উমৰাংছুৰ কয়লাখনিৰ ২০০ ফুটলৈ উঠিছে পানী, এতিয়া ভিতৰত আৱদ্ধ বহু শ্ৰমিক…
চাৰি দিন উকলিল। কিন্তু আজি পৰ্যন্ত আটাইকেইজন শ্ৰমিক উদ্ধাৰ হোৱা নাই উমৰাংছুৰ কয়লাখনিৰ পৰা। কয়লাখনিটোৰ প্ৰায় ২০০ ফুট ওপৰলৈ পানী উঠিছে যাৰ ফলত উদ্ধাৰ অভিযানত কিছু সমস্যাৰ সৃষ্টি হৈছে।
ঘটনাৰ প্ৰায় ৪ দিন উকলিল, কিন্তু আজিও কয়লাখনিৰ ভিতৰত আৱদ্ধ হৈ আছে বহু কেইজন শ্ৰমিক। সোমবাৰে কয়লাখনিত আৱদ্ধ হৈ পৰিছিল কেইবাজনো শ্ৰমিক। চৰকাৰী তথ্য অনুসৰি কয়লাখনিটোত ৯ জন শ্ৰমিক আৱদ্ধ হৈ পৰিছিল যদিও ইয়াৰে ৪ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বৰ্তমান সময়তো কয়লাখনিত মুঠ ৫ জন শ্ৰমিক আৱদ্ধ হৈ আছে। কয়লাখনিটোৰ প্ৰায় ২০০ ফুট ওপৰলৈ পানী উঠিছে যাৰ ফলত উদ্ধাৰ অভিযানত কিছু সমস্যাৰ সৃষ্টি হৈছে। অ এন ডি চিৰ ৪ টা পাম্পৰ দ্বাৰা খনিৰ পৰা পানী বাহিৰ কৰাৰ চেষ্টা চলাই থকা হৈছে।
বৰ্তমানলৈ উদ্ধাৰ কৰা মৃতদেহ কেইটা হৈছে- গংগা বাহাদুৰ শ্ৰেষ্ঠ (৩৮) উদয়পুৰ, নেপাল, হুচেইন আলী (৩০) দলগাঁও, জাকিৰ হুচেইন (৩৮) দলগাঁও, মুস্তাফা শ্বেখ (৪৪) দলগাঁও। আনহাতে বৰ্তমান সময়ত খনিৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকল হল সৰ্প বৰ্মন (৪৬) গোসাইগাঁও, খুচি মোহন ৰায় (৫৭) ফকিৰগ্ৰাম, সঞ্জিত সৰকাৰ (৩৫)জলপাইগুৰি, পশ্চিমবংগ, লিজান মগৰ (২৬), উমৰাংছু,ডিমা হাচাও, শৰত গয়াৰী (৩৭),বাতাসীপুৰ, শোণিতপুৰ। অৱশ্যে চৰকাৰী তথ্য মানি লব বিচৰা নাই স্থানীয় ৰাইজে। একাংশৰ মতে কয়লাখনিৰ ভিতৰত অধিকলোক আছিল।
উল্লেখ্য যে, সোমবাৰে ডিমা হাচাওৰ অন্তৰ্গত উমৰাংছুত তিনিকিলোৰ এটা কয়লা কুৱেৰীত কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ পৰিছিল। জানিব পৰা মতে পুৱা ৭ মান বজাত আটাইকেইজন শ্ৰমিক কয়লাখনিৰ ভিতৰত প্ৰৱেশ কৰিছিল আৰু পৰৱৰ্তী সময়ত হঠাতে খনিটো পানীৰে ভৰি পৰিছিল। যাৰ ফলত শ্ৰমিকসকল খনিৰ ভিতৰতেই আৱদ্ধ হৈ পৰিছিল। এই ঘটনাৰ পাছতেই শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থকা হৈছে যদিও খনিৰ ভিতৰত এতিয়াও বহু শ্ৰমিক আৱদ্ধ হৈ আছে।
উমৰাংছু আৰক্ষী থানাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত থকা এই কয়লাখনিটো ৩০০ ফুট গভীৰ আৰু ইতিমধ্যে ইয়াৰ প্ৰায় ২০০ ফুট পানীৰে ভৰি পৰিছে। এই ঘটনাৰ আজি চাৰি দিন উকলিল, কিন্তু এতিয়াও খনিৰ ভিতৰতে আছে শ্ৰমিকসকল। উমৰাংছুত থকা এই কয়লাখনিটো অবৈধ বুলি সন্দেহ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ঘটনাৰ পাছতেই আৰক্ষীয়ে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ৰ ধাৰা ৩(৫)/১০৫ বি এন এছ, আৰ/ডব্লিউ ধাৰা ২১(১)ৰ উদ্ধৃতিৰে উমৰাংছ’ আৰক্ষী থানাত গোচৰ নম্বৰ ০২/২০২৫ ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। লগতে এজনলোককো আটক কৰিছে।
উমৰাংছুৰ এই ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন দল- সংগঠনে। শেহতীয়াকৈ অসম জাতীয় পৰিষদে এই ক্ষেত্ৰত বিজেপি চৰকাৰক জগৰীয়া কৰে। পৰিষদে জিলা আয়ুক্ত বা আৰক্ষী অধীক্ষকৰ অজ্ঞাতে ৰেট হোল মাইনিং, কয়লা সৰবৰাহ আৰু পৰিবহন কেনেকৈ সম্ভৱ হ’ব পাৰে বুলি প্ৰশ্ন কৰে। অৱশ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য জানিব পৰা যাব।