সংঘাতৰ চূড়ান্ত ৰূপ! নগাঁৱত বেলনা মাৰীৰে মৰিয়াই মৰিয়াই দুই সহকৰ্মীক হত্যা

নগাঁৱৰ ২ নং মোলাপট্টিৰ এখন বেকাৰীত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। সহকৰ্মীৰ হাতত প্ৰাণ হেৰুৱালে দুই কৰ্মচাৰীয়ে । নিশা কৰ্মৰত অৱস্হাত এজন কৰ্মচাৰীয়ে কোবাই হত্যা কৰে দুই কৰ্মচাৰীক ৷

সংঘাতৰ চূড়ান্ত ৰূপ! নগাঁৱত বেলনা মাৰীৰে মৰিয়াই মৰিয়াই দুই সহকৰ্মীক হত্যা

নগাঁৱত বেলনা মাৰীৰে মৰিয়াই মৰিয়াই দুই সহকৰ্মীক হত্যা

Published: 

17 Nov 2024 12:15 PM

ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এইবাৰ ২ যুৱকক নৃশংসভাৱে হত্যা কৰিলে সহকৰ্মীয়ে। নগাঁৱৰ ২ নং মোলাপট্টিৰ এখন বেকাৰীত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। সহকৰ্মীৰ হাতত প্ৰাণ হেৰুৱালে দুই কৰ্মচাৰীয়ে । নিশা কৰ্মৰত অৱস্হাত এজন কৰ্মচাৰীয়ে কোবাই হত্যা কৰে সহকৰ্মী দুই কৰ্মচাৰীক ৷

নগাঁৱৰ গৌৰী বেকাৰীত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। উত্তম দাস আৰু অভিজিৎ সাহা নামৰ দুজন কৰ্মচাৰীক হত্যা কৰিলে সহকৰ্মীয়ে। ইন্দ্ৰমোহন পাল নামৰ কৰ্মচাৰী এজনে হত্যা কৰিলে দুয়োকে। বেলনা মাৰিৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে দুয়োকে। অভিজিৎ সাহাৰ ঘৰ ৰূপহীৰ গড়াজানত। প্ৰায় এবছৰ আগত কামত যোগদান কৰিছিল অভিজিতে। আনফালে উত্তম দাসৰ ঘৰ নগাঁৱৰ চাপানালাত। প্ৰায় ১৫ বছৰ ধৰি গৌৰী বেকাৰীত উত্তমে কাম কৰি আছে উত্তমে।

ঘটনা অনুসৰি চহৰখনৰ মোল্লাপট্টিত থকা বেকাৰীৰ তিনি কৰ্মচাৰী উত্তম দাস , অভিজিৎ সাহা আৰু ইন্দ্ৰজিৎ পালৰ মাজত নিশা সংঘাত লাগে। পাছত সেই সংঘাতে ইমানে ভয়ংকৰ ৰূপ লয় যে ইন্দ্ৰজিৎ পালে উত্তম আৰু অভিজিতক মৰিয়াই মৰিয়াই হত্যা কৰে ৷ ইতিমধ্যে ইন্দ্ৰমোহন পালক আটক কৰিছে আৰক্ষীয়ে। বেকাৰীটোত ব্যৱহাৰ হোৱা বেলনা মাৰীৰে উত্তম আৰু অভিজিতক মৰিয়াই মৰা বুলি আৰক্ষীৰ আগত প্ৰাৰম্ভিক পৰ্যায়ত স্বীকাৰোক্তি দিছে ইন্দ্ৰজিতে ৷ আৰক্ষীয়ে জনোৱা মতে দুই মৃতদেহৰ কাষত পুৱালৈকে বহি আছিল হত্যাত অভিযুক্ত ইন্দ্ৰজিতে ৷ কোঠাৰ ভিতৰত মৃতদেহৰ কাষত বহি থকা অৱস্থাত পুৱা আৰক্ষীয়ে ইন্দ্ৰজিৎ পালক গ্ৰেপ্তাৰ কৰে ৷

এই ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে মোল্লাপট্টি এলেকাত ৷ ঘটনাস্হলীত উপস্হিত হৈ পৰিস্হিতি পৰ্যবেক্ষণ কৰিছে আৰক্ষী অধীক্ষক ৷ আৰক্ষীয়ে ঘটনাস্হলীৰ পৰা দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীৰ দলে। অধিক তদন্তৰ বাবে ঘটনাস্থলীলৈ গুৱাহাটীৰ পৰা ৰাওনা হৈছে ফৰেন্সিকৰ দল। আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনা আঁৰৰ প্ৰকৃত কাৰণ।

ইফালে দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ সময়তে ডেগাৰে হানি-খুচি হত্যা এজন যুৱকক। গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলি একাডেমিৰ বাৰ্ষিক অনুষ্ঠান চলি থকাৰ মাজতেই সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড৷ গৰৈমাৰী টাউন ক্লাৱ খেল পথাৰত চলি আছিল পশ্চিম বংগৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ মৰ্মিতা মিত্ৰৰ সাংস্কৃতিক অনুষ্ঠান। তেনে সময়তে দুটা ফৈদৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ। অৱশেষত এই সংঘৰ্ষই লয় চূড়ান্ত ৰূপ। ইয়াৰ পাছতে চাম্পুপাৰাৰ ভাউৰিয়াভিটাৰ ২০ বছৰীয়া যুৱক লুইত হুছেইন ডেগাৰেৰে হানি-খুচি হত্যা কৰিলে দুৰ্বৃত্তই। ইতিমধ্যে ঘটনাৰ সৈতে জড়িত এজনক আটক কৰিছে ছয়গাঁও আৰক্ষীয়ে। উত্তেজিত ৰাইজে জ্বলাই দিলে হত্যাকাণ্ডৰ জড়িত দুজনৰ ঘৰ ।

১৪ বছৰৰ বনবাসৰ সময়ত কিয় এখন শাড়ীয়ে পিন্ধি আছিল মা সীতাই?
মানুহৰ তেজৰ সোৱাদ নিমখীয়া কিয়?
দ্ৰুত গতিত ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে নিশা এই বস্তুবোৰ নাখাব!
কোন আছিল ভগৱান কৃষ্ণৰ গুৰু, যাৰ পৰা ১৪টা বিদ্যা, ৬৪টা কলা শিকিছিল?