গুগল মেপে বিপদত পেলালে অসম আৰক্ষীক, গোটেই নিশা বন্দী হৈ থাকিল নাগালেণ্ডত!

গুগল মেপ ব্যৱহাৰ কৰি বিপদত পৰিল অসম আৰক্ষী। অজানিতে অসম সীমান্ত অতিক্ৰম কৰি নাগালেণ্ডলৈ গৈছিল আৰক্ষীৰ এটা দল। কেৱল ইমানে নহয় গোটেই নিশা স্থানীয় লোকে আৱদ্ধ কৰি ৰাখিলে দলটোক।

গুগল মেপে বিপদত পেলালে অসম আৰক্ষীক, গোটেই নিশা বন্দী হৈ থাকিল নাগালেণ্ডত!

অসম আৰক্ষী (প্ৰতীকি ফটো)

Updated On: 

09 Jan 2025 13:04 PM

বহুলোকে নিজৰ গন্তব্য স্থানত উপস্থিত হ’বলৈ গুগল মেপ ব্যৱহাৰ কৰে। যি আমাৰ সুবিধাৰ বাবে প্ৰস্তুত কৰা হৈছে। কিন্তু কেতিয়াবা গুগল মেপ ব্যৱহাৰ কৰি যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। গুগল মেপে ভুল পথ দেখুওৱাৰ বহু বাতৰি আমি পাই থাকো। তেনে এটা ঘটনা সংঘটিত হৈছে অসমত। এইবাৰ গুগল মেপে বিপদত পেলালে অসম আৰক্ষীক।

জানিব পৰা মতে গুগল মেপৰ জৰিয়তে এজন অপৰাধীৰ অনুসন্ধানত গৈছিল অসম আৰক্ষীয়ে। কিন্তু ভুলবশতঃ তেওঁলোক নাগালেণ্ডত উপস্থিত হয়। তেওঁলোকৰ ভিতৰত মাত্ৰ তিনিজনে আৰক্ষীৰ পোছাক পিন্ধিছিল। বাকীবোৰ সাধাৰণ পোছাকত আছিল। নাগালেণ্ডৰ স্থানীয় লোকে ভাবিছিল যে কোনোবা অপৰাধী হয়তো তেওঁলোকৰ এলেকাত প্ৰৱেশ কৰিছে। তাৰ পাছতে তেওঁলোকে আৰক্ষীৰ দলটোক আক্ৰমণ কৰিছিল আৰু তেওঁলোকক গোটেই নিশা বন্দী কৰি ৰাখিছিল। অভিযানৰ সময়ত অসম আৰক্ষীৰ এটা ১৬জনীয়া দলে অজানিতে গুগল মেপৰ জৰিয়তে নাগালেণ্ডৰ মকোকচুং জিলাত উপস্থিত হয়। তাৰ পিছত স্থানীয় লোকসকলে আৰক্ষীসকলক অপৰাধী বুলি ভাবি আক্ৰমণ কৰে আৰু তেওঁলোকক বন্দী কৰি ৰাখে।

অসম আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি, মঙলবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। যোৰহাট জিলাৰ আৰক্ষীৰ এটা দলে এজন অভিযুক্তক আটক কৰিবলৈ অভিযান চলাই থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। তেওঁ কয়, “সেয়া এখন চাহ বাগিচাৰ এলেকা আছিল যিটো গুগল মেপত অসমৰ বুলি দেখুৱাইছিল। অৱশ্যে, সেই ঠাইখন প্ৰকৃততে নাগালেণ্ডৰ ভিতৰত আছিল। GPSৰ বিভ্ৰান্তিকৰ নিৰ্দেশনাৰ বাবে দলটোৱে অপৰাধীৰ সন্ধানত নাগালেণ্ড সীমান্তত উপস্থিত হৈছিল।” তেওঁ আকৌ কয় যে, “তাৰ পাছতে স্থানীয় লোকে অসম আৰক্ষীৰ দলটোক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই অনা দুৰ্বৃত্তৰ বুলি ভাবি বন্দী কৰি ৰাখিছিল।”

পুলিচ বিষয়াজনে কয়, “আৰক্ষীৰ দলটোৰ ১৬ জন কৰ্মচাৰীৰ ভিতৰত মাত্ৰ তিনিজন ইউনিফৰ্মত আছিল আৰু বাকীসকল সাধাৰণ পোছাকত আছিল। যাৰ বাবে স্থানীয় লোকসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। তেওঁলোকে দলটোকো আক্ৰমণ কৰিছিল। য’ত আমাৰ এজন কৰ্মচাৰী আঘাতপ্ৰাপ্ত হৈছিল।”

নাগালেণ্ডৰ প্ৰতিকূল পৰিস্থিতিৰ বিষয়ে তথ্য লাভ কৰি যোৰহাট আৰক্ষীয়ে লগে লগে মোকোকচুঙৰ আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰে। যিয়ে অসম আৰক্ষীৰ জোৱানসকলক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীলৈ এটা দল প্ৰেৰণ কৰে। তেতিয়া স্থানীয় লোকসকলে অনুভৱ কৰিছিল যে এইটো প্ৰকৃততে অসম আৰক্ষীৰ দল। তেওঁলোকে পাছত আঘাতপ্ৰাপ্ত ব্যক্তিসহ পাঁচজন সদস্যক মুকলি কৰি দিছিল। অৱশ্যে, তেওঁলোকে বাকী ১১ জন লোকক নিশাটো বন্দী কৰি ৰাখি  ৰাতিপুৱা মুকলি কৰি দিছিল। তাৰ পাছত যোৰহাটত উপস্থিত হয় আৱদ্ধ হৈ থকা আৰক্ষীৰ দলটো।

শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে
পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?