Word of War: কংগ্ৰেছী সাংসদৰ বিদেশী পত্নী আৰু মুখ্যমন্ত্ৰী পত্নীৰ সম্পত্তি…তুংগত এখন ৰাজনৈতিক মহাৰণ
ভয়ংকৰ অভিযোগ উঠিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে । পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে পূৰ্বে জড়িত থকাৰ অভিযোগ এলিজাবেথ ক'লবাৰ্ণ গগৈৰ বিৰুদ্ধে । হিমন্ত বিশ্ব শৰ্মাই তোলা অভিযোগক উভতি ধৰি মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক আওঁৰালে গৌৰৱ গগৈয়ে ।

আকৌ এটা ফেচবুক পোষ্ট । পুনৰ নাম উল্লেখ নকৰাকৈয়ে এগৰাকী সাংসদ তথা তেওঁৰ পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । পিছে মুখ্যমন্ত্ৰীয়ে নাম উল্লেখ নকৰিলেও এই শব্দবাণ কাক উদ্দেশ্যি প্ৰক্ষেপ কৰিছে সেয়া সকলোৱে বুজিছে । কিয়নো যোৱা দুদিন ধৰি অসমৰ ৰাজনীতিত সৰ্বাধিক চৰ্চা হৈ থকা বিষয় এইটো । যোৰহাটৰ কংগ্ৰেছ সাংসদ তথা লোকসভাত বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পূৰ্বৰ কৰ্মজীৱনক লৈ প্ৰচাৰিত এক খবৰে এতিয়া ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰিছে । যাৰ সৈতে সাঙোৰা হৈছে গৌৰৱ গগৈকো ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পোষ্টত গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁৰ পত্নীক পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ হৈ কাম কৰাৰ লগতে জৰ্জ ছৰছৰ সৈতেও সংযুক্ত বুলি অভিযোগ কৰিছিল । প্ৰথমটো পোষ্টত সাংসদ পত্নীয়ে ১২ বছৰ ধৰি বিদেশী নাগৰিকত্ব লৈ ভাৰতত বাস কৰা বিষয়টোক লৈ কটাক্ষ কৰে । কি কৈছিল মুখ্যমন্ত্ৰীয়ে ?
“ছিংগাপুৰত ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী বিষয়াৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত জানিব পাৰিলোঁ যে ভাৰত চৰকাৰৰ অনুমতি অবিহনে ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকলে বিদেশী নাগৰিকক বিয়া কৰাব নোৱাৰে । তদুপৰি অনুমতি পোৱাৰ পাছতো এক চৰ্তাৱলী থাকে যে পত্নীয়ে ছমাহৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব লাগিব। আমোদজনকভাৱে এই নিয়ম আমাৰ সাংসদসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় । তদুপৰি সাংসদৰ বিদেশী পত্নীয়ে ১২ বছৰ কাল বিদেশী নাগৰিকত্বৰ সৈতে থাকিবলৈ পোৱাৰ দৰে বিষয়সমূহ ভাবি চাবলগীয়া ৷ আন সকলো বিবেচনাতকৈ জাতিৰ প্ৰতি আনুগত্যই সদায় অগ্ৰাধিকাৰ পোৱাটো উচিত ।”
এই পোষ্টটোৰ পাছত আন এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰে আৰু কেতবোৰ চাঞ্চল্যকৰ অভিযোগ । তেওঁ আন এটা ফেচবুক পোষ্টত লিখে-
“কিছুমান গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব । আই এছ আইৰ সৈতে সম্পৰ্কৰ অভিযোগ, ব্রেইনৱাছ কৰি যুৱক-যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱা তথা ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল’বলৈ অস্বীকাৰ কৰাৰ সন্দৰ্ভত উঠা প্রশ্নসমূহৰ উত্তৰ দিব লাগিব । তদুপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধর্মান্তৰকৰণ জোঁটত অংশগ্ৰহণ আৰু জৰ্জ ছৰছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূর্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি। কিছু ক্ষেত্রত দায়বদ্ধতাৰ প্ৰয়োজন হয় । কেৱল দায়িত্বচ্যুত কৰি বা বেলেগ দিশলৈ মনোযোগ স্থানান্তৰ কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব । আজি দেশে লুকঢাক নোহোৱাকৈ প্ৰকৃত সত্যক জানিবলৈ বিচাৰে ।
সোনকালে হওক বা পলমকৈ হওক—জৰ্জ ছৰছৰ পৰিস্থিতিতন্ত্ৰৰ নেতৃত্বত কেনেদৰে বৈদেশিক শক্তিয়ে ২০১৪ চনত অসম কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল, সেই কথা জানিবলৈ পোৱা যাব । আশা ৰাখিছোঁ, যথা সময়ত সত্য নিশ্চিতভাৱে পোহৰলৈ আহিব ।”
কেৱল আই এছ আই নহয়, জৰ্জ ছৰছৰ বিষয়ো উত্থাপন হয় মুখ্যমন্ত্ৰীৰ অভিযোগত । ইফালে মন্ত্ৰী পীযুষ হাজৰীকায়ো গৌৰৱ গগৈৰ পত্নীৰ নাগৰিকত্বৰ বিষটোক লৈ বুধবাৰে ফেচবুকত এক পোষ্ট কৰে ।
বৃহস্পতিবাৰে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ফেচবুক পোষ্টত আৰু কেতবোৰ অভিযোগ উত্থাপন কৰিছে । পোষ্টটোত তেওঁ লিখিছে এইদৰে-
“২০১৫ চনৰ কথা ৷ ভাৰতত থকা পাকিস্তানৰ উচ্চায়ুক্ত আব্দুল বাছিতে নতুন দিল্লীত পাকিস্তানৰ উচ্চায়ুক্তক ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰথমটো কাৰ্যকাল আৰম্ভ কৰা এগৰাকী সাংসদ আৰু তেওঁৰ ষ্টাৰ্টআপ ‘পলিচী ফৰ ইউথ’ক আমন্ত্ৰণ জনাইছিল । উল্লেখযোগ্য যে সেই সময়ত এই সাংসদজন বৈদেশিক পৰিক্ৰমাৰ সংসদীয় সমিতিৰো সদস্য নাছিল, সেয়ে এই বিশেষ আমন্ত্ৰণৰ আঁৰৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন হৈছিল । বিশেষকৈ হুৰ্ৰিয়ৎ কনফাৰেন্সৰ সৈতে সম্পৃক্ত বিষয় হিচাপে অভ্যন্তৰীণ বিষয়ত পাকিস্তানী উচ্চায়ুক্তৰ হস্তক্ষেপৰ বিৰুদ্ধে ভাৰতে আনুষ্ঠানিকভাৱে প্ৰতিবাদ কৰাৰ পাছতো এই ভ্ৰমণ নিশ্চিত হৈছিল । এই উদ্বেগক আওকাণ কৰিও সাংসদগৰাকীয়ে পাকিস্তানী বিষয়াৰ সৈতে সাক্ষাৎ কৰাবলৈ ৫০-৬০জন ভাৰতীয় যুৱকক লৈ গৈছিল ।
এই কথাৰ কিছু সময়ৰ পাছতে তেওঁৰ ষ্টাৰ্টআপে ‘দ্য হিন্দু’ত এটা প্ৰবন্ধ প্ৰকাশ কৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সীমান্ত সুৰক্ষা বাহিনীৰ ভূমিকাক সমালোচনা কৰে । তেওঁৰ সংসদীয় প্ৰশ্নসমূহ অধিক পুংখানুপুংখভাৱে পৰীক্ষা কৰিলে ক’ষ্ট গাৰ্ডৰ ৰাডাৰ স্থাপন, ভাৰতৰ অস্ত্ৰ কাৰখানা, বিমান প্ৰতিৰক্ষা, ইৰানৰ সৈতে বাণিজ্যৰ বাবে ট্ৰেনজিট পথ, কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আৰু গিৰ্জাত আক্ৰমণৰ অভিযোগ আদিৰ বিষয়ে অনুসন্ধানকে ধৰি স্পৰ্শকাতৰ প্ৰতিৰক্ষা বিষয়সমূহে গুৰুত্ব বেছিকৈ পোৱাতো পৰিলক্ষিত হয় । এই কথাবোৰে আচলতে তেওঁৰ আগ্ৰহযুক্ত বিষয়ৰ লক্ষণীয় পৰিৱৰ্তনক চিহ্নিত কৰিছে ।
আমোদজনকভাৱে এই সকলোবোৰ তেখেতৰ ‘প্ৰফেচনেল বেকগ্ৰাউণ্ড’ থকা ব্ৰিটিছ নাগৰিকগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ লগে লগে ঘটিছিল আৰু সেয়ে ই অধিক প্ৰশ্নৰ অৱতাৰণা কৰিছে । বিবাহৰ পূৰ্বে তেওঁৰ পত্নীয়ে পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে পৰিচিত এজন আমেৰিকান চিনেটৰৰ বাবে কাম কৰিছিল আৰু পাছলৈ পাকিস্তানতে সময় কটাইছিল ৷ আই এছ আইৰ ফ্ৰণ্ট বুলি বহুলভাৱে বিশ্বাস কৰা এটা সংস্থাত কৰ্মৰত আছিল । এই ঘটনাসমূহ আৰু সংঘটিত হোৱাৰ সময়সূচীয়ে সাংসদগৰাকীৰ ৰাজনৈতিক স্থিতি আৰু কাৰ্যাৱলীত আন এক কুটিল স্তৰৰ সংযোজন কৰিছে ।”
ইফালে হিমন্ত বিশ্ব শৰ্মাৰ এই অভিযোগ সন্দৰ্ভত উত্তৰ নিদিয়াকৈ থকা নাই গৌৰৱ গগৈয়েও । কংগ্ৰেছ সাংসদ তথা অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে কয়, “মোৰ পত্নী যদি আই এছ আই এজেন্ট তেন্তে মই R&AW ৰ এজেন্ট ।”
এই অভিযোগক হাস্যকৰ বুলি উল্লেখ কৰি গগৈয়ে কয়, “এটা পৰিয়াল যাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈ আছে, তেওঁলোকে মোৰ বিৰুদ্ধে কিবা ক’লে মই গুৰুত্ব নিদিওঁ । অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পৰা মনোযোগ আঁতৰাবৰ বাবে এইবোৰ কৰিছো ।” সংবাদ সংস্থা এএআয়ে গৌৰৱৰ বক্তব্যক এইদৰে উল্লেখ কৰিছ ।
হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি গৌৰৱে কয়, ” অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে মুখ্যমন্ত্ৰী সলনি কৰিব পাৰে । নিজৰ গাদী হেৰুওৱাৰ ভয়ত তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণৰ বাবে মোৰ বিৰুদ্ধে এই অভিযোগ আনিছে ।” ইফালে নিজৰ X হেণ্ডেলত গৌৰৱ গগৈয়ে শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত এটা পোষ্ট ।
Getting more details about this case filed by a senior Supreme Court advocate. The disputed land used to be in my old Lok Sabha Kaliabor. Maybe this case is why my old constituency was terminated during delimitation. https://t.co/LZTb5uhvYT
— Gaurav Gogoi (@GauravGogoiAsm) February 12, 2025
In Assam the PWD department under the Chief Minister of Assam keeps coming in news for the wrong reasons. https://t.co/02hhqRDpnp
— Gaurav Gogoi (@GauravGogoiAsm) February 12, 2025
এই বিতৰ্কই ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে । এই বিতৰ্কৰ অন্ত কিদৰে পৰে সেয়া অৱশ্যেই লক্ষণীয় হ’ব ।