“হেভী এমাউন্ট”ৰ ফোনকল সঁচা নে মিছা? নৈতিকতা সমিতিলৈ পত্ৰ বিশ্বজিৎ দৈমাৰীৰ
এটা ভাইৰেল অডিঅ’ ক্লিপ সন্দৰ্ভত বিজেপিৰ আবেদন নৈতিকতা সমিতিলৈ প্ৰেৰণ কৰে, য’ত চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ছুপাৰি ছিণ্ডিকেটৰ সৈতে জড়িত এজন ব্যক্তিৰ নামেৰে মিল থকা আন এজন ব্যক্তিৰ পৰা ধন বিচৰা শুনা গৈছে । অৱশ্যে এয়া অভিযোগহে । সেই কণ্ঠ মনোৰঞ্জন তালুকদাৰৰ বুলি নিশ্চিত হোৱা নাই ।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সোমবাৰে এটা ভাইৰেল অডিঅ’ ক্লিপ সন্দৰ্ভত বিজেপিৰ আবেদন নৈতিকতা সমিতিলৈ প্ৰেৰণ কৰে, য’ত চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ছুপাৰি ছিণ্ডিকেটৰ সৈতে জড়িত এজন ব্যক্তিৰ নামেৰে মিল থকা আন এজন ব্যক্তিৰ পৰা ধন বিচৰা শুনা গৈছে । অৱশ্যে এয়া অভিযোগহে । সেই কণ্ঠ মনোৰঞ্জন তালুকদাৰৰ বুলি নিশ্চিত হোৱা নাই ।
শূন্যকালীন ঘন্টাত বিজেপিৰ বিধায়ক মানৱ ডেকাই এই বিষয়টো উত্থাপন কৰি ছিণ্ডিকেট সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ বাবে তালুকদাৰৰ বিৰুদ্ধে প্ৰস্তাৱ বিচাৰিছিল ।
ডেকাই কয়, “তেওঁ (তালুকদাৰ) ছিণ্ডিকেটৰ ওপৰত স্থগিত ৰখাৰ প্ৰস্তাৱ আনিছিল । আলোচনাৰ সময়ত তেওঁ ছুপাৰি ছিণ্ডিকেটৰ প্ৰধান অভিযুক্ত হিচাপে দুই এজনৰ নাম উল্লেখ কৰিছিল । এতিয়া তেওঁৰ ধন বিচৰাৰ অডিঅ’ টেপ ওলাইছে । এয়া কোনো সৰু বিষয় নহয় আৰু অধ্যক্ষই কিছু ব্যৱস্থা ল’ব লাগিব ।”
চৰ্চিত অডিঅ’ ক্লিপটোত বিধায়কজনৰ মাতৰ সৈতে মিল থকা এটা কণ্ঠই টেলিফোনিক কলত আনজনৰ পৰা “হেভী এমাউন্ট” বিচৰা শুনা গৈছে ।
অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তালুকদাৰে কয় যে, “এই ক্লিপটো এআই ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে । এয়া মোৰ কণ্ঠ নহয় । মই আদালতৰ কাষ চাপি নিৰপেক্ষ তদন্ত বিচাৰিম ।” তেওঁ লগতে কয়, “যদি কোনোবাই প্ৰমাণ কৰিব পাৰে যে মই সেই ব্যক্তিজনক ফোন কৰিছিলো, তেন্তে মই মোৰ ৰাজনৈতিক জীৱন ত্যাগ কৰিম ।”
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিধানসভাৰ আলোচনাত একেজন অভিযুক্ত ব্যক্তিৰ নাম উল্লেখ হোৱাৰ পৰাই এই বিষয়টো সদনত উত্থাপন হৈছে । এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে নৈতিকতা সমিতিলৈ জাননী প্ৰেৰণ কৰে ।