5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উভতি নহাৰ বাটেৰে গ’লগৈ তেওঁ…! ‘গণশিল্পী’ক হেৰুৱাই শোকত ম্ৰিয়মাণ ৰাজ্যবাসী

তেওঁ কৈছিল- ''আমি বাটৰুৱা শিল্পী,আমি বাটৰুৱা শিল্পী, আমি টলৌগুটি শিল্পী নহয় । আমি মানুহৰ দুখ, সুখ গীতৰে প্ৰকাশ কৰো।'' এই মহান শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে। সংবাদ মাধ্যমত তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমত বহুজনে তেওঁলৈ শ্ৰদ্ধা জনাই শোক প্ৰকাশ কৰিছে।

উভতি নহাৰ বাটেৰে গ’লগৈ তেওঁ…! ‘গণশিল্পী’ক হেৰুৱাই শোকত ম্ৰিয়মাণ ৰাজ্যবাসী
বিশিষ্ট সংগীত শিল্পী সূৰ্য দাসৰ মৃত্যু
trishna-kalita
Trishna Kalita | Updated On: 21 Dec 2024 14:27 PM

হঠাৎ অহা এটা খবৰ! অসমীয়া সংগীত জগত উকা কৰি উভতি নহাৰ বাটেৰে গ’লগৈ বিশিষ্ট সংগীত শিল্পী সূৰ্য দাস। এয়া যেন ৰাজ্যবাসীৰ বাবে এক অসহনীয় খবৰ। মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু হয় ‘গণশিল্পী’ৰ সূৰ্য দাসৰ। বিগত চাৰিদিন ধৰি মৰিগাঁৱৰ ধৰমতুলত আছিল শিল্পীগৰাকী।

খবৰ অনুসৰি বাথৰূমত পিছল খাই অচেতন অৱস্থাত পৰি আছিল তেওঁ। তাৰ পিছতেই তেওঁক ততাতৈয়াকৈ মৰিগাঁও চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয় । কিন্তু চিকিৎসালয়ৰ পৰাই আহিল অনাকাংশিত খবৰটো। ‘গণশিল্পী’ সূৰ্য দাস আৰু আমাৰ মাজত নাই।

তেওঁ কৈছিল- ”আমি বাটৰুৱা শিল্পী, আমি টলৌগুটি শিল্পী নহয় । আমি মানুহৰ দুখ, সুখ গীতৰে প্ৰকাশ কৰো।” এই মহান শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে।  তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমত বহুজনে তেওঁলৈ শ্ৰদ্ধা জনাই শোক প্ৰকাশ কৰিছে।

শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘মানুহ দেখিছোঁ আজি, বহুত মানুহ…’ শীৰ্ষক কালজয়ী গীতটিকে ধৰি কেইবাটিও চিৰসেউজ গীতত কণ্ঠ নিগৰাই অসমৰ সংগীত প্ৰেমীৰ হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰা সূৰ্য দাসদেৱৰ মৃত্যু সংবাদ শুনি শোকাহত হৈছোঁ৷ এগৰাকী অতি উদাৰ মনৰ বিশাল ব্যক্তিত্ব, গণশিল্পী সূৰ্য দাসদেৱৰ গীতসমূহত আমি বিশেষকৈ বিচাৰি পাইছিলোঁ মানৱতাৰ কথা৷ তেখেতৰ প্ৰয়াণ অসমৰ সাংস্কৃতিক তথা সমাজ জীৱনৰ বাবে বৃহৎ ক্ষতি৷ তেখেতৰ অৱদানে অসমক চিৰদিন সমৃদ্ধ কৰি ৰাখিব৷ মহান শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ ওঁম শান্তি।”

‘গণশিল্পী’ সূৰ্য দাসৰ আত্মাৰ সদ্গতি কামনা কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লিখিছে, “মানুহ দেখিছোঁ আজি বহুত মানুহ…” উদাত্ত কণ্ঠেৰে জনমুখী গীত পৰিৱেশনেৰে জাতীয় চেতনাক জাগ্ৰত কৰাত প্ৰখ্যাত সংগীতশিল্পী সূৰ্য দাসদেৱে এক সবল ভূমিকা পালন কৰিছিল। তেখেতৰ কণ্ঠৰ মাধুৰ্য আৰু গীতৰ প্ৰাসংগিকতা সজীৱ হৈ থাকিব। সূৰ্য দাসদেৱৰ বিয়োগ অসমৰ সংগীত জগতৰ লগতে সমাজ জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি। তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ মোৰ তৰফৰপৰা গভীৰ সমবেদনা জনালোঁ। ওঁম শান্তি!”

‘মানুহ দেখিছো আজি”ৰ দৰে বহু চিৰসেউজ গীতৰ স্ৰষ্ট্ৰা আছিল সূৰ্য দাস। ২০১৯ চনত ‘কৰম সিং ট্ৰাষ্ট’ৰ পৰা সূৰ্য দাসে লাভ কৰিছিল ‘কৰম সিং জনমভূমি বঁটা’। সমাজ জীৱনত আজিও প্ৰাসংগিক হৈ আছে তেওঁৰ গীতবোৰ। গণশিল্পী হিচাপে জনাজাত সূৰ্য দাসে জীৱন কালত বহু বঁটা, সন্মানেৰে বিভূষিত হৈছিল। অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা শিল্লী বঁটা, সুৰৰত্ন যজ্ঞ বেজবৰুৱা স্মৃতি বঁটা, সংগীত-প্ৰদীপ উপাধিৰ লগতে ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ বঁটাৰ দ্বাৰাও সন্মানিত কৰা হৈছিল তেওঁক।

ইফালে গণশিল্পী সূৰ্য হাজৰিকাৰ নশ্বৰ দেহ মৰিগাঁৱৰ পৰা গুৱাহাটী অভিমুখে লৈ অনা হৈছে। আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰা সূৰ্য হাজৰিকাৰ মৃতদেহ মৰিগাওঁ চিভিল হাস্পতালৰ পৰা পোনে পোনে মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ লৈ যোৱা হয় আৰু তাত আছু কৰ্মীসকলৰ লগতে অন্যান্য ব্যক্তি, সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰয়াত শিল্পীগৰাকীৰ নশ্বৰ দেহৰ শেষকৃত্য অনুষ্ঠান ক’ত সম্পন্ন কৰা হ’ব তাক লৈ প্ৰথম অৱস্থাত কিছু অনিশ্চয়তাৰ সৃষ্টি হৈছিল যদিও তেওঁৰ পত্নী আৰু জীয়ৰীৰ ইচ্ছানুসৰিয়েই গুৱাহাটীতেই শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰিয়েই তেওঁৰ নশ্বৰ দেহ গুৱাহাটী অভিমুখে লৈ অহা হৈছে। গুৱাহাটীৰ ক’ত শেষকৃত্য সম্পন্ন কৰা হ’ব সেয়া আনুষ্ঠানিকভাৱে পৰিয়ালৰ লোকে অৱগত কৰা নাই যদিও নৱগ্ৰহতেই শেষকৃত্য সম্পন্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Latest News