বাঢ়িছে জটিলতা, উমৰাংছুৰ কয়লাখনিত এতিয়াও আৱদ্ধ বহু শ্ৰমিক!
উমৰাংছুৰ কয়লাখনিত আৱদ্ধ শ্ৰমিকৰ সন্ধানত আজিও চলিছে অভিযান। বৃহস্পতিবাৰে পানী নিষ্কাষণৰ বাবে নাগপুৰৰ পৰা অনা হয় ক'ল ইণ্ডিয়াৰ বিশেষ পাম্প। শ্ৰমিককেইজনৰ সন্ধানত যুটীয়া অভিযান অব্যাহত ভাৰতীয় সেনা, নৌসেনাৰ ডুবাৰু, SDRF, NDRFৰ।
ঘটনাৰ ৪ দিন উকলি গ’ল, কিন্তু আজিও উমৰাংছুৰ কয়লাখনিত আবদ্ধ ৮ জনৰো অধিক শ্ৰমিক। আৱদ্ধ শ্ৰমিকৰ সন্ধানত আজিও চলিছে অভিযান। বৃহস্পতিবাৰে পানী নিষ্কাষণৰ বাবে নাগপুৰৰ পৰা অনা হয় ক’ল ইণ্ডিয়াৰ বিশেষ পাম্প। শ্ৰমিককেইজনৰ সন্ধানত যুটীয়া অভিযান অব্যাহত ভাৰতীয় সেনা, নৌসেনাৰ ডুবাৰু, SDRF, NDRFৰ।
জানিব পৰা উচ্চ ক্ষমতা সম্পন্ন পাম্পৰ দ্বাৰা খনিৰ চলাই থকা হৈছে পানী নিষ্কাশনৰ প্ৰচেষ্টা। ভাৰতীয় নৌ-সেনাৰ বিশেষজ্ঞ ডুবাৰু দলৰ লগতে ভাৰতীয় সেনাৰ ডুবাৰু-অভিযন্তাৰ দল, অসম ৰাইফলছৰ উদ্ধাৰকাৰী দল, NDRF আৰু SDRFৰ দলে অত্যাধুনিক যন্ত্ৰপাতিৰ সহায়ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে Coal Indiaৰ দলেও এই অভিযানত সহযোগিতা আগবঢ়াইছে।
ইফালে কয়লা খনিটোত অবিৰতভাৱে পানী নিৰ্গমণ হৈ থকাৰ ফলত উদ্ধাৰ অভিযানত জটিলতাৰ সৃষ্টি হৈছে বুলি প্ৰকাশ কৰিছে NDRF কৰ্তৃপক্ষই। বৰ্তমানলৈ কয়লাখনিৰ পৰা উদ্ধাৰ কৰা হৈছে নেপালৰ উদয়াপুৰ জিলাৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ নামৰ এজন শ্ৰমিকৰে মৃতদেহ। উদ্ধাৰ অভিযানত পদে পদে আহিছে বাধা। কয়লাখনিত পানী ওলাই থকাৰ ফলত উদ্ধাৰ অভিযানত আহিছে জটিলতা। নৌ-সেনাই সাময়িকভাৱে উদ্ধাৰ অভিযান বন্ধ কৰাৰ পাছত স্থল সেনাই অব্যাহত ৰাখিছে অভিযান।
চতুৰ্থদিনা চলোৱা অভিযানত ব্যৰ্থ হ’ল উদ্ধাৰকাৰী দল | তাৰ পাছত পঞ্চম দিনাৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে। খনিৰ ভিতৰত প্ৰায় ৩০০ ফুট পৰ্যন্তলৈ আছে পানী। উদ্ধাৰকাৰী দলে জনোৱা মতে ৩২০ ফুট গভীৰ খনিটোৰ প্ৰায় ২০০ ফুট উচ্চতালৈ উঠিছে পানী। পানী নিষ্কাশন কাৰ্য চলি থকাৰ মাজতে বৃহস্পতিবাৰে পুৱা বিকল হৈ পৰিছিল ONGCৰ পাম্প। যাৰ ফলত উদ্ধাৰস্থলীৰ পৰা আঁতৰাই আনিব লগা হৈছিল ONGCৰ হাই স্পীড মটৰ।
ইয়াৰ মাজতে অবৈধ কয়লা খনি চলোৱাৰ নামত গ্ৰেপ্তাৰ কৰা হৈছে আন এজনক। গ্ৰেপ্তাৰ তিনিকিলোৰ হানন লস্কৰ নামৰ লোকজনক। পূৰ্বে গ্ৰেপ্তাৰ হোৱা পুনিছ নুনিছাৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে হাননক। অবৈধভাৱে পুনিছ, হাননহঁতে চলাই গৈছিল কয়লাখনি। বহু শ্ৰমিকৰ জীৱন তুচ্ছ কৰি নমাই দিছিল অটল গহ্বৰত।
উল্লেখ্য যে, সোমবাৰে ডিমা হাচাওৰ অন্তৰ্গত উমৰাংছুত তিনিকিলোৰ এটা কয়লা কুৱেৰীত আৱদ্ধ হৈ পৰিছিল কেইবাজনো শ্ৰমিক। পুৱা কাম কৰি সময়তে পানীৰে ভৰি পৰিছিল কয়লাখনিটো। যাৰ ফলত ভিতৰত থকা শ্ৰমিকসকল খনিৰ ভিতৰতেই আৱদ্ধ হৈ পৰিছিল। আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিতৰত আছে পশ্চিমবংগৰ জলপাইগুৰিৰ সঞ্জিত সৰকাৰ, গোসাঁইগাঁৱৰ চাৰ্পা বর্মন, কোকৰাঝাৰৰ খুছিমোহন ৰায়, দৰঙৰ জাকিৰ হুছেইন, হুছেইন আলী, মোস্তাফা শ্বেখ, ডিমা হাচাওৰ উমৰাংছ’ৰ লিজান গয়াৰী আৰু শোণিতপুৰৰ শৰৎ গয়াৰী।