নতুন অধ্যায়ৰ সূচনা! ৰাজ্যত ৩খনকৈ ৰে’লৰ শুভাৰম্ভণি কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ….
কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুভাৰম্ভ কৰে ৩খনকৈ ৰে’লৰ যাত্ৰা। গুৱাহাটীৰ পৰা লখিমপুৰলৈ চলিব জনশতাব্দী এক্সপ্রেছ। নিউ বঙাইগাঁও-গুৱাহাটী যাত্রীবাহী ৰে'লৰো শুভাৰম্ভ কৰা হয়। তিনিচুকীয়া-নাহৰলগুণ এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে । ইয়াৰ উপৰিও তেতেলীয়াত ৰে'লৱে উৰণ সেতুৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় অশ্বিনী বৈষ্ণৱে।
ৰাজ্যৰ ৰে’ল যাতায়াতত নতুন অধ্যায়ৰ সূচনা। শুভাৰম্ভ কৰা হ’ল কেইবাখনো ৰে’লৰ। কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাইজৰ বাবে উৎসৰ্গা কৰে ৰে’লসমূহ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শুভাৰম্ভ হ’ল আটাইকেইখন ৰে’লৰ যাত্ৰা। পল্টনবজাৰ ৰে’লৱে ষ্টেচনত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী। গুৱাহাটী বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰীক আদৰণি জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগত উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।
Warm welcome in Guwahati! 🙏
Thanks CM Assam @himantabiswa Ji and Union minister @PmargheritaBJP Ji. pic.twitter.com/2uvLon05f3
— Ashwini Vaishnaw (@AshwiniVaishnaw) January 3, 2025
Joining Hon’ble Union Minister Shri @AshwiniVaishnaw ji in dedicating various Railway projects to the people. We are also launching the NIELIT and the Kokrajhar FM Station.
Watch 📡 https://t.co/I6bHS7IvBH
— Himanta Biswa Sarma (@himantabiswa) January 3, 2025