মূল্যবৃদ্ধিত জুৰুলা জনতা! কৃষকে পাই ১০ টকা মধ্যভোগীয়ে পাই ৫০ টকা..
৩ তৰপীয়া মধ্যভোগীয়ে ৰাজত্ব চলাইছে বজাৰসমূহত। জানিব পৰা মতে ২০০ শতাংশ পৰ্যান্ত মুনাফা অৰ্জন কৰে এই মধ্যভোগীয়ে। কিন্তু এই মূল্য নাপাই কৃষকে। দালালৰ কেকোঁৰা চেপাৰ বাবে একাংশ কৃষকে এৰিছে খেতি-বাতি।
মূল্যবৃদ্ধিয়ে কোঙা কৰিছে জনতাক। ৰাজ্যত আকাশলংঘী হৈছে শাক- পাচলিৰ মূল্য। প্ৰতি কিলো ১০০ টকাৰ তলত পাবলৈ নাই কোনো শাক- পাচলি। যাৰ বাবে ৰাজ্যৰ জনতাৰ মাজত সমস্যাই দেখা দিছে। নগাঁও, বৰপেটা, গুৱাহাটী আদি সকলোতে শাক- পাচলিৰ মূল্যবৃদ্ধি হৈছে। ভেন্দি, বিলাহী, জলকীয়া, ভাতকেৰেলা, আলু, পিয়াজ, পটল, বেঙেনী, জিকা আদি সকলোৰে মূল্যই ১০০ ৰ ঘৰ চুইছে। বজাৰলৈ গৈও শাক- পাচলি কিনিব নোৱাৰি খালী মোনা লৈ উভতিছে গ্ৰাহকে।
গুৱাহাটীৰ প্ৰতিখন বজাৰত বেঙেনাৰ মূল্য প্ৰতি কিলো ৮০ ৰ পৰা ১০০ টকা, জিকাৰ মূল্য ৮০ ৰ পৰা ১০০ টকা, বিলাহীৰ মূল্য প্ৰতিকিলো ১৩০- ১৪০ টকা, জলকীয়াৰ মূল্য ৮০ ৰ পৰা ১০০ টকা। ইয়াৰ লগতে আন শাক- পাচলিসমূহৰ মূল্যও যথেষ্ঠ পৰিমাণে বৃদ্ধি পাইছে। এয়া খুচুৰা ব্যৱসায়ৰ এক সম্যক মূল্য।
মধ্যভোগী দালাল, টোল গেটৰ দাম বৃদ্ধি, গাড়ীৰ ভাড়া বৃদ্ধি আদিৰ বাবেও শাক- পাচলি যথেষ্ঠ বৃদ্ধি পাইছে। অভিযোগ অনুসৰি কৃষকৰ পৰা কম দামত ক্ৰয় কৰি এই শাক- পাচলিসমূহ উচ্চ মূল্যত বিক্ৰী কৰে দালালসমূহে।বছৰ বছৰ ধৰি কৃষকৰ তেজ শুহি শুহি খাইছে এই দালালসমূহে। ৩ তৰপীয়া মধ্যভোগীয়ে ৰাজত্ব চলাইছে বজাৰসমূহত। জানিব পৰা মতে ২০০ শতাংশ পৰ্যান্ত মুনাফা অৰ্জন কৰে এই মধ্যভোগীয়ে। কিন্তু এই মূল্য নাপাই কৃষকে। দালালৰ কেকোঁৰা চেপাৰ বাবে একাংশ কৃষকে এৰিছে খেতি-বাতি। উদাহৰণ স্বৰূপে কৃষকৰ পৰা প্ৰতিকিলো ১০ টকাত ক্ৰয় কৰা পাচলিৰ মূল্য গুৱাহাটীৰ খুচুৰা বজাৰত হয়গৈ ৭০ ৰ পৰা ৮০ টকা পৰ্যন্ত।
বজাৰৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰী টাস্ক ফোৰ্চ গঠন কৰা হৈছিল যদিও এই সমিতিৰ কোনো বিষয়ববীয়াৰ দেখা দেখি নাই বজাৰত। বানপানীৰ সময়চোৱাত ৰাজ্যত শাক-পাচলিৰ মূল্য আকাশলংঘী হৈছিল। সেই সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টাস্ক ফোৰ্চ গঠন কৰি দিছিল যদিও কোনো লাভ নহ’ল। মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যোগান মন্ত্ৰী ৰঞ্জিত দত্তই কয় যে কোনো অসাধু চক্ৰই যদি অবৈধভাৱে শাক- পাচলিৰ মূল্য বৃদ্ধি কৰাৰ তথ্য পোহৰলৈ আহে তেন্তে এই ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা ল’ব।
উল্লেখ্য যে, আলুৰ যোগান এক প্ৰকাৰ বন্ধ কৰিছে পশ্চিম বংগই। যাৰ বাবে ৰাজ্যত আলুৰ মূল্যবৃদ্ধিও হৈছে। প্ৰতিকিলো আলুৰ দাম ৪০ ৰ পৰা ৫০ টকা হৈছেগৈ। যদিহে পশ্চিম বংগই আলুৰ গাড়ী অসমলৈ অহাত বাধা প্ৰদান কৰে তেন্তে আলুৰ মূল্যও বৃদ্ধি হ’ব পাৰে। জানিব পৰা মতে পশ্চিম বংগতো মূল্যবৃদ্ধিৰ সমস্যাই দেখা দিছে। ৰাজ্যখনত যাতে আলুৰি নাটনি নহয় তাৰ বাবে প্ৰথমে নিজ ৰাজ্য চাহিদা পূৰণ কৰাৰ নিৰ্দেশ দিছে মমতা বেনাৰ্জীয়ে।