শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ কন্যা উপাসাৰ মৃত্যু, কেনেকৈ প্ৰাণ গ’ল যুৱতীগৰাকীৰ ?

প্ৰাক্তন অগপ নেতা তথা গৃহমন্ত্ৰী ভৃগু ফুকনৰ কন্যাৰ ৰহস্যজনক মৃত্যু। দেওবাৰে পুৱা ছাঁদৰ পৰা পৰি মৃত্যুক সাৱতি লয় তেওঁ। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ কন্যা উপাসাৰ মৃত্যু, কেনেকৈ প্ৰাণ গ’ল যুৱতীগৰাকীৰ ?
উপাসা ফুকনImage Credit source: social media
barasha-sarma
Barasha Sarma | Published: 30 Mar 2025 13:28 PM

প্ৰাক্তন অগপ নেতা তথা গৃহমন্ত্ৰী ভৃগু ফুকনৰ কন্যা উপাসা ফুকনৰ ৰহস্য়জনক মৃত্যু। গুৱাহাটী মহানগৰীৰ খাৰঘূলিস্থিত বাসগৃহৰ ছাঁদৰ পৰা পৰি মৃত্যুক সাৱতি লয় যুৱতীগৰাকীয়ে। দেওবাৰে পুৱা ৭.৫৫ মান বজাত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। জানিব পৰা মতে ঘৰৰ দ্বিতীয় মহলাৰ ছাঁদৰ পৰা পিছলি পৰে যুৱতীগৰাকী আৰু পাছত মৃত্যুক সাৱতি লয়। ঘটনাৰ সময়ত ঘৰত উপস্থিত আছিল যুৱতীগৰাকীৰ মাতৃ ইন্দিৰা ফুকন। দীৰ্ঘদিন ধৰি প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ পত্নী-কন্যা এই ঘৰটোত বাস কৰি আছিল।

জানিব পৰা মতে, ভৃগু কুমাৰ ফুকনৰ একমাত্ৰ সন্তান আছিল উপাসা ফুকন। ঘটনা সংঘটিত হোৱাৰ পাছতেই আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অৱশ্যে এয়া দুৰ্ঘটনা নে আত্মহত্যা এতিয়ালৈকে জানিব পৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।

এসময়ৰ এগৰাকী অতি জনপ্ৰিয় ৰাজনৈতিক নেতা আছিল ভৃগু ফুকন। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তথা অসম আন্দোলনৰ এজন গুৰি ধৰোতা আছিল তেওঁ। অসম চুক্তি স্বাক্ষৰ কৰা ৪ ব্যক্তিৰ ভিতৰত ভৃগু ফুকনো আছিল। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ তেওঁ অসম আন্দোলনৰ সৈতে জড়িত আছিল।

অসম চুক্তি স্বাক্ষৰৰ পাছত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত গঠন হোৱা অসম গণ পৰিষদে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। সেই চৰকাৰৰ দিনক ভৃগু ফুকন অসমৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমানলৈ অসমৰ সৰ্ব কনিষ্ঠ গৃহমন্ত্ৰী তেওঁ।
২৯ বছৰ বয়সতে তেওঁ গৃহমন্ত্ৰী হৈছিল। কিন্তু প্ৰফুল্ল কুমাৰ মহন্তৰ লগত মনোমালিন্য হোৱাৰ বাবে ১৯৮৯ চনত তেওঁ সেই পদ তথা দল ত্যাগ কৰিছিল তেওঁ।

ৰাজনীতিত বহু উত্থান পতনৰ মাজেৰে গতি কৰি ফুকন  ২০০৪ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে অসম গণ পৰিষদলৈ ঘূৰি আহিছিল।  ১৯৮৫ চনৰপৰা একেৰাহে তিনিবাৰৰ বাবে জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈছিল ফুকন। ২০০৬ চনৰ ২০ মাৰ্চত এই নেতাগৰাকীৰ মৃত্যু হৈছিল।