উমৰাংছুত কয়লাখনিত আৱদ্ধ আন এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰঃ এতিয়াও আৱদ্ধ ৭ শ্ৰমিক

ডিমা হাছাওৰ উমৰাংছুত সংঘটিত কৰুণ ঘটনাৰ আজি ষষ্ঠ দিন। আজি পুৱাৰ ভাগত উদ্ধাৰ অভিযানত নিয়োজিত সংস্থাসমূহৰ যৌথ প্ৰচেষ্টাত উদ্ধাৰ হয় আন এজন শ্ৰমিকৰ মৃতদেহ। নিহত শ্ৰমিকজনক উমৰাংছুৰ স্থানীয় যুৱক লিজেন মগৰ বুলি চিনাক্ত কৰা হৈছে। ধাৰাবাহিকভাৱে চলি থকা অভিযানৰ অন্তত ২৭ বৰ্ষীয় যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়।

উমৰাংছুত কয়লাখনিত আৱদ্ধ আন এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰঃ এতিয়াও আৱদ্ধ ৭ শ্ৰমিক

উমৰাংছুত উদ্ধাৰ আন এজন শ্ৰমিকৰ মৃতদেহ

Updated On: 

11 Jan 2025 10:35 AM

ডিমা হাছাওৰ উমৰাংছুত সংঘটিত কৰুণ ঘটনাৰ আজি ষষ্ঠ দিন। ৯ গৰাকীকৈ শ্ৰমিক শোকাৱহভাৱে কয়লাখনিত আৱদ্ধ হোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছিল। ঘটনাস্থলীত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। ইতিপূৰ্বে ঘটনাৰ তৃতীয় দিনা উদ্ধাৰকাৰী দলে এগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিছিল। আজি পুনৰ উদ্ধাৰ অভিযানত আন এগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। আজি পুৱাৰ ভাগত উদ্ধাৰ অভিযানত নিয়োজিত সংস্থাসমূহৰ যৌথ প্ৰচেষ্টাত উদ্ধাৰ হয় শ্ৰমিকজনৰ মৃতদেহ।

নিহত শ্ৰমিকজনক উমৰাংছুৰ স্থানীয় যুৱক লিজেন মগৰ বুলি চিনাক্ত কৰা হৈছে। ধাৰাবাহিকভাৱে চলি থকা অভিযানৰ অন্তত ২৭ বৰ্ষীয় যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে এই বিষয়ে সদৰী কৰিছে। ইতিপূৰ্বে যোৱা বুধবাৰে পুৱা উমৰাংছুৰ কয়লাখনিৰ পৰা উদ্ধাৰ হৈছিল এজন শ্ৰমিকৰ মৃতদেহ। নিহত এই শ্ৰমিকজনক নেপালৰ গংগা বাবাদুৰ শ্ৰেষ্ঠৰ বুলি চিনাক্ত হৈছিল।

ইয়াকে ধৰি এইপৰ্যন্ত উমৰাংছুৰ শোকাৱহ ঘটনাত দ্বিতীয়জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। আনহাতে এতিয়াও ঘটনাস্থলীত আন ৭ জন শ্ৰমিক আৱদ্ধ হৈ আছে। এই শ্ৰমিককেইজনৰ সন্ধানত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। ভাৰতীয় সেনা, নৌসেনাৰ ডুবাৰু, অসম ৰাইফলছৰ উদ্ধাৰকাৰী দল, SDRF, NDRFৰ দলে আৱদ্ধ শ্ৰমিককেইজনৰ সন্ধানত যুটীয়া অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে, যোৱা সোমবাৰে ডিমা হাচাওৰ অন্তৰ্গত উমৰাংছুত এই কয়লাখনিত কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ পৰিছিল। শ্ৰমিসকলে কাম কৰি সময়তে পুৱা কয়লাখনিটো পানীৰে ভৰি পৰিছিল। কয়লাখনিত আৱদ্ধ শ্ৰমিকসকলক পশ্চিমবংগৰ জলপাইগুৰিৰ সঞ্জিত সৰকাৰ, শোণিতপুৰৰ শৰৎ গয়াৰী, দৰঙৰ জাকিৰ হুছেইন, হুছেইন আলী, মোস্তাফা শ্বেখ, গোসাঁইগাঁৱৰ চাৰ্পা বর্মন, কোকৰাঝাৰৰ খুছিমোহন ৰায় আৰু উমৰাংছুৰ স্থানীয় লিজেন মগৰ বুলি চিনাক্ত কৰা হৈছিল।

ইফালে শুকুৰবাৰে কেবিনেট বৈঠকৰ পিছত সংবাদ মেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে খনিটোত প্ৰায় ২৬ মিটাৰলৈ পানী জমা হৈ আছে। শুকুৰবাৰে পানী নিষ্কাষণৰ বাবে নাগপুৰৰ পৰা ক’ল ইণ্ডিয়াৰ এক বিশেষ যন্ত্ৰ অনা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই যন্ত্ৰই সঠিকভাৱে কাম কৰিলে আজি সন্ধিয়াৰ ভিতৰত পানী নিষ্কাষণ সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰে।

মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ
শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ