হত্যা নে চৰমপন্থা? গুৱাহাটীৰ ভাড়াঘৰত দুদিনত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ….

পুনৰ গুৱাহাটীৰ ভাড়াঘৰত যুৱতীৰ ৰহস্যজনক মৃত্যু। ভাড়াঘৰৰ ভিতৰত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ। তৰুণ নগৰত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী। ৰুক্মিনীনগৰত ভাড়াঘৰটো উদ্ধাৰ কৰা হৈছে আন এগৰাকী যুৱতীৰ মৃতদেহ। যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ।

হত্যা নে চৰমপন্থা? গুৱাহাটীৰ ভাড়াঘৰত দুদিনত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ....

গুৱাহাটীৰ ভাড়াঘৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ

Updated On: 

10 Jan 2025 11:08 AM

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। পুনৰ গুৱাহাটীৰ ভাড়াঘৰত যুৱতীৰ ৰহস্যজনক মৃত্যু। ভাড়াঘৰৰ ভিতৰত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ। তৰুণ নগৰত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী।  যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ।

জানিব পৰা মতে তৰুণ নগৰত ভাড়াতীয়া হিচাপে থকা যুৱতীগৰাকীৰ ঘৰ তিনিচুকীয়াত। যুৱতীগৰাকীৰ নাম প্ৰতীক্ষা শৰ্মা বুলি জানিব পৰা গৈছে। চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে প্ৰতীক্ষাৰ মৃতদেহ। তিনিচুকীয়াৰ যুৱতী প্ৰতীক্ষা শৰ্মা কৰ্মসূত্ৰে গুৱাহাটীত আছিল। ডালমিয়া ভাৰত গ্ৰুপত কৰ্মৰত আছিল প্ৰতীক্ষা। ভাড়া ৰুমৰ পাকঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে প্ৰতীক্ষাৰ মৃতদেহ। ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

জানিব পৰা মতে বুধবাৰে যুৱতীগৰাকীৰ কোঠালৈ আহিছিল এজন যুৱক। CCTVত আবদ্ধ হৈছে ঘৰটোলৈ যুৱকজন অহা আৰু ওলাই যোৱাৰ দৃশ্য। প্ৰতীক্ষাৰ সৈতে বুধবাৰে ১১ বজালৈকে আছিল যুৱকজন। তাৰ পাছতে চৰম সিদ্ধান্ত বাছি লয় যুৱতীগৰাকীয়ে। কিন্তু যুৱতীগৰাকীয়ে কিয় এনে সিদ্ধান্ত ল’লে এই কথা পোহৰলৈ অহা নাই।

CCTVত আবদ্ধ হোৱা  যুৱকজন কোন আছিল সেয়াও এতিয়ালৈ জানিব পৰা হোৱা নাই। যুৱকজনৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান।  চিচি কেমেৰাৰ দৃশ্যৰ আধাৰত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।  যুৱকজনক বিচাৰি পালে হয়তো আৰক্ষী লাভ কৰিব ঘটনাৰ আঁৰৰ বহু তথ্য।আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে প্ৰতীক্ষাৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

এই ঘটনাৰ পাছত এতিয়া উত্থাপন হৈছে বহু প্ৰশ্নৰ।  সঁচাকৈ তেওঁ আত্মহত্যা কৰিলে নে কোনোৱে হত্যা কৰিলে প্ৰতীক্ষাক ? যদি আত্মহত্যা কৰিছে ইয়াৰ কাৰণ কি? ঘটনাৰ আঁৰত প্ৰেম নে আন কিবা? ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ বিষয়টো।

ইফালে এই ঘটনাক লৈ চাঞ্চল্য অব্যাহত  থকাৰ মাজতে আজি পুনৰ মহানগৰীত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ। ৰুক্মিনীনগৰত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী। মৃতদেহ উদ্ধাৰ কৰা যুৱতীগৰাকীৰ ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈও সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে মৃত যুৱতীগৰাকীৰ নাম বিপ্লৱী নাথ। তিনিদিন ধৰি ঘৰৰ মানুহে ফোনত পোৱা নাছিল বিপ্লৱীক।  ইফালে দুদিন ধৰি ভাড়াঘৰৰ মানুহে দেখা নাছিল যুৱতীগৰাকীক। ডেৰমাহ পূৰ্বে লৈছিল যুৱতীগৰাকীয়ে লৈছিল ভাড়াঘৰটো।

ইয়াৰ পূৰ্বে নৱবৰ্ষৰ প্ৰথম দিনটোতে গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল যুৱতীৰ মৃতদেহ। মহানগৰীৰ চানমাৰীস্থিত এটা ঘৰত হৈছিল  উদ্ধাৰ কৰা হৈছিল পায়েল শইকীয়া নামৰ এগৰাকী যুৱতীৰ মৃতদেহ। পায়েল শইকীয়া নামৰ যুৱতীগৰাকীৰ ঘৰ আছিল গুৱাহাটীৰ ছাত্ৰীবাৰীত। কিন্তু বান্ধৱীৰ সৈতে তেওঁ চানমাৰীৰ ‘ব্লু বেল ৰেঙণি- দয়া সাগৰ’ নামৰ এটা এপাৰ্টমেন্টৰৰ চতুৰ্থ মহলাৰ H4 ব্লকত ভাড়াতীয়া হিচাপে আছিল। তাৰ পৰাই উদ্ধাৰ কৰা হয় পায়েলৰ মৃতদেহ।

বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ
শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে