অসমত ‘বিহাৰ দিৱস’ উদযাপন কৰিলে পৰিস্থিতি বিষম হ’বঃ আলফা (স্বা)

অসমত বিহাৰ দিৱস উদযাপন কৰাকলৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এক বিবৃতি জাৰি কৰিছে আলফা (স্বা)য়ে। বিহাৰ দিৱস অনুষ্ঠিত কৰিলে পৰিস্থিতি বিষম হ'ব বুলি সকীয়নি প্ৰদান কৰিছে আলফা (স্বা)য়ে।

অসমত বিহাৰ দিৱস উদযাপন কৰিলে পৰিস্থিতি বিষম হবঃ আলফা (স্বা)

আলফা (স্বা)

Published: 

19 Mar 2025 11:34 AM

অসমত বিহাৰ দিৱস উদযাপন কৰাকলৈ আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া। ১৯ মাৰ্চত এক বিবৃতিৰ যোগেদি আলফা (স্বা)য়ে অসমত বিহাৰ দিৱস উদযাপনত বাধা প্ৰদান কৰাৰ লগতে আয়োজকসকলকো সকীয়নি প্ৰদান কৰে। উল্লেখ্য যে, তিনিচুকীয়াত বিহাৰ দিৱস উদযাপন কৰাৰ কুচকাৱাজ চলি থকাৰ মাজতে বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিছিল। ইয়াৰ পাছতে এতিয়া আলফা (স্বা)য়ে ইয়াৰ বিৰুদ্ধে থিয় দিছে।

এই সন্দৰ্ভত নিষিদ্ধ সংগঠন আলফা (স্বা)য়ে দিয়া বিবৃতি তলত অ-সম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল-

“অসমৰ বাণিজ্যিক চহৰ তিনিচুকীয়া থলগিৰি জাতি-জনগোষ্ঠীৰ মিলনভূমি। থলগিৰিৰ বীৰ সৰ্বানন্দ সিংহৰ শৌর্য-বীৰ্যৰে মহিমামণ্ডিত বেংমৰা ৰাজ্য তথা আধুনিক তিনিচুকীয়া চহৰ। এনে এখন বুৰঞ্জী প্ৰসিদ্ধ চহৰত থলগিৰিৰ জাতীয় জীৱনৰ সৈতে সংপৃক্ত মহিৰূহ সকলৰ নামত কোনো অনুষ্ঠান আয়োজন কৰিব নোৱাৰা কেইগৰাকীমান স্বাৰ্থপৰায়ণ থলগিৰি ব্যক্তি (পুলক গোহাঁই, পুলক চেতিয়া আৰু বিধায়ক চুৰেণ ফুকন) আৰু বিধায়ক সঞ্জয় কিষাণ, শিৱজী ডুবেই দৰে ব্যক্তিৰ পৃষ্ঠপোষকতাত আগন্তুক ২২ মার্চ ২০২৫ তাৰিখে বিহাৰ দিৱস উদযাপনৰ বাবে চলোৱা প্রস্তুতিয়ে থলগিৰিৰ ঐতিহ্য-সংহতি, মান-মর্য্যদাত আঘাত হানিছে।

এই কাৰ্য্য থলগিৰিৰ বাবে কোনো কাৰণতেই গ্রহণযোগ্য হ’ব নোৱাৰে। “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে থলগিৰিৰ চোতালত বিহাৰ দিৱস উদযাপন কৰাটো কোনো কাৰণতেই সহ্য কৰা নহ’ব। গতিকে, উক্ত অনুষ্ঠানৰ সৈতে জড়িত থলগিৰি আৰু বহিৰাগত সকলোকে উক্ত কাৰ্য্যসূচী বাতিল কৰিবলৈ নিৰ্দেশনা প্রদান কৰা হ’ল। যদি এই নির্দেশনা অমান্য কৰি বিহাৰ দিৱস উদযাপন কৰাৰ মৰসাহ কৰে তেন্তে তাৰ পৰিণতি ভয়ংকৰ হ’ব, আৰু তেনে এক অনাকাংক্ষিত আৰু অবাঞ্ছিত পৰিস্থিতিৰ বাবে পৃষ্ঠপোষক সকলেই দায়ী হ’ব লাগিব”।

উল্লেখ্য যে, তিনিচুকীয়াত বিহাৰ দিৱস উদযাপন কৰাৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্থা আদিকে ধৰি বিভিন্নজনে কৰিছে। এই কাৰ্যসূচী ৰূপায়ন কৰিবলৈ লোৱাৰ নেপথ্যত এগৰাকী পাখি কটা মন্ত্ৰী আৰু এগৰাকী টিকট প্ৰত্যাশী আছে বুলি মত প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। ইয়াৰোপৰি অসমত বিহাৰ দিৱস উদযাপন কৰিলে পৰিস্থিতি বিষম হ’ব বুলি সকীয়নি প্ৰদান কৰিছে আছুই।

এনে পৰিস্থিতিত এতিয়া বিহাৰ দিৱস উদযাপন কৰিব বিচৰা আয়োজকসকলে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়। ইয়াৰোপৰি কেৱল দল, সংগঠনে নহয়, অসমৰ বিভিন্ন ব্যক্তি বিশেষেও এই বিহাৰ দিৱসৰ বিৰোধিতা কৰিছে।

গৰমৰ দিনত দৈনিক কেঁচা পিয়াঁজ খালে কি হয় জানেনে?
কোনখন ধৰ্মগ্ৰন্থ আৰু কোনজন ভগৱানৰ মূৰ্তি লৈ সুনীতা মহাকাশত গৈছিল
৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা