনা নগৰত। তেওঁৰ পিতৃৰ নাম আবুল কালাম। এই ঘটনাৰ পাছতেই  একমাত্ৰ সন্তানক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে পিতৃ-মাতৃ। MBAৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ আছিল মৃত মছতাফা মুজাহিদ। আজি মৃত দুই ছাত্ৰৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব।

ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাতপতিত হোৱা বাহনখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অন্তত এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। এই ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ