শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Ansarullah Bangla team: আনচাৰুল্লা বাংলা টীমৰ গোচৰত বৰ্তমানলৈকে দোষী সাব্যস্ত ৯ জনক

আদালতে মুফতি চুলেইমান আলী আৰু ইমৰাণ হোছেনক ভাৰতীয় দণ্ডবিধি (আই পি চি) আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউ এ পি এ)ৰ বিভিন্ন ধাৰাত কাৰাদণ্ড আৰু জৰিমনা বিহাৰ শাস্তি প্ৰদান কৰে ।

Ansarullah Bangla team: আনচাৰুল্লা বাংলা টীমৰ গোচৰত বৰ্তমানলৈকে দোষী সাব্যস্ত ৯ জনক
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 31 Jan 2025 12:55 PM

বিশেষ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এন আই এৰ আদালতে আনছাৰুল্লাহ বাংলা টিম (এবিটি) গোচৰৰ সৈতে জড়িত আৰু দুজন ব্যক্তিক শাস্তি প্ৰদান কৰিছে । ইয়াকে লৈ এই গোচৰত মুঠ দোষী সাব্যস্ত হোৱা অভিযুক্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে । আদালতে মুফতি চুলেইমান আলী আৰু ইমৰাণ হোছেনক ভাৰতীয় দণ্ডবিধি (আই পি চি) আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউ এ পি এ)ৰ বিভিন্ন ধাৰাত কাৰাদণ্ড আৰু জৰিমনা বিহাৰ শাস্তি প্ৰদান কৰে ।

দুয়োকে আই পি চি ধাৰা ১২০(বি)ৰ অধীনত ছমাহৰ সাধাৰণ কাৰাদণ্ড আৰু ৫০০ টকা জৰিমনা বিহা হয়, লগতে জৰিমনা আদায় নিদিলে অতিৰিক্ত ১৪ দিনৰ কাৰাদণ্ড বিহা হয় । ইয়াৰ উপৰিও তেওঁলোকে ইতিমধ্যে ইউএপিএৰ ২০, ৩৮ আৰু ৩৯ ধাৰাত দুবছৰ, আঠ মাহ আৰু ২১ দিনৰ বাবে সশ্ৰম কাৰাদণ্ড লাভ কৰিছিল ।

২০২২ চনৰ মাৰ্চ মাহত পঞ্জীয়ন হোৱা এই গোচৰটোত ভাৰতীয় উপ-মহাদেশৰ নিষিদ্ধ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ (AQIS)ৰ সৈতে এবিটি মডিউল জড়িত হৈ আছে । বাংলাদেশী নাগৰিক ছাইফুল ইছলামৰ নেতৃত্বত এই মডিউলটো অসমৰ বৰপেটা জিলাত চলি আছিল । ২০২২ চনৰ আগষ্ট মাহত এন আই এয়ে প্ৰথমে আঠজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল, তাৰ পিছত ২০২৩ চনৰ আগষ্ট মাহত আন দুজনৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল । যোৱা সপ্তাহত একেটা গোচৰতে আৰু দুজন অভিযুক্তক শাস্তি প্ৰদান কৰা হৈছিল ।

বুধবাৰে ঘোষণা কৰা এক সুকীয়া ৰায়দানত অভিযুক্ত মামুনুৰ ৰছিদক তিনি বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১০০০ টকাৰ জৰিমনা বিহা হয় । ইউএপিএৰ ১৯ নং ধাৰাত এমাহ আৰু আইপিচিৰ ১২০(বি) ধাৰাত তিনিমাহৰ সাধাৰণ কাৰাদণ্ডও প্ৰদান কৰা হয় । আন এজন অভিযুক্ত মুকিবুল হুছেইনে ইউএপিএৰ অধীনত অতিৰিক্ত কাৰাদণ্ডৰ লগতে ছমাহৰ সাধাৰণ কাৰাদণ্ড আৰু ৫০০ টকাৰ জৰিমনাৰ শাস্তি লাভ কৰে । এই গোচৰৰ তদন্ত অব্যাহত আছে, আৰু অধিক আইনী ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে বিগত প্ৰায় দহ বছৰ ধৰি অসমল আৰৰু পশ্চিম বংগৰ অন্ততঃ ৭০ জন প্ৰশিক্ষিত শ্লীপাৰ চেলৰ সদস্য তৈয়াৰী কৰিছে আনছাৰুল্লা বাংলা টিমে । এই সদস্যৰ এটা ডাঙৰ গোট আইইডি প্ৰস্তুত আৰু আগ্নেয়াস্ত্ৰ চালনাৰ প্ৰশিক্ষণ প্ৰাপ্ত । স্বয়চালিত আগ্নেয়াস্ত্ৰ পৰিচালনাৰ পৰা আৰম্ভ কৰি সাধাৰণ মেৰামতিৰ কাম তেওঁলোকৰ নখদৰ্পনত আছে । বাংলাদেশত চলি থকা অশান্তিকৰ পৰিস্থিতিৰ মাজতে অসম আৰু পশ্চিম বংগত গ্ৰেপ্তাৰ হৈছে কেবাজনো এবিটি সদস্য । উদ্ধাৰ হৈছে মাৰণাস্ত্ৰও । চোৰাংচোৱাৰ হাতত এই সম্পৰ্কত অধিক তথ্য থকাৰ সম্ভাৱনা আছে ।