5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ধেমাজিত শোকাৱহ ঘটনাঃ জীয়াধলত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি

ধেমাজিৰ জীয়াঢল নদীত গা ধুবলৈ যোৱাৰ সময়তে আজি সলিল সমাধি ঘটে দুই কিশোৰৰ। এই হৃদয় বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোতে এতিয়া শোকৰ ছাঁ পেলাইছে। ধেমাজি জিলাৰ বৰদলনিত সংঘটিত হৈছে এই ঘটনা। নিহত দুই কিশোৰক গৌৰৱ হাজং আৰু সুমন গোহাঁই বুলি চিনাক্ত কৰা হৈছে৷

ধেমাজিত শোকাৱহ ঘটনাঃ জীয়াধলত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি
প্ৰতিনিধিত্বমূলক ছবি
Follow Us
monjit-dutta
Monjit Dutta | Published: 22 Sep 2024 20:57 PM

প্ৰচণ্ড গৰমে জ্বলা কলা খুৱাইছে ৰাজ্যবাসীক। গৰমৰ প্ৰকোপত ত্ৰাহি মধুসূদন দেখিছে সকলোৱে। আজি ৰাজ্যত ৩৮ ডিগ্ৰী চেলচিয়াছ্ পৰ্যন্ত হৈছে তাপমাত্ৰা। এজাক বৰষুণৰ আশাত হামৰাও কাঢ়িছে মানুহৰ লগতে জীৱকুলেও। আহিন মাহতো এনে প্ৰখৰ ৰ’দ তথা গৰম সহ্য কৰিবলগাৰ সময়তে আজি ধেমাজিত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। উৎকট গৰমৰ পৰা সাত সাৰিবলৈ নদীত গা ধুবলৈ গৈ আজি ধেমাজিত প্ৰাণ হেৰুৱাইছে দুই কিশোৰে।

জীয়াঢল নদীত গা ধুবলৈ যোৱাৰ সময়তে দুই কিশোৰৰ সলিল সমাধি ঘটে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে এতিয়া শোকৰ ছাঁ পেলাইছে। ধেমাজি জিলাৰ বৰদলনিত সংঘটিত হৈছে এই ঘটনা। নিহত দুই কিশোৰক গৌৰৱ হাজং আৰু সুমন গোহাঁই বুলি চিনাক্ত কৰা হৈছে৷ দুয়ো বৰদলনি লিটিল গড্ মডেল স্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত আছিল বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি দুয়োগৰাকী কিশোৰ সমনীয়া আন দুজন কিশোৰৰ সৈতে জীয়াধল নদীত গা ধুবলৈ গৈছিল ৷ গা ধুই থকাৰ সময়তে এজন কিশোৰক নদীৰ কোবাল সোঁতে উটুৱাই নিয়ে। এনে পৰিস্থিতিত সমনীয়া কিশোৰজনক উদ্ধাৰৰ বাবে আনজন কিশোৰো জপিয়াই পৰে যদিও তেওঁৰ এই চেষ্টা অথলে যায় আৰু বন্ধুৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ বন্ধুৰ লগতে তেওঁ নদীৰ কোবাল সোঁতত উটি যায়।

এই ভয়ংকৰ ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে স্থানীয় একাংশ লোক ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় লোকসকলে লগে লগে আৰক্ষীকো ঘটনাৰ বিষয়ে খবৰ দিয়ে আৰু কিছুসময় পিছতে স্থানীয় আৰক্ষী আৰু এছ ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হয়। এছ ডি আৰ এফৰ জোৱানসকলে স্থানীয় কিছু লোকৰ সহযোগত অভিযান চলাই কিছু সময়ৰ ভিতৰতে কিশোৰ দুজনক উদ্ধাৰ কৰে ৷

অৱশ্যে সেই সময়লৈ প্ৰাণ হেৰুৱাইছিল এজন কিশোৰে। আনহাতে সংকটজনক অৱস্থাত আনজন কিশোৰক চিকিৎসালয় অভিমুখে লৈ যোৱা হয় যদিও পথতে এই কিশোৰজনেও প্ৰাণ হেৰুওৱায়। নিহত দুই কিশোৰৰে গৌৰৱ হাজং বৰদলনিৰ জয়ৰামপুৰৰ বাসিন্দা আৰু সুমন গোহাঁই নগাঁৱৰ দেওঘৰবাৰীৰ বাসিন্দ আছিল বুলি জানিব পৰা গৈছে।

দুই কিশোৰৰ অকাল মৃত্যুৱে পৰিয়াল দুটাত এতিয়া শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। আনহাতে স্থানীয় লোকসকলেও শোক প্ৰকাশ কৰিছে এনে এক অবাঞ্চিত ঘটনাত। মৃত দুই কিশোৰৰ শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জনাইছে স্থানীয় লোকসকলে।

Latest News