শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুৱাহাটীত বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা (স্বা)ৰ, কি ক’লে সংগঠনটোয়ে…

Guwahati blast: আজি সমগ্ৰ দেশে পালন কৰিছে গণৰাজ্য দিৱস। কিন্তু ইয়াৰ মাজতে গুৱাহাটীৰ কেইবা স্থানত শুনিবলৈ পোৱা যায় বিস্ফোৰণৰ শব্দ। এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা (স্বা)য়ে।

গুৱাহাটীত বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা (স্বা)ৰ, কি ক’লে সংগঠনটোয়ে…
গুৱাহাটীত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 26 Jan 2025 12:53 PM

আজি সমগ্ৰ দেশে পালন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস। কিন্তু ইয়াৰ মাজতে আজি পুৱাৰ ভাগত গুৱাহাটীৰ কেইবাস্থানতো বিস্ফোৰণৰ শব্দ শুনা যায়।  এই বিস্ফোৰণ সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে কোনো আনুষ্ঠানিক মন্তব্য প্ৰদান কৰা নাই যদিও শেহতীয়াকৈ আলফা (স্বা) য়ে এক বিবৃতি জাৰি কৰে। এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা (স্বা)য়ে। সশস্ত্ৰ সংগঠনটোৱে কয় যে তেওঁলোকে ঔপনিৱেশিক শাসকৰ বাবে এক বাৰ্তা প্ৰেৰণৰ অৰ্থে এই বিস্ফোৰণ সংঘটিত কৰিছে।

আলফা (স্বা)য়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটো অসম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল-

“সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে প্ৰতি বছৰে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ তথা-কথিত স্বাধীনতা আৰু গণৰাজ্য দিৱস পালনৰ প্ৰতিবাদ কৰি আহিছে। উক্ত প্রতিবাদস্বৰূপে গুৱাহাটীৰ লালমাটি, ৰিহাবৰীকে আদি কৰি একাধিক স্থানত আই.ই.ডি. [IED] বিস্ফোৰণেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়। “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ এই সশস্ত্র প্রতিবাদ অসমৰ থলগিৰি জনগণৰ বিৰুদ্ধে তথা জনগণৰ জীৱনৰ ক্ষতি-বিঘিনিৰ বাবে নহয়। ই কেৱল ঔপনিৱেশিক শাসকৰ বাবে এক বার্তা; তেওঁলোকে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনক বিভিন্ন বিশেষ্য-বিশেষণেৰে তুচ্ছ-তাচ্ছিল্য কৰি ঔপনিৱেশিক ৰাষ্ট্ৰৰ ১৫ আগষ্টৰ তথা-কথিত স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীৰ তথা-কথিত গণৰাজ্য দিৱস জাকজমকতাৰে উদযাপন কৰি থলগিৰি জনগণৰ মনৰ পৰা অসমৰ গৌৰৱোজ্জ্বল স্বাধীনতাৰ চিন্তা-চেতনাক নিঃশেষ কৰাৰ যি অভিষন্ধি সেয়া কেতিয়া আমি মানি লব নোৱাৰোঁ; আৰু ই কেতিয়াও সম্ভৱ নহয়।

সেয়েহে আমাৰ এই সশস্ত্র প্রতিবাদ; অসমৰ হেৰুৱা স্বাধীনতা যেতিয়ালৈকে পুনৰ প্ৰতিষ্ঠা নহয়। তেতিয়ালৈকে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে এনে প্রতিবাদ অব্যাহত থাকিব। যিদিনাই ভাৰতীয়ই অসমক অসমৰ স্বাধীনতা ফিৰাই দিব সিদিনা পৰা আমিও ভাৰতীয় সকলৰ স্বাধীনতা আৰু গণতন্ত্রক স-সন্মানেৰে স্বীকৃতি প্রদান কৰিম। আনহাতে ঔপনিৱেশিক ৰাষ্ট্ৰ সামৰিক কোষ বিলাকে আমাৰ প্ৰতিবাদ ৰোধ কৰিবলৈ যিমানেই নিছিদ্র নিৰাপত্তাৰ আৱৰণ গঢ়ি নোতোলক কিয়, আমাৰ প্ৰয়োজন অনুসৰি আমি অসমৰ যিকোনো প্ৰান্তত আমাৰ সশস্ত্ৰ কাৰ্য্যসূচী ৰূপায়ন কৰিব পাৰোঁ। যিহেতু গুৱাহাটী অসমৰ প্ৰাণকেন্দ্ৰ, সেয়েহে সাধাৰণ জনগণৰ কোনো হানি-বিঘিনি নোহোৱাকৈ জনগণলৈ এক বার্তা প্ৰেৰণ কৰা হৈছে যাতে অনাগত দিনত ঔপনিৱেশিক ৰাষ্ট্ৰৰ ওপৰত উল্লিখিত দুই কাৰ্য্যসূচীত অংশ লোৱাৰ পৰা বিৰত থাকে। কিয়নো, যোৱা ১৫ আগষ্ট আৰু আজিৰ ২৬ জানুৱাৰীত আমি জনগণৰ জীৱনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সমীত কাৰ্য্যসূচী ৰূপায়ন কৰিলোঁ। বিপৰীতে অনাগত দিনত এনে কাৰ্য্যসূচী সর্বাত্মক ৰূপত ৰূপায়ন কৰা হ’ব পাৰে”

উল্লেখ্য যে, ইয়াৰ পূৰ্বে স্বাধীনতা দিৱসৰ সময়তো অসমৰ বিভিন্ন স্থানত বোমা সংস্থাপন কৰিছিল আলফা (স্বা)য়ে। পৰৱৰ্তী সময়ত সংগঠনটোৱ এক বিবৃতি প্ৰকাশ কৰি বোমা সংস্থাপনৰ স্থানসমূহৰ তথ্য প্ৰদান কৰিছিল। সেই তথ্য অনুসৰিয়ে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বোমা উদ্ধাৰ কৰিছিল।