জলবিস্ফোৰণৰ পাছত খাৰঘূলিত জনতাৰ হাহাকাৰ! নিমিষতে শেষ হ’ল ৭টাকৈ বাসগৃহ, আশ্ৰয় শিবিৰত কটালে নিশা
খাৰঘূলিত বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছিল ভয়ংকৰ ঘটনাটো৷ জলবিস্ফোৰণ হৈ ৭টাকৈ বাসগৃহ, ৬খন দোকান ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আহত হৈছিল এটি কণমানি৷ ১৪খন ই-ৰিক্সা, ৪খন দুচকীয়া বাহন, ২খন অটো ক্ষতিগ্ৰস্ত হৈছিল এই ঘটনাত ৷ ইয়াৰ পাছতেই খাৰঘুলিত ক্ষতিগ্ৰস্ত পৰিয়াললৈ আৰ্থিক সাহায্য ৰাজ্য চৰকাৰৰ।
নতুন বছৰৰ আৰম্ভণিতে এক শোকাৱহ ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰী। নিমিষতে শেষ হ’ল ৭টাকৈ বাসগৃহ, ৬খন দোকান৷ হেঁপাহৰ ঘৰখন হেৰুৱাই প্ৰচণ্ড শীতৰ মাজতে আশ্ৰয় শিবিৰত কটালে ক্ষতিগ্ৰস্ত ৰাইজে।
এইবাৰব খাৰঘূলিৰ নামঘৰ চ’কত ফুটিছিল জল ব’ৰ্ডৰ পানীৰ পাইপ। যাৰ ফলত বিস্তৰ ক্ষতিসাধন হয় খাৰঘূলিৰ বৃহত্তৰ অঞ্চলত। লগে লগে বন্ধ হৈ পৰিছিল উজান বজাৰ-খাৰঘূলিৰ যাতায়াত ব্যৱস্থা। উজান বজাৰ-খাৰঘূলি পথত একাঁঠুলৈকে উঠিছিল পানী। পানীৰ ইমানেই প্ৰৱল সোত আছিল যে পানীৰ তীব্ৰ সোঁতে ভাঙি নিছিৱ গছৰ ডাল। ৩০ৰ পৰা ৪০ পৰ্যন্ত ওপৰলৈ উঠিছিল পানীৰ ফোঁৱাৰা। পানীৰ সোঁতত ক্ষতিসাধন হৈছে কেইবাখনো বাহনৰো। এই জল বিস্ফোৰণত আহত হৈছে এটি শিশু।
তাৰ পাছতে খাৰঘুলিত সংঘটিত হোৱা পানী যোগান আঁচনিৰ পাইপ বিস্ফোৰণৰ ঘটনাৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয় নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। এই ঘটনাটোৰ লগত যিসকল ক্ষতিগ্ৰস্ত হ’ল, সেই ক্ষতিগ্ৰস্ত লোকসকলক শীঘ্ৰে লালচিং একাডেমীত ৰিলিফ কেম্প বনাই ৰখাৰ ব্যৱস্থা কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে। ক্ষতিগ্ৰস্ত ৬টা পৰিয়ালৰ মানুহক তাত থকা-খোৱাৰ ব্যৱস্থাটো বিভাগীয় ফালৰ পৰা কৰা হ’ব আৰু ক্ষতিগ্ৰস্তসকলক আজিৰ দিনটোতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে অনতিপলমে ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে। লগতে মন্ত্ৰীগৰাকীয়ে বিজ্ঞানসন্মত পদ্ধতিৰে এই ঘটনাৰ অনুসন্ধান কৰি প্ৰতিকাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে এনে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু হ’ব বুলি মন্তব্য প্ৰদান কৰে।
মহানগৰীৰ খাৰঘূলিত বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছিল ভয়ংকৰ ঘটনাটো৷ জলবিস্ফোৰণ হৈ ৭টাকৈ বাসগৃহ, ৬খন দোকান ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আহত হৈছিল এটি কণমানি৷ ১৪খন ই-ৰিক্সা, ৪খন দুচকীয়া বাহন, ২খন অটো ক্ষতিগ্ৰস্ত হৈছিল এই ঘটনাত ৷ ইয়াৰ পাছতেই খাৰঘুলিত ক্ষতিগ্ৰস্ত পৰিয়াললৈ আৰ্থিক সাহায্য ৰাজ্য চৰকাৰৰ। পাইপ বিস্ফোৰণৰ পিছত অতিকৈ ক্ষতিগ্ৰস্ত ৪টা পৰিয়ালৰ বাবে ঘোষণা কৰা হৈছে ১.২ লাখ টকাৰ ক্ষতিপূৰণ।
Under the guidance of Hon’ble CM Dr. @himantabiswa Dangoriya and in line with the assurance I gave this morning, the Mayor has handed over the compensation amounts to the four families severely affected by the water supply pipeline explosion in Kharghuli, as per the district… pic.twitter.com/icgLImlDKl
— Jayanta Mallabaruah (@jayanta_malla) January 2, 2025
ইফালে এই ঘটনাৰ পাছতে ৩ দিনলৈ গুৱাহাটীত পানী যোগান বন্ধ ৰখা সিদ্ধান্ত গ্ৰহণ জলব’ৰ্ডৰ। খাৰঘূলিৰ জল বিস্ফোৰণৰ পিছতেই পাইপ মেৰামতিৰ বাবে এই সিদ্ধান্ত। ৫ জানুৱাৰীলৈ পানী যোগান ব্যাহত হ’বলগীয়া অঞ্চলসমূহ হৈছে- অমিয় নগৰ, চানমাৰি, ৰাজগড়, লাচিত নগৰ, উলুবাৰী, চিৰিয়াখানা পথ, অনিল নগৰ, নবীন নগৰ, তৰুণ নগৰ, ভাস্কৰ নগৰ, এমটি ৰোড, গীতনগৰ, অম্বিকাগিৰি নগৰ, লতাশিল, শিলপুখুৰী, পানবজাৰ, খাৰঘূলি আদি৷
উল্লেখ্য যে, ২০২৩ চনৰ ২৫ মে’তো খাৰঘূলিত ফুটিছিল পানীৰ পাইপ। পানীৰ পাইপ ফুটি সংহাৰ সৃষ্টি কৰিছিল সমগ্ৰ অঞ্চলত। ধ্বংস হৈছিল বহু বাসগৃহ।