এক্ট ইষ্ট পলিচিৰ প্ৰতি থকা কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাৰ কথা দোহাৰিলে কেন্দ্রীয় মন্ত্রী ড° এছ জয়শংকৰে

 অধিৱেশনত ভাষণ প্রদান কৰি  আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ গতিশীল কূটনৈতিক যোগাযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক্ট ইষ্ট পলিচিৰ প্রতি থকা ভাৰত চৰকাৰৰ অটল দায়বদ্ধতাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে। তেওঁ লগতে আঞ্চলিক সহযোগিতাৰ বাবে আন্তঃগাঁথনি উন্নয়ন আৰু অর্থনৈতিক যোগাযোগ শক্তিশালীকৰণৰ ক্ষেত্ৰত অসমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰতো মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

এক্ট ইষ্ট পলিচিৰ প্ৰতি থকা কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাৰ কথা দোহাৰিলে কেন্দ্রীয় মন্ত্রী ড° এছ জয়শংকৰে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ড° এছ জয়শংকৰ

Published: 

26 Feb 2025 07:30 AM

গুৱাহাটীত অনুষ্ঠিত ‘এডভান্টেজ আছাম ২.০’ শীর্ষক সম্মিলনৰ অংশ হিচাপে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰৰ উপস্থিতিত আয়োজিত ‘এক্ট ইষ্ট, এক্ট ফাষ্ট, এক্ট ফার্স্ট’ শীর্ষক এক উচ্চ পৰ্যায়ৰ অধিৱেশনত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই । এক্ট ইষ্ট পলিচিত অসমৰ ভূমিকা, আঞ্চলিক যোগাযোগ বৃদ্ধি, বাণিজ্যিক বিকাশ আৰু সীমা অতিক্রমী সহযোগিতাৰ পথ অধিক আগুৱাই নিয়াৰ এক কৌশলগত মঞ্চ হিচাপে অনুষ্ঠিত কৰা হৈছে এই এই অধিৱেশন। অধিৱেশনত আছিয়ান আৰু চুবুৰীয়া দেশসমূহৰ সৈতে অর্থনৈতিক সম্পর্ক ত্বৰান্বিত কৰাৰ বাবে ডিজিটেল আন্তঃগাঁথনি উন্নয়ন, বাণিজ্য সম্প্ৰসাৰণ আৰু এক্ট ইষ্ট নীতিৰ অধীনত থকা সুযোগসমূহ অন্বেষণ কৰা হয়।

অধিৱেশনত ভাষণ প্রদান কৰি  আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ গতিশীল কূটনৈতিক যোগাযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক্ট ইষ্ট পলিচিৰ প্রতি থকা ভাৰত চৰকাৰৰ অটল দায়বদ্ধতাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে। তেওঁ লগতে আঞ্চলিক সহযোগিতাৰ বাবে আন্তঃগাঁথনি উন্নয়ন আৰু অর্থনৈতিক যোগাযোগ শক্তিশালীকৰণৰ ক্ষেত্ৰত অসমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰতো মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

অধিৱেশনত ভাষণ প্রদান কৰি  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে,  পূৱ আৰু দক্ষিণ পূৱ এছিয়াৰ দেশসমূহৰ সৈতে গভীৰ সম্পৰ্ক অব্যাহত ৰাখিছে ভাৰতে।  ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে ভৌগোলিক স্থিতিৰ সুবিধা আৰু চহকী ঐতিহ্যৰ আধাৰত স্থায়ী আৰু পাৰস্পৰিক অংশীদাৰীত্ব গঢ়ি তুলিব বিচাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলে দক্ষিণ এছিয়া আৰু দক্ষিণ-পূৱ এছিয়াৰ মাজত ভৌগোলিক সংযোগ আৰু সাংস্কৃতিক সেতু বন্ধন শক্তিশালী ৰূপত প্রতিষ্ঠিত কৰিছে। এই ক্ষেত্ৰত অসমৰ গুৰুত্ব বিবেচনা কৰি তেওঁ কয় যে অসমক ভাৰতৰ বৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগোৱা ৰাজ্য হিচাপে গঢ়ি তোলাত তেওঁৰ এক সপোন আছে, যাতে দ্রুত আৰু নিৰৱচ্ছিন্নতাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত অসম আৰু বিকশিত ভাৰতৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগাৰ পৰে।

তেওঁ লগতে কয় যে, অসমে আজি সফলতাৰ দিশলৈ আগুৱাই গৈছে আৰু এক উজ্জ্বল ভবিষ্যত গঢ়াৰ দিশত অগ্ৰসৰ হৈছে। অসমক ৰাষ্ট্ৰৰ প্ৰগতিত অৰিহণা যোগোৱা এখন ৰাজ্যলৈ ৰূপান্তৰিত কৰিব বিচৰা হৈছে। তেওঁ কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰতি গভীৰভাৱে দায়বদ্ধ। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নেতৃত্বত ৬২ গৰাকী ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তাৰে গঠিত এক উচ্চপৰ্যায়ৰ প্ৰতিনিধি দলে ইয়াত অংশগ্রহণ কৰি বিশ্বব্যাপী যোগাযোগৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি স্থাপন কৰিছে। অদম্য সমর্পিত মনোভাৱেৰে ৰাজ্যখনে ২০৪৭ চনৰ ভিতৰত বিকশিত অসম হিচাপে বিকশিত ভাৰতলৈ অৰিহণা যোগোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলিও তেওঁ মন্তব্য কৰে।

অধিৱেশনৰ আৰম্ভণিতে অবজার্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ অধ্যয়ন আৰু বৈদেশিক নীতিৰ উপাধ্যক্ষ ড° হর্ষ ভি পন্টে কয় যে, ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত থকা সম্পর্কই আন্তঃগাঁথনি, সেউজ শক্তি, স্বাস্থ্য, ফার্মাচিউটিকেল আদি খণ্ডত থকা বিশাল সম্ভাৱনাক বাস্তৱায়িত কৰাত সফলতাৰে অংশীদাৰীত্ব কৰিছে। অধিৱেশনত ৰিপাব্লিক অৱ ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন ৱঙে ভাষণ প্রদান কৰি কয় যে, ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে পৰম্পৰাগত খণ্ডৰ বাহিৰেও নতুন সুযোগ বিচাৰি উলিয়াবলৈ আগ্রহী। অসম তেনে এখন আশাব্যঞ্জক ৰাজ্য। তেওঁ ৰাজ্যখনত ব্যৱসায়িক দিশটো সুচলতৰ কৰাৰ বাবে ছিংগল উইণ্ডো চিষ্টেমৰো প্রশংসা কৰে। ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হার্ভে ডেলফিনে অসমৰ চহকী মানৱ আৰু প্ৰাকৃতিক সম্পদৰ শলাগ লয়।

ইফালে ভাৰতৰ এক্ট ইষ্ট পলিচিৰ শলাগ লৈ ভূটানৰ ৰাষ্ট্ৰদূত মেজৰ জেনেৰেল ভেটছপ নামগিয়ালে কয় যে, প্রস্তাবিত গেলেফু মাইণ্ডফুলনেছ চিটি প্রকল্পই অসমক অর্থনৈতিকভাৱে শক্তিশালীকৰণৰ দিশত ইতিবাচক প্রভাৱ পেলাব। ইয়াৰ উপৰিও জাপানৰ ৰাষ্ট্ৰদূত কেইচি অনোৱে ভাৰত আৰু জাপানৰ মাজত থকা সাংস্কৃতিক সম্পৰ্ক আৰু যোগাযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে। তেওঁ এক্ট ইষ্ট পলিচি আৰু জাপানৰ আন্তঃগাঁথনি প্রকল্পত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও উল্লেখ কৰে। এই অধিৱেশনত উপস্থিত থাকে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, এক্ট ইষ্ট পলিচি পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আছিয়ান-ইণ্ডিয়া বিজনেছ কাউন্সিলৰ কো-চেয়াৰ (ইণ্ডিয়া) হর্ষবর্ধন আগৰৱালা, এফ আই চি চি আইৰ সভাপতি অধ্যাপক শচীন চর্তুবেদী আৰু ৰিচাৰ্চ এণ্ড ইনফৰমেশ্যন চিষ্টেম ফৰ ডেভলপিং কাউনট্রিজৰ সঞ্চালক।

ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..