5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সফলতাৰে সম্পন্ন পঞ্চম গুৱাহাটী চাইক্ল’থনঃ অংশ ল’লে দুশ ৰাইডাৰে

দেওবাৰে মহানগৰীত সফলতাৰে অনুষ্ঠিত হয় গুৱাহাটী চাইক্ল’থন -২০২৪৷ সেউজ প্ৰকৃতি সুৰক্ষা আৰু সুস্থ-আনন্দময় জীৱনৰ লক্ষ্যৰে আয়োজিত এই ক্ৰীড়া অনুষ্ঠানটোৱে এইবাৰ পঞ্চম বৰ্ষত পদাৰ্পন কৰিছে৷ গুৱাহাটীৰ পৰা পবিতৰালৈ হোৱা এই চাইকেল ৰেলীত প্ৰায় দুশৰো অধিক চাইকেল অনুৰাগীয়ে অংশ লয়৷

সফলতাৰে সম্পন্ন পঞ্চম গুৱাহাটী চাইক্ল’থনঃ অংশ ল’লে দুশ ৰাইডাৰে
সফলতাৰে সম্পন্ন পঞ্চম গুৱাহাটী চাইক্ল’থন
monjit-dutta
Monjit Dutta | Published: 04 Nov 2024 21:34 PM

দেওবাৰে মহানগৰীত সফলতাৰে অনুষ্ঠিত হয় গুৱাহাটী চাইক্ল’থন -২০২৪৷ সেউজ প্ৰকৃতি সুৰক্ষা আৰু সুস্থ-আনন্দময় জীৱনৰ লক্ষ্যৰে আয়োজিত এই ক্ৰীড়া অনুষ্ঠানটোৱে এইবাৰ পঞ্চম বৰ্ষত পদাৰ্পন কৰিছে৷ গুৱাহাটীৰ পৰা পবিতৰালৈ হোৱা এই চাইকেল ৰেলীত প্ৰায় দুশৰো অধিক চাইকেল অনুৰাগীয়ে অংশ লয়৷

ৰেলী ফ্লেগ অফ কৰে অৱসৰপ্ৰাপ্ত উপ আয়ুক্ত পল বৰুৱাই ৷ গুৱাহাটীৰ গীতা মন্দিৰ স্কুল খেলপথাৰৰ পৰা আৰম্ভ হোৱা ৰেলীৰ উদ্বোধনী অনুষ্ঠানত অসমৰ পৰিৱেশ সচেতনতা আৰু পথ সুৰক্ষাৰ মূল্যবোধৰ ওপৰত আলোকপাত কৰা হয়৷ অংশগ্ৰহণ কাৰীসকলক উষ্ম আদৰণি জনোৱাৰ লগতে পবিতৰাৰ মনোমোহা আয্য ইকো ৰিজৰ্টত সম্ভাষণ জনোৱা হয়৷

এখন স্বচ্ছ, সেউজীয়া চহৰ সৃষ্টিৰ দায়বদ্ধতাৰে গুৱাহাটী চাইক্ল’থনে আৱৰ্জনা হ্ৰাস কৰা, হৰ্ণ বজোৱাত সচেতন হোৱা, পথত প্ৰদূষণ হ্ৰাস কৰা আদি গুৰুত্বপূৰ্ণ বিষয়বোৰৰ প্ৰচাৰ কৰিছে৷ একে সময়তে মহানগৰীৰ পথ আৰু চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ দৰে দায়িত্বশীল আচৰণক উৎসাহিত কৰি আহিছে৷

এইবাৰৰ ৰেলীৰ মূলমন্ত্ৰ আছিল ‘স্বচ্ছ পৰিবেশ, পৰিষ্কাৰ চহৰ, সুস্থ জীৱন’৷ অংশগ্ৰহণকাৰী আৰু অংশীদাৰসকলৰ মাজত এই বাৰ্তাই প্ৰবলভাৱে প্ৰতিধ্বনিত হৈছিল, য’ত নিৰাপদ পথ, পৰিষ্কাৰ পৰিবেশ আৰু সুস্থ অসমৰ ভৱিষ্যতৰ দৃষ্টিভংগীক সমগ্ৰ অনুষ্ঠানটোত পতিফলিত কৰি তুলিছিল৷

ষ্টেট বেংক অৱ ইণ্ডিয়া (গ্ৰীণ পাৰ্টনাৰ), নেডফিা (ইকো পাৰ্টনাৰ), নীপকো (ছাষ্টেনেবিলিটি পাৰ্টনাৰ) আৰু ইউবিপি (এছ’চিয়েট পাৰ্টনাৰ) কে ধৰি বিশিষ্ট অংশীদাৰসকলৰ সহযোগত তথা অ’কে নৰ্থইষ্ট আৰু কেফে বাই দ্য ৱেৰ সহযোগিতাত এইবাৰৰ গুৱাহাটী চাইক্ল’থন সফল হৈ উঠিছিল৷

আয়োজকৰ হৈ জুবি বৰুৱাই ‘এইধৰণৰ চাইক্ল’থনৰ দৰে ইভেণ্ট আয়োজন কৰিলে আমি দায়িত্বশীল পৰ্যটন আৰু পৰিৱেশ পৰিচালনাৰ পোষকতা কৰাৰ লগতে আমাৰ চৌপাশৰ অবিশ্বাস্য প্ৰাকৃতিক সৌন্দয্যক অধিক প্ৰসাৰ আৰু প্ৰচাৰ কৰি তুলিব পাৰো’ বুলি মন্তব্য কৰে।

উল্লেখ্য যে প্ৰতি বছৰে চাইক্ল’থনৰ প্ৰসাৰ বৃদ্ধি পোৱাৰ লগতে এই অনুষ্ঠানে অধিক পৰিৱেশ দায়বদ্ধতা আৰু পথ নিৰাপত্তাৰ বিষয়ত সজাগতাৰ সৃষ্টি কৰিছে। এনে প্ৰতিটো পদক্ষেপে অসমক এখন সেউজীয়া, সুৰক্ষিত, আৰু সচেতন সমাজৰ ওচৰলৈ লৈ যাব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে৷

Latest News