নতুন অধ্যায়ৰ সূচনা! ৰাজ্যত ৩খনকৈ ৰে’লৰ শুভাৰম্ভণি কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ….

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুভাৰম্ভ কৰে ৩খনকৈ ৰে’লৰ যাত্ৰা। গুৱাহাটীৰ পৰা লখিমপুৰলৈ চলিব জনশতাব্দী এক্সপ্রেছ। নিউ বঙাইগাঁও-গুৱাহাটী যাত্রীবাহী ৰে'লৰো শুভাৰম্ভ কৰা হয়। তিনিচুকীয়া-নাহৰলগুণ এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে ।  ইয়াৰ উপৰিও তেতেলীয়াত ৰে'লৱে উৰণ সেতুৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় অশ্বিনী বৈষ্ণৱে। 

নতুন অধ্যায়ৰ সূচনা! ৰাজ্যত ৩খনকৈ ৰে’লৰ শুভাৰম্ভণি কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ....

Union Minister Ashwini Vaishnaw

Published: 

03 Jan 2025 16:04 PM

ৰাজ্যৰ ৰে’ল যাতায়াতত নতুন অধ্যায়ৰ সূচনা। শুভাৰম্ভ কৰা হ’ল কেইবাখনো ৰে’লৰ। কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাইজৰ বাবে উৎসৰ্গা কৰে ৰে’লসমূহ। মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শুভাৰম্ভ হ’ল আটাইকেইখন ৰে’লৰ যাত্ৰা। পল্টনবজাৰ ৰে’লৱে ষ্টেচনত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী।  গুৱাহাটী বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰীক আদৰণি জনাই মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাই।  লগত উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুভাৰম্ভ কৰে ৩খনকৈ ৰে’লৰ যাত্ৰা। গুৱাহাটীৰ পৰা লখিমপুৰলৈ চলিব জনশতাব্দী এক্সপ্রেছ। নিউ বঙাইগাঁও-গুৱাহাটী যাত্রীবাহী ৰে’লৰো শুভাৰম্ভ কৰা হয়। তিনিচুকীয়া-নাহৰলগুণ এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে ।  ইয়াৰ উপৰিও তেতেলীয়াত ৰে’লৱে উৰণ সেতুৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় অশ্বিনী বৈষ্ণৱে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে “উত্তৰ-পূব ভাৰতৰ বাবে নতুন ইঞ্জিন। দেশক আগুৱাই নিয়াৰ নতুন ইঞ্জিন উত্তৰ-পূব। অসমৰ বহুত শক্তি আছে। অসমৰ যুৱ প্ৰজন্ম সাজু হ’বৰ হ’ল।” দেশৰ ৰে’লৱেৰ মানচিত্ৰত দৰং জিলাক অন্তৰ্ভুক্ত কৰা হ’ব বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
ইফালে অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসমত IT আৰু ইলেক্ট্ৰনিক বিশ্ববিদ্যালয় স্থাপন হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূপেন হাজৰিকাৰ নামেৰে হ’ব NIELIT (National Institute of Electronics & Information Technology) বিশ্ববিদ্যালয় হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় “NIELIT বিশ্ববিদ্যালয়ৰ ১১টা কেম্পাছ হ’ব দেশত। তাৰে এটা কেম্পাছ স্থাপন হ’ব জাগীৰোডত।” য’ত ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাণৰ শিক্ষা দিয়া হ’ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়, “এতিয়া জাৰ্মানীত নিৰ্মাণ হোৱা সামগ্ৰী অসমতে নিৰ্মাণ হ’ব। ৰে’লৱে উন্নয়নৰ বাবে কেন্দ্ৰই প্ৰদান কৰিছে ১০,০০০ কোটি টকা”।
ইয়াৰ উপৰিও ২০২৫ বৰ্ষ আৰম্ভণিতে দিয়া উপহাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰকীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। লগতে ৫ ফেব্ৰুৱাৰীত Advantage Assamৰ বাবে পুনৰবাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অশ্বিনী বৈষ্ণৱক অসমলৈ আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীয়ে কয়,  “২০৪৭ত আমাৰ দেশৰ লগতে বিকশিত অসম নিৰ্মাণ কৰাৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী মোদীয়ে।  ভাৰত এতিয়া ছেমি কণ্ডাক্টৰ পাৱাৰ হাউচ হ’বলৈ গৈ আছে।  অসমৰ লামডিঙত আৰম্ভ হৈছে ডাবল ট্ৰেকৰ কাম। জাগীৰোডত NIELIT বিশ্ববিদ্যালয়ে নতুন আলোকৰ পোহৰ কৰি তুলিব, য’ত ইলেকট্ৰনিছ, A.I, তথ্য-প্ৰযুক্তিৰ শিক্ষা দিয়া হ’ব।”
ইয়াৰ উপৰিও  আজি জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শনৰ লগতে অসম চৰকাৰে ১২১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া পানী যোগান আঁচনিৰ ভূমি পূজনত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। গুৱাহাটীৰ পৰা ৰে’লযোগে জাগীৰোডত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনালে ৰাজ্যৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে।
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!