শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Waterbird Population : এই বছৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত কিমান প্ৰজাতিৰ জলচৰ পক্ষী পোৱা গ’ল…?

ভাল খবৰ, অসমৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত বৃদ্ধি পাইছে জলচৰ পক্ষীৰ সংখ্যা । শেহতীয়া এক সমীক্ষা অনুসৰি, অভয়াৰণ্যখনত জলচৰ পক্ষীৰ সংখ্যা ৫০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে ।

Waterbird Population : এই বছৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত কিমান প্ৰজাতিৰ জলচৰ পক্ষী পোৱা গ’ল…?
পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 02 Feb 2025 22:35 PM

অসমৰ জৈৱ-বৈচিত্ৰতা আৰু পৰ্যটনৰ ক্ষেত্ৰসমূহে দেশৰ লগতে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে । ইয়াৰ মাজতে এটা ভাল খবৰ যে, অসমৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত বৃদ্ধি পাইছে জলচৰ পক্ষীৰ সংখ্যা । শেহতীয়া এক সমীক্ষা অনুসৰি, অভয়াৰণ্যখনত জলচৰ পক্ষীৰ সংখ্যা ৫০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে । এই বৃদ্ধিৰ লগে লগে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত জলচৰ পক্ষীৰ সংখ্যা প্ৰায় ১১ হাজাৰ হৈছে বুলি দেওবাৰে এগৰাকী বিষয়াই জানিবলৈ দিছে ।

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাই কয় যে, শেহতীয়াকৈ চলোৱা এক এছিয়ান জলচৰ পক্ষীৰ জৰীপত পবিতৰাত ৫৬ টা প্ৰজাতিৰ ১০,৯৩৩ টা জলচৰ পক্ষী পোৱা গৈছে । ২০২৪ চনত পবিতৰাত চলোৱা জৰীপত ৭,২২৫ টা জলচৰ পক্ষীৰ উপস্থিতি পোৱা গৈছিল বুলি জানিবলৈ দিছে বন বিষয়াগৰাকীয়ে ।

যোৱা ১৮ জানুৱাৰীত পক্ষী বিজ্ঞানী আনোৱাৰুদ্দিন চৌধুৰী আৰু বন বিভাগৰ বিষয়াকে ধৰি প্ৰায় ২২ জন বিশেষজ্ঞৰে গঠিত মুঠ ১২ টা গণনাকাৰী দলে অভয়াৰণ্যখনৰ ৯ খন ‘বিল’ (জলভাগ)ক সামৰি জৰীপ চলাইছিল। লগতে বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে, অভয়াৰণ্য়খনৰ মুঠ পক্ষীৰ সংখ্যা ভিতৰত ৮০ শতাংশ পৰিভ্ৰমী পক্ষী আৰু ২০ শতাংশ আৱাসী চৰাই।

উল্লেখ্য যে, বিষয়াগৰাকীয়ে জনাইছে যে, বন্যপ্ৰাণী এন জি অ’ আৰণ্যকৰ সহযোগত ‘আমাৰ উমৈহতীয়া ভৱিষ্যতৰ বাবে জলাশয় ৰক্ষা’ শীৰ্ষক বিষয়ৰে পবিতৰাত উদযাপন কৰা বিশ্ব জলাশয় দিৱস উপলক্ষে এই জৰীপৰ প্ৰতিবেদন ৰাজহুৱা কৰা হয়।

মৰিগাঁও জিলাত অৱস্থিত আৰু গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত পবিতৰাক ১৯৯৮ চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। এই অভয়াৰণ্য়খন ৩৮.৮১ ​​বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত হৈ আছে । ২০২২ চনৰ জৰীপ অনুসৰি ইয়াত ১০৭ টা এশিঙীয় গঁড় আছে। ইয়াৰ উপৰিও ইয়াত অন্যান্য বন্যপ্ৰাণী যেনে -২২ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ২৭ টা প্ৰজাতিৰ সৰীসৃপ, ৯ টা প্ৰজাতিৰ উভচৰ প্ৰাণী, ৪১ টা প্ৰজাতিৰ মাছ আৰু ৩৭৫ টা প্ৰজাতিৰ চৰাই আছে বুলি চৰকাৰী ৱেবছাইটত প্ৰকাশ পাইছে।