উমৰাংছুৰ কয়লাখনিত মৃত্যুৰ কিৰীলি! ষষ্ঠ দিনৰ অভিযানত উদ্ধাৰ হৈছে এটাৰ পাছত আনটো মৃতদেহ
উমৰাংছুত সংঘটিত কৰুণ ঘটনাৰ ষষ্ঠ দিনটোত কয়লাখনিৰ পৰা ওলাইছে এটাৰ পাছত আন এটা শ্ৰমিকৰ দেহ। আজিৰ দিনটোত বৰ্তমান সময়লৈ কয়লাখনিৰ পৰা অভিযানকাৰী দলে উদ্ধাৰ কৰিছে তিনিজন শ্ৰমিকৰ মৃতদেহ। পূৰ্বে উদ্ধাৰ কৰা হৈছিল আন এজন শ্ৰমিকৰ মৃতদেহ।
ডিমা হাছাওৰ উমৰাংছুত সংঘটিত কৰুণ ঘটনাৰ আজি ষষ্ঠটো দিন। ষষ্ঠ দিনটোত কয়লাখনিৰ পৰা ওলাইছে এটাৰ পাছত আন এটা শ্ৰমিকৰ দেহ। আজিৰ দিনটোত বৰ্তমান সময়লৈ কয়লাখনিৰ পৰা অভিযানকাৰী দলে উদ্ধাৰ কৰিছে তিনিজন শ্ৰমিকৰ মৃতদেহ। পূৰ্বে উদ্ধাৰ কৰা হৈছিল আন এজন শ্ৰমিকৰ মৃতদেহ। কয়লাখনিৰ পৰা মুঠ চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। আটাইকেইজন শ্ৰমিক উদ্ধাৰ নহ’লেও সকলোকে মৃত ঘোষণাৰ সম্ভাৱনা।
ভাৰতীয় সেনাৰ ডুবাৰু দলে অভিযান চলাই উদ্ধাৰ কৰিছে মৃতদেহকেইটা। উদ্ধাৰ হোৱা মৃতদেহকেইটা গেলি পচি যোৱাত সমগ্ৰ এলেকা দুৰ্গন্ধই ছানি ধৰিছে কালাপানীৰ কয়লাখনি।অৱশ্যে এতিয়ালৈ চিনাক্ত কৰিব পৰা হোৱা নাই মৃতদেহকেইটা। আজি দুপৰীয়া উদ্ধাৰ হোৱা মৃতদেহ দুটা যথেষ্ট পচি যোৱাত সম্ভৱ হৈ উঠা নাই চিনাক্তকৰণ ।
বৰ্তমান কয়লাখনিত আবদ্ধ হৈ আছে আন ৫জন শ্ৰমিক। আবদ্ধ আন শ্ৰমিকৰ জীৱনক লৈও শংকিত হৈ পৰিছে পৰিয়ালবৰ্গ। আজি পুনৰ উদ্ধাৰ অভিযানত এগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল। নিহত শ্ৰমিকজনক উমৰাংছুৰ স্থানীয় যুৱক লিজেন মগৰ বুলি চিনাক্ত কৰা হৈছে। ধাৰাবাহিকভাৱে চলি থকা অভিযানৰ অন্তত ২৭ বৰ্ষীয় যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। বুধবাৰে উদ্ধাৰ হৈছিল নেপালৰ উদয়পুৰৰ গংগা বাহাদুৰ শ্ৰেষ্ঠৰ মৃতদেহ।
খনিত আবদ্ধ আন শ্ৰমিকৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে NDRF SDRF, স্থল সেনা, নৌ সেনাকে ধৰি বিভিন্ন উদ্ধাৰকাৰী সংস্থাই। নিশাৰে পৰা কয়লা খনিত অব্যাহত আছে পানী নিষ্কাষণৰ কাম। শুকুৰবাৰে ৩০০ ফুট উচ্চতালৈ পানী বৃদ্ধি পাইছিল কয়লা খনিটোৰ। পানী নিষ্কাষণৰ বাবে নাগপুৰৰ পৰা অনা হৈছে ক’ল ইণ্ডিয়াৰ 500 GPM ৱাটাৰ পাম্প। ইফালে শুকুৰবাৰে নিশাই ঘটনাস্থলীত উপস্থিত হৈছিল ক’ল ইণ্ডিয়াৰ ১২ জনীয়া উদ্ধাৰকাৰী দল।
সংবাদ মাধ্যমত উদ্ধাৰ কাৰ্যৰ অগ্ৰগতিৰ বিষয়ে সদৰি কৰে উদ্ধাৰকাৰী দলে। তেওঁলোকে কয়, “উমৰাংছ’ৰ কয়লা খনিত এতিয়াও ১০-১২ মিটাৰ পানী আছে। সকলোৰে সহযোগত আমি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছোঁ। ডাঙৰ মটৰ অনাৰ ব্যৱস্থা কৰা হৈছে”। ইফালে উমৰাংছু ঘটনাৰ তদন্তৰ দাবী কৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে। জৰুৰী SITৰ তদন্ত বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে সাংসদগৰাকীয়ে।
উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকৰ ঘটনাক লৈ শিৱসাগৰ দৌলমুখ চাৰিআলিত দল-সংগঠনৰ প্ৰতিবাদ। ‘কণিকা গাৰ্লোচাক গ্ৰেপ্তাৰ কৰক’,বিজেপি চৰকাৰ মুৰ্দাবাদ’,কয়লাৰ ক’লা বেপাৰ বন্ধ কৰক’, ‘উমৰাংছ’ত নিহত শ্ৰমিকক উচিত ক্ষতিপূৰণ প্ৰদান কৰক’ আদি শ্ল’গান দি উত্তাল পৰিৱেশ। সৰৱ শিৱসাগৰত জাতীয় দল সংগঠন। শীঘ্ৰে কনিকা গাৰ্লোচাক গ্ৰেপ্তাৰ কৰাৰ দাবী। মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ ৫০ লাখ টকাৰ সাহায্য প্ৰদানৰো দাবী প্ৰতিবাদকাৰীৰ।