কইনা থৈ ঘৰলৈ উভতাৰ পথতেই নৈত পৰিল বাহন, মৃত্যু ভাতৃ ঈষাণ গগৈৰ…
এই দুৰ্ঘটনাৰ ফলত আহত হয় ৪ জন, এই আটাইকেইজন বৰ্তমান সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি হৈ আছে। জানিব পৰা মতে নিশা এই ৪ জনক বাহনখনৰ পৰা উদ্ধাৰ কৰা হৈছিল যদিও ঈষাণ গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ আছিল।
সোমবাৰে পুৱাই ডিব্ৰুগড়ৰ পৰা পোহৰলৈ আহে এক শোকাবহ পথ দুৰ্ঘটনাৰ ঘটনা। কইনাক দৰা ঘৰত থৈ ঘৰলৈ উভতি অহাৰ পথতেই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱতি লয় এজন যুৱকে। লগতে আন কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে কালিলৈ কন্যাৰ বিয়াক লৈ উখল মাখল থৈ থকা ঘৰখন, ৰভাতলী আজি পৰিণত হৈছে মৰিশালীলৈ। কইনাক বিদায় দিয়াৰ পাছতেই পুত্ৰৰ মৃত্যুত ভাগি পৰিছে এটা পৰিয়াল।
ডিব্ৰুগড়ৰ লাহোৱালৰ চেচা দলঙত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। কইনাক থৈ ঘৰলৈ উভতাৰ পথতেই নৈত পৰে এখন বিলাসী বাহন। এই ঘটনাৰ ফলত থিতাতে নিহত হয় কইনাৰ ভাতৃ ঈষাণ গগৈ আৰু আহত হয় ৪ জন। আহত ৪ জনক আৰক্ষীয়ে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত হাস্পাতাললৈ প্ৰেৰণ কৰাৰ লগতে মৃত ঈষাণৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
জানিব পৰা মতে আজি পুৱতি নিশা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। তামুলীখাটৰ এখন বিয়াৰ কইনা থ’বলৈ গৈ ঘূৰি অহাৰ পথতেই নৈত পৰে বিলাসী বাহনখন। ইয়াৰ ফলত পুৱতি নিশাৰ পৰা প্ৰায় ৫ ঘন্টা সময় গাড়ীখন নৈৰ ভিতৰতে আৱদ্ধ হৈ থাকে। এই সময়চোৱাত গাড়ীখনৰ ভিতৰত আছিল ঈষাণ নামৰ যুৱকজন। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী, স্থানীয় ৰাইজ আৰু SDRF-বাহিনী উপস্থিত হৈ ৰচীৰে টানি বাহনখন উদ্ধাৰ কৰে যদিও বাহনৰ ভিতৰতে মৃত্যু হয় যুৱকজনৰ।
এই দুৰ্ঘটনাৰ ফলত আহত হয় ৪ জন, এই আটাইকেইজন বৰ্তমান সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি হৈ আছে। আহতসকল – অখিল ৰাজ গগৈ, বিপ্লৱ গগৈ, লাটুৰাজ গগৈ আৰু ত্ৰিদীপ গগৈ। জানিব পৰা মতে নিশা এই ৪ জনক বাহনখনৰ পৰা উদ্ধাৰ কৰা হৈছিল যদিও ঈষাণ গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ আছিল। যাৰ ফলত গাড়ীৰ ভিতৰতে মৃত্যু হয় ঈষাণৰ। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, নৱ নিৰ্মিত পথটোত ঠিকাদাৰে চিহ্ন নিদিয়াৰ বাবে এই পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভ্যাহত ৰাখিছে তদন্ত।
উল্লেখ্য যে, এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও এই অঞ্চলটোত কেইবাটাও এনেধৰণ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। এনেবোৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে পথ নিৰ্মাণ বা অন্য নিৰ্মাণস্থলীত সাংকেতিক চিহ্ন দিয়াৰ নিৰ্দেশ দিছিল যদিও একাংশ ঠিকাদাৰৰ অকৰ্মন্যতাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হয়। গতিকে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়।