Budget 2025: বাজেটত অসমৰ বাবে ভাল খবৰ, নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব ইউৰিয়া প্ৰকল্প
নামৰূপ সাৰ কাৰখানাৰ বাবে কেন্দ্ৰীয় বাজেটত বৃহৎ ঘোষণা। কাৰখানাটোক লৈ লোৱা সিদ্ধান্তৰ পিছতে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক সামাজিক মাধ্যমৰ জৰিয়তে ধন্যবাদ জনাইছে মুখ্য়মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দাখিল কৰিছে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। এইবাৰ কেন্দ্ৰীয় চৰকাৰে বাজেটত বৃদ্ধিৰ চাৰিটা ইঞ্জিন চিনাক্ত কৰিছে। এই ইঞ্জিনসমূহ হ’ল – কৃষি, এম এছ এম ই, বিনিয়োগ আৰু ৰপ্তানি। এই বাজেটৰ আটাইতকৈ ডাঙৰ ঘোষণাটো আছিল আয়কৰৰ স্লেৱৰ পৰিৱৰ্তন। আয়কৰত কৰা পৰিৱৰ্তনক মধ্যবিত্ত শ্ৰেণীৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ১২ লাখ টকা পৰ্যন্ত আয়ক কৰ ৰেহাই দিয়া হৈছে। অৱশ্যে এই ৰেহাই মূলধনী লাভৰ বাহিৰে আন আয়ৰ ওপৰত হ’ব।
ইফালে মোবাইল ফোন, চাৰ্জাৰ আৰু কেন্সাৰ ঔষধকে ধৰি কিছুমান বিশেষ সামগ্ৰীৰ কাষ্টম ৰেট কৰ্তনৰ কথা ঘোষণা কৰাৰ উপৰিও শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
নিৰ্মলা সীতাৰমণৰ এই পূৰ্ণাংগ বাজেটত অসমৰ বাবেও আছে ভাল খবৰ। নামৰূপ সাৰ কাৰখানাৰ বাবে কেন্দ্ৰীয় বাজেটত কৰিছে বৃহৎ ঘোষণা। বিত্তমন্ত্ৰীয়ে বাজেট ভাষণ আৰম্ভ কৰি কয়, “কৃষক, যুৱক, মহিলাৰ বাবে বাজেটত ভাল খবৰ। নামৰূপ সাৰ কাৰখানাত হ’ব ইউৰিয়াক প্ৰকল্প।” ইয়াত বছৰি উৎপাদন হ’ব ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া।
কেন্দ্ৰীয় বাজেটত নামৰূপৰ সাৰ কাৰখানাক লৈ লোৱা সিদ্ধান্তৰ পিছতে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক সামাজিক মাধ্যমৰ জৰিয়তে ধন্যবাদ জনাই মুখ্য়মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে লিখিছে-“অসমৰ বাবে আজি এক ঐতিহাসিক দিন !
কেন্দ্ৰীয় বাজেট-২০২৫ত আমাৰ নামৰূপত ১২.৭ লাখ মেট্ৰিক টন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্পৰ ঘোষণা কৰা হৈছে৷ অসমৰ জনসাধাৰণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই লোৱা এই সিদ্ধান্ত আক্ষৰিক অৰ্থতে এক উল্লেখযোগ্য ঘটনা। জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পাছত অসমলৈ দিয়া বৃহৎ উপহাৰটি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বৃহৎ উপহাৰ হিচাপে বিবেচিত হ’ব। ই কেৱল সাৰ উপলব্ধতাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভ কৰাত সহায় কৰাই নহয়, আমাৰ সম্পদ প্ৰাকৃতিক গেছৰ সমলৰো সদ্ব্যৱহাৰৰ ক্ষেত্ৰত সহায় কৰিব।মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন ডাঙৰীয়ানীলৈ অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।”
What a historic day for Assam ! #UnionBudget2025 has announced a 12.7 lakh MT urea plant in Namrup, a long standing demand of the people of Assam.
After the semiconductor plant in Jagiroad , this urea facility will be a game changer for the entire North East.
It will not…
— Himanta Biswa Sarma (@himantabiswa) February 1, 2025
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই সিদ্ধান্তৰ পিছতে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক সামাজিক মাধ্যমৰ জৰিয়তে ধন্যবাদ জনায়। সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমত লিখিছে-“কেন্দ্ৰীয় বাজেট ২০২৫-২৬ত অসমৰ বাবে এক সুখবৰ! ইউৰিয়াৰ যোগান অধিক বৃদ্ধি কৰিবলৈ অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্প স্থাপন কৰাৰ কথা আজি সংসদৰ মজিয়াত ঘোষণা কৰিছে মাননীয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে। নামৰূপত বাৰ্ষিক ১২.৭ লাখ মেট্ৰিক টন ক্ষমতাৰ প্ৰকল্প স্থাপন কৰা হ’ব। ইতিমধ্যে পূব অঞ্চলৰ তিনিটা সুপ্ত ইউৰিয়া প্ৰকল্প পুনৰ মুকলি কৰা হৈছে। এই অভিনৱ পদক্ষেপৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”
নামৰূপৰ সাৰ কাৰখানাক উদ্ধাৰ!
নামৰূপত থকা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ (BVFCL) সাৰ কাৰখানা অচল হৈ পৰিছে। নামৰূপ সাৰ প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণ সন্দৰ্ভত বহুসময়ত অসমৰ জনসাধাৰণে প্ৰতিবাদো কৰি আহিছে। ২০২২-২৩ বিত্তীয় বৰ্ষত কাৰখানাৰ উৎপাদন কিছু বৃদ্ধি হৈছিল যদিও পিছত একেই অৱস্থা হৈ পৰে। অৱশেষত আহিল বাল খবৰ। কেন্দ্ৰীয় বাজেট-২০২৫ত নামৰূপত ১২.৭ লাখ মেট্ৰিক টন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্পৰ ঘোষণা কৰিছে৷