5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসমীয়া সাংস্কৃতিক জগতক উকা কৰি উভতি নহাৰ বাটেৰে গুছি গ’ল কুলদা কুমাৰ ভট্টাচাৰ্য

ৰাজ্যবাসীক শোকাহত কৰি আজি চিৰনিদ্ৰাত শুই পৰিল স্বনামধন্য অভিনেতা, নাট পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য। দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজৰ অন্তত আজি দিছপুৰ পলিক্লিনিকৰ আই চি ইউ কক্ষত চিৰ দিনৰ বাবে চকু মুদে অসমৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তিজনে।

অসমীয়া সাংস্কৃতিক জগতক উকা কৰি উভতি নহাৰ বাটেৰে গুছি গ’ল কুলদা কুমাৰ ভট্টাচাৰ্য
কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান
monjit-dutta
Monjit Dutta | Updated On: 01 Nov 2024 22:11 PM

খহি পৰিল ৰাজ্যৰ আন এক উজ্জল নক্ষত্ৰ। উকা হৈ পৰিল অসমৰ সাংস্কৃতিক জগত। ৰাজ্যবাসীক শোকাহত কৰি আজি চিৰনিদ্ৰাত শুই পৰিল স্বনামধন্য অভিনেতা, নাট পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য। দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজৰ অন্তত আজি দিছপুৰ পলিক্লিনিকৰ আই চি ইউ কক্ষত চিৰ দিনৰ বাবে চকু মুদে অসমৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তিজনে। কিছু সময় পূৰ্বে প্ৰায় ৮.৩০ বজাত ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কুলদা কুমাৰ ভট্টাচাৰ্য। উল্লেখ্য যে শাৰীৰিক অসুস্থতাৰ বাবে যোৱা দুদিন ধৰি ভেণ্টিলেচনত আছিল প্ৰবীণ শিল্পীগৰাকী।

আজি দিনৰ ভাগত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক সংকটাপন্ন হৈ পৰা বুলি খবৰ প্ৰকাশ পাইছিল। এই খবৰ উদ্বিগ্ন কৰি তুলিছিল ৰাজ্যবাসীক। জানিব পৰা মতে আজি তেওঁৰ নশ্বৰ দেহ দিছপুৰ হাস্পতালতে ৰখা হ’ব আৰু শনিবাৰে পুৱাৰ ভাগত তেওঁৰ ৰিহাবাৰীস্থিত বাসগৃহলৈ লৈ যোৱা হ’ব। বাসগৃ্হত তেওঁৰ পৰিয়াল আত্মীয়-স্বজনে আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পাছত উজানবজাৰস্থিত সূৰ্যলৈ তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ’ব বুলি পৰিয়ালৰ সূত্ৰই জানিবলৈ দিছে।

সূৰ্যত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখোৱা হ’ব প্ৰবীণ শিল্পীগৰাকীৰ মৃতদেহ আৰু ইয়াতে তেওঁৰ প্ৰতি অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব গুণমুগ্ধ তথা অনুৰাগীসকলে। ইতিপূৰ্বেই কুলদা কুমাৰ ভট্টাচাৰ্যই চিকিৎসা বিজ্ঞানৰ সহায়ৰ বাবে তেওঁৰ দেহ ইলোৰা বিজ্ঞান মঞ্চলৈ দান কৰি গৈছে। এই ইচ্ছা অনুসৰি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা নহয়। সেয়ে সূৰ্যৰ পৰাই তেখেতৰ দেহ ইলোৰা বিজ্ঞান মঞ্চৰ হাতত অৰ্পণ কৰা হ’ব।

উল্লেখ্য যে ১৯৩৩ চনৰ ১৮ আগষ্টত পাণবজাৰত কুলদা কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কালিপ্ৰসন্ন ভট্টাচাৰ্য আৰু মাতৃ কমলা দেৱীৰ জন্ম হৈছিল তেতিয়াৰ অসমৰ অন্তৰ্গত শ্ৰীহট্ট জিলাত। তেখেতে ১৯৪৬ চনত মেট্ৰিকুলেচন পৰীক্ষা আৰু কটন কলেজৰ পৰা বি এ পাছ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত এম এ পাছ কৰে। ইয়াৰ পিছতে তেওঁ লণ্ডন আৰু জাৰ্মানীত মঞ্চকলা, অভিনয় আৰু টেলিভিছন বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল।

শৈশৱৰ পৰাই নাটক আৰু আবৃত্তিৰ প্ৰতি থকা টানৰ বাবে মাত্ৰ ছয় বছৰ বয়সতে তেওঁ মঞ্চত ভৰি থৈছিল। ইফালে কলেজত পঢ়ি থকা সময়তে তেওঁ হেমাংগ বিশ্বাসৰ নেতৃত্বত ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰে। চিনেমাৰ লগতে দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল কুলদা কুমাৰ ভট্টাচাৰ্যই। ১৯৬০ চনত তেওঁ ‘অসম জাতীয় নাট্যশালা’ প্ৰতিষ্ঠা কৰে।

গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ৰেডিঅ’ নাট ‘পৰশুৰাম’ত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল শিল্পীগৰাকীয়ে। প্ৰখ্যাত নাট্যকাৰ ড॰ ভবেন্দ্ৰনাথ শইকীয়া, অৰুণ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ আদিৰ সৈতে লগ লাগি তেওঁ ৰেডিঅ’ নাটক, ভ্ৰাম্যমাণ নাটকৰ ক্ষেত্ৰতো এক বিপ্লৱৰ সূচনা কৰিছিল। তেখেতে ৩৫ খনতকৈও অধিক তথ্যচিত্ৰ আৰু ছুটী ছবিও নিৰ্মাণ কৰিছিল

২০২৩ চনত কৃপাল কলিতা পৰিচালিত হাতীবন্ধু তথ্যচিত্ৰৰ বাবে তেওঁ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ ভইচ অভাৰৰ সন্মান লাভ কৰিছিল। তেওঁ ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান (জ্যোতি চিত্ৰবন)-ৰ প্ৰতিষ্ঠাপক সঞ্চালক। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰামাৰ বাবে তেখেত দুবাৰকৈ জুৰীৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।

Latest News