শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

USTM ৰ আচাৰ্য মহবুবুল হকৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

USTM ৰ আচাৰ্য মহবুবুল হকে লাভ কৰিলে জামিন। কিছুদিন পূৰ্বে দুটাকৈ গোচৰত গ্ৰেপ্তাৰ হৈছিল মহবুবুল হক। পৰীক্ষাত অসৎ পন্থ অৱলম্বন কৰাৰ অভিযোগ হকৰ বিৰুদ্ধে।

USTM ৰ আচাৰ্য মহবুবুল হকৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…
USTMৰ আচাৰ্য মহবুবুল হকক আটকImage Credit source: social media
barasha-sarma
Barasha Sarma | Published: 04 Mar 2025 09:06 AM

সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে ইউ এছ টি এম (USTM) ৰ আচাৰ্য মহবুবুল হকক। চি বি এছ ইৰ পৰীক্ষাকেন্দ্ৰিক গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল হক। জানিব পৰা মতে, মহবুবুল হকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে দুটাকৈ গোচৰ তৰি জিম্মাত লৈছিল আৰু পৰৱৰ্তী সময়ত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। এসপ্তাহৰো অধিক দিন কাৰাগাৰত থকাৰ পাছত সোমবাৰে জামিন লাভ কৰে আচাৰ্যগৰাকীয়ে।

চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাৰ সময়ত অনিয়ম সংঘটিত কৰি ধন লৈছিল বুলি অভিযোগ উত্থাপন হৈছিল হকৰ বিৰুদ্ধে। ইয়াকে লৈ শ্ৰীভূমিৰ পাথাৰকান্দিত এক এজাহাৰ দাখিল হৈছিল, আৰু সেই এজাহাৰৰ ভিত্তিতে ২১ ফেব্ৰুৱাৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহবুবুল হকক।

এই গোচৰতেই জামিন লাভ কৰে তেওঁ। ইয়াৰোপৰি তেওঁৰ বিৰুদ্ধে থকা অন্য এটা গোচৰ সন্দৰ্ভত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি হোৱাৰ কথা।

উল্লেখ্য যে, গ্ৰেপ্তাৰৰ পাছত ২৪ ফেব্ৰুৱাৰীত শ্ৰীভূমি জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত মহবুবুল হকক হাজিৰ কৰোৱা হৈছিল। ইয়াৰ পূৰ্বে তেওঁক কৰিমগঞ্জ সদৰ থানাৰ পৰা কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ চিকিৎসা পৰীক্ষা কৰা হয়।

২৫ ফেব্ৰুৱাৰীত মহবুবুল হক আৰু আন ৫ জন -হিৰামণি শইকীয়া, বিজয় দত্ত, ৰেজ্জাক আলী, নুমান আহমেদ, আৰু ইমদাদুৰ ৰহমানক চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। জিম্মা শেষ হোৱাৰ পাছত দেওবাৰে সন্ধিয়া ৫ বজাত তেওঁলোকক আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পূৰ্বে কৰ্তৃপক্ষই হক আৰু সহ অভিযুক্ত নুমান আহমেদক দিছপুৰ থানাৰ পৰা কৰিমগঞ্জ থানালৈ বদলি কৰে। শ্ৰীভূমি আৰক্ষীয়ে অতিৰিক্ত জিম্মা বিচৰা নাছিল, যাৰ বাবে আদালতে হকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

জানিব পৰা মতে, শ্ৰীভূমি (কৰিমগঞ্জ) জিলাৰ কেন্দ্ৰীয় বিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাত মুঠ ২৭৪ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল, য’ত বিদ্যালয়খনৰ ৪৫ জন আৰু ই আৰ ডি গ্ৰুপৰ ২১৪ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। অভিযোগ অনুসৰি, পৰীক্ষাৰ সময়ত ই আৰ ডি গ্ৰুপৰ ছাত্ৰ-ছাত্ৰীক সহায়ৰ বাবে কোনো আৰ্থিক চুক্তি কৰা হৈছিল। কিন্তু প্ৰতিশ্ৰুতি অনুসৰি যেতিয়া সহায় লাভ নকৰিলে তেতিয়া পৰীক্ষা কেন্দ্ৰটোত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অসৎ কামৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে আৰক্ষী আৰু এছ টি এফে তদন্ত আৰম্ভ কৰে। বৰ্তমান এই সমগ্ৰ বিষয় সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।