বিহুৰ সৈতে ঢোলৰ আছে ওতঃপ্ৰোত সম্পৰ্ক, বিহুত ব্যৱহাৰ কৰা ঢোলটোৰ নাম কি?
ঢোল অসমীয়া বিহুৰ আটাইতকৈ প্ৰয়োজনীয় বাদ্যযন্ত্ৰ। বিহু আৰু হুঁচৰিত ঢোলৰ চেৱে মূল দ্বায়িত্ব লৈ ইয়াক আগবঢ়াই নিয়ে। বিহু নৃত্যৰ লগতে গীত বা আন পেঁপা , গগনা আদি বাদ্য বজাওতেও ঢোল সংগত কৰিব লাগে। বিহু বা হুঁচৰিৰ আৰম্ভণিৰ পৰা শেষলৈকে কেৱল ঢোল আৰু তাল হে একেৰাহে বজোৱা হয়। বাকী বাদ্যযন্ত্ৰবিলাক মাজে মাজেহে ব্যৱহাৰ হয়।

আকৌ পালেহি অসমীয়াৰ প্ৰাণৰ ব’হাগ ৷ গছে-বনে এতিয়া কুলিৰ শুৱলা মাত ৷ ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি। হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ সকলো ব্যস্ত। ঢুলীয়াৰ ঢোলৰ চেওত কঁকাল ভাঙি নাচিবলৈও সাজু নাচনীসকল। বিহুৰ সৈতে ঢোলৰ আছে ওতঃপ্ৰোত সম্পৰ্ক।
ঢোল অসমৰ জনসংস্কৃতিৰ এবিধ গুৰুত্বপূৰ্ণ বাদ্য যন্ত্ৰ। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্টগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য কৰে। ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিবীৰ প্ৰায়বিলাক লোক সংস্কৃতিতেই ঢোল জাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাবে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। এসময়ত ঢোলৰ ছেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল। অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিচায়ক বুলিও ভবা হয়। কিন্তু বিহুত ব্যৱহাৰ কৰা ঢোলটোৰ নাম কি জানেনে?
ঢোল অসমীয়া বিহুৰ আটাইতকৈ প্ৰয়োজনীয় বাদ্যযন্ত্ৰ। বিহু আৰু হুঁচৰিত ঢোলৰ চেৱে মূল দ্বায়িত্ব লৈ ইয়াক আগবঢ়াই নিয়ে। বিহু নৃত্যৰ লগতে গীত বা আন পেঁপা , গগনা আদি বাদ্য বজাওতেও ঢোল সংগত কৰিব লাগে। বিহু বা হুঁচৰিৰ আৰম্ভণিৰ পৰা শেষলৈকে কেৱল ঢোল আৰু তাল হে একেৰাহে বজোৱা হয়। বাকী বাদ্যযন্ত্ৰবিলাক মাজে মাজেহে ব্যৱহাৰ হয়।
বিভিন্ন উপলক্ষত, অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বেলেগ বেলগ ধৰণৰ ঢোল ব্যৱহাৰ কৰে। এই ঢোল বিলাকৰ মূল নিৰ্মাণ প্ৰক্ৰিয়া একে হ’লেও, আকাৰ, বাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত অনেক প্ৰভেদ দেখা যায়।
বিহুত বজোৱা ঢোলক বিহু ঢোল বা পাতি ঢোল বুলি কোৱা হয়। বিহু নৃত্য আৰু গীতৰ লগত সংগত কৰা সৰু আকৃতিৰ ঢোল। অন্যান্য ঢোলৰ বিষয়েও জানো আহক…
ওজা ঢোল
ওজা ঢোলৰ আকৃতি আৰু নিৰ্মাণ প্ৰণালী বিহু ঢোলৰ দৰেই, কিন্তু ই বিহু ঢোলতকৈ সামান্য ডাঙৰ। ঢুলীয়া ওজাই একক বাদ্য হিচাপে এই ঢোল বজায়। ঢোলৰ ওজা সকলে বিভিন্ন জীৱ-জন্তু , চৰাই, যন্ত্ৰ-পাতি আদিৰ মাত এই ঢোলত ফুটাই তুলিব পৰা বাবে ইয়াক কথা কোৱা ঢোল বুলিও কয়।
খ্ৰাম আৰু খাম
অসমৰ ডিমাছা আৰু তিৱা সকলে ব্যৱহাৰ কৰা ঢোলৰ নাম হ’ল খ্ৰাম, আনহাতে বড়ো আৰু ৰাভাসকলে বজোৱা দীঘলীয়া আকৃতিৰ ঢোলটোক খাম বুলি কোৱা হয়। খ্ৰাম আৰু খাম আকৃতি প্ৰায় অনুৰূপ হোৱা বাবে এই দুইটাকে একে শিতানত ৰখা হৈছে। খ্ৰাম সাধৰণতে ধৰ্মীয় উপলক্ষ্যতহে বজোৱা হয়।
ঢেপাঢোল
অসমৰ দৰং-মঙ্গলদৈৰ ফালে ঢেপাঢু্লীয়া অনুষ্ঠানত ব্যৱহাৰ হোৱা এই ঢোলৰ নিৰ্মাণ প্ৰণালী আদি বজোৱাৰ কৌশল সম্পূৰ্ণ পৃথক। ছাগলিৰ ছালেৰে দুতৰপীয়াকৈ ছোৱা, দীঘলীয়া আকৃতিৰ এই ঢোলৰ মাজত পানী ভৰাই বজোৱা হয়। ঢেপাঢুলীয়া অনুষ্ঠান, নৃত্য গীতৰ সমহাৰেৰে এক স্বয়ংসম্পূৰ্ণ আমোদজনক পৰিবেশন।
জয়ঢোল
বৃহৎ আকাৰৰ, আৰু ডাঙৰ শব্দ কৰা ঢোল, সাধাৰণতে দেওধনী নৃত্যৰ লগত সংগত কৰা হয়। দৰং-মঙ্গলদৈৰ ফালে জয়ঢুলীয়া নামৰ অনুষ্ঠানত আৰু লগতে মনসা বা মাৰৈ পূজাত একক ভাবে জয়ঢোল বজোৱা হয়।
মাদল
মাদল অসমৰ চাহ জনগোষ্ঠীৰ লোকে ঝুমুৰ গীতৰ লগত ব্যৱহাৰ কৰা ঢোল। অসমৰ বাদে ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত মাদলৰ ব্যৱহাৰ দেখা যায়।
বৰঢোল
অসমৰ ঢোল বিলাকৰ মাজত বৰঢোলেই আটাইতকৈ আকাৰত ডাঙৰ, প্ৰায় দেৰ মিটাৰ মান দৈৰ্ঘ্যৰ বৰঢোলৰ দুইমুৰৰ ব্যাস আধা মিটাৰৰ পৰা এক মিটাৰৰ মানলৈকে হোৱা দেখা যায়। ইয়াৰএটা মুৰ হাতেৰে আৰু আনটো মুৰ এডাল ভাজ থকা মাৰিৰে কোবাই বজোৱা হয়। দৰং-মঙ্গলদৈ আৰু কামৰূপত পৰম্পৰাগত নৃতা গীত আভিনয়েৰে সংপৃক্ত বৰঢুলীয়া অনুষ্ঠান আতি আকৰ্ষণীয়। পুতলা নাচতো বৰঢোল বজোৱা হয়।
কৱিঢোল
গোৱালপৰীয়া লোকগীতৰ লগত ব্যৱহাৰ কৰা, বহল মুখৰ, মাৰিৰে কোবাই বজোৱা এবিধ ঢোল।
অসমীয়া সংস্কৃতিত ঢোলক জনপ্ৰিয় কৰি তোলাত চুতীয়া আৰু আহোম ৰজা সকলৰ অৱদান আটাইতকৈ বেছি। ঢোলৰ মালিতাত ৰতনপুৰৰ উল্লেখ কৰা হয় যিতো এটা সময়ত চুতীয়া ৰাজ্যৰ সাংস্কৃতিক কেন্দ্ৰ আছিল। তাৰ বাহিৰেও প্ৰায় বোৰ বিহু মালিতাত শিৱ-পাৰ্বতীৰ কথা কোৱা হয় যি চুতীয়া সকলৰ আৰাধ্য দেৱ-দেৱী গিৰা-গিৰাছিৰ আন এটি নাম আছিল। ঢোলৰ আন আন মালিতাত আহোম স্বৰ্গদেও সকলৰ উল্লেখ প্ৰায়ে পোৱা যায়। ইয়াৰ পৰা বুজিব পাৰি যে ঢোলে স্বৰ্গদেও সকলৰ আমোলত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। আনকি, আহোম ৰজা বা ডা-ডাঙৰীয়া সকল বাটচ’ৰাৰ বাহিৰলৈ ওলালে, দোলাৰ কাষে কাষে ঢুলীয়াই ঢোল বজাই যোৱাৰ ৰীতি প্ৰচলিত আছিল। ইয়াৰ বাবে প্ৰস্তুত কৰা দোলাকাষৰীয়া চেঁও বুলি ঢোলৰ এক বিশেষ চেও আজিও প্ৰচলিত আছে। ৰাইজৰ মাজত ৰাজ-আদেশ বা দেশৰ খবৰ ঢোলপিতি ঘোষণা কৰা হৈছিল বুলি বুৰঞ্জীত উল্লেখ পোৱা যায়।