শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আলফা(স্বা)ৰ সকীয়নিঃ বিহুৰ সময়ত হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰিব কোনোৱে, অন্যথা…

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। বিহু অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ ইতিমধ্যে সাজু হৈ শিল্পী সমাজ। কিন্তু ইয়াৰ মাজতে আলফা (স্বা)য়ে জাৰি কৰিছে এক বিশেষ বিবৃতি।

আলফা(স্বা)ৰ সকীয়নিঃ বিহুৰ সময়ত হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰিব কোনোৱে, অন্যথা…
আলফা (স্বা)Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 20 Mar 2025 15:42 PM

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এই সময়ত অনুষ্ঠান আয়োজন কৰিবলৈ ইতিমধ্যে সাজু হৈছে বিহু আযোজক সমিতিসকল। বিহুৰ সময়ত প্ৰায় প্ৰতিখন মঞ্চতে কণ্ঠশিল্পীক আমন্ত্ৰণ জনোৱা হয়। যাৰ বাবে প্ৰতিবাৰৰ দৰে এইবাৰো বিহুক লৈ সাজু হৈছে শিল্পী সমাজ। কিন্তু ইয়াৰ পূৰ্বে আলফা (স্বা)য়ে জাৰি কৰিছে এক বিশেষ বিবৃতি।

২০ মাৰ্চত জাৰি কৰা এই বিবৃতিৰ জৰিয়তে আলফা (স্বা)য়ে বিহু আয়োজক সমিতিসমূূহৰ লগতে শিল্পীসকলকো বিশেষ আহ্বান জনাইছে।  আলফা (স্বা)য়ে বিহুৰ ৭টা দিন শিল্পীসকলক হিন্দী গীত বৰ্জন কৰিবলৈ অনুৰোধ জনাইছে। অন্যথা কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে সংগঠনটোয়ে।

আলফা (স্বা) জাৰি কৰা বিবৃতিখন তলত অসম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল-

” দিন আহে মাহ যায়, বছৰে বাগৰ সলাই। ফাগুনে লঠঙা কৰা বিৰিখে সেউজীয়া ওৰণি টানি বসন্তক আদৰণি জনাই। চাৰিও দিশে ঢোল-পেঁপাৰ সুৱদি মাতে ৰজনজানাই। গতিশীল প্ৰকৃতিৰ বুকুচাত উঠি থলগিৰিৰ হেঁপাহৰ ব’হাগৰ বিহুটি এতিয়া নঙলা মুখত। বাপতিসাহোন বিহুটি আদৰিবলৈ থলগিৰি জনগণৰ এতিয়া ব্যস্ততাৰ কোনো সীমা নাই। সকলোতে এতিয়া ৰঙালীক আদৰৰ ভীষণ ব্যস্ততা।

বাদ পৰা নাই বিভিন্ন বিহু সম্মিলনী আয়োজক সমিটি সমূহ। এই ব্যস্ততাৰ মাজতে ব’হাগ বিহুৰ তাৎপর্য আৰু স্বকীয়তা আমি মনত ৰখা ভাল, যিয়ে থলগিৰি জাতীয় জীৱনক প্রতিনিধিত্ব কৰি আহিছে। কিন্তু শেহতীয়াকৈ বিহু সন্মিলন আয়োজনৰ নামত একাংশ বিহু সমিটিয়ে বিহুৰ স্বকীয়তাক বিসর্জন দি হিন্দী গীতৰ প্ৰয়োভৰ ঘটোৱাৰ যো-জা চলাইছে ই কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে। ইয়াৰ বিৰুদ্ধে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে পূর্বতেও কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে।

কিয়নো হিন্দী গীত বিহুৰ স’তে কোনো ফালৰ পৰাই সংপৃক্ত নহয়। পশ্চিমীয়া বিজতৰীয়া সংস্কৃতিৰ আগ্রাসনে ক্রমান্বয়ে সংকুচিত কৰি অনা থলগিৰি আয়ুস স্বৰূপ বিহুটিৰ মাজতো যদি হিন্দী গীতক প্রাধান্য দিব লগা হয় তেনেহ’লে বিহুটি আৰু অসমৰ থলগিৰিৰ জাতীয় উৎসৱ হৈ নাথাকিব; আৰু “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে তেনে হ’বলৈ দিব নোৱাৰে। পাহৰি যোৱা অনুচিত যে একোটা জাতি আৰু জাতীয় সংস্কৃতিৰ উৰ্দ্ধত কোনো বিহু সমিটিৰ বিষয়ববীয়া অথবা কোনো কণ্ঠশিল্পী/গায়ক-গায়িকা হ’ব নোৱাৰে।

সেয়েহে বৃহত্তৰ গুৱাহাটী বিহু সমিটিৰ লগতে অন্যান্য বিহু সমিটি সমূহে ব’হাগৰ প্ৰথম সাত দিন [সাত বিহু] ত হিন্দী গীত পৰিৱেশনৰ অনুমতি বাতিল কৰক। একে সময়তে জুবিন গাৰ্গ, অংগৰাগ মহন্ত লগতে অন্যান্য কণ্ঠ শিল্পী, গায়ক-গায়িকা • সকলক সাত-বিহুৰ সময়চোৱাত বিহু মঞ্চত হিন্দী গীত পৰিৱেশনৰ পৰা বিৰত থাকিবলৈ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ তৰফৰ পৰা আন্তৰিকতাৰে আহ্বান জনোৱা হ’ল”।

 

 

অন্য খবৰ পঢ়কঃ অসমত ‘বিহাৰ দিৱস’ উদযাপন কৰিলে পৰিস্থিতি বিষম হ’বঃ আলফা (স্বা)