Chandra Kumar Agarwala: প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি? সাহিত্যিক চন্দ্ৰকুমাৰ আগৰৱালাৰ পুণ্যতিথিত জানক বহু কথা

চন্দ্ৰকুমাৰ আগৰৱালা এজন অসমীয়া কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ ভিতৰত তেওঁ আছিল অন্যতম। জোনাকী কাকতত প্ৰথম সংখ্যাত প্ৰকাশ পোৱা 'বনকুঁৱৰী'য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। আগৰৱালাক "প্ৰতিমাৰ খনিকৰ" বুলিও অভিহিত কৰা হয়।

Chandra Kumar Agarwala: প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি? সাহিত্যিক চন্দ্ৰকুমাৰ আগৰৱালাৰ পুণ্যতিথিত জানক বহু কথা

সাহিত্যিক চন্দ্ৰকুমাৰ আগৰৱালাৰ পুণ্যতিথিত জানক বহু কথা

Updated On: 

02 Mar 2025 16:03 PM

চন্দ্ৰকুমাৰ আগৰৱালা হ’ল অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ হোতা। আগৰৱালা সোণালী পথৰ পথিক, তেওঁৰ ৰচনা পৰাধীন অসমৰ আশা-আকাংক্ষা, দেশপ্ৰীতি আৰু জাতীয়তাৰ নিৰ্ভীক বাহক। জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক,লেখক প্ৰতিমাৰ খনিকৰ হিচাপে খ্যাত সাহিত্যিক চন্দ্ৰ কুমাৰ আগৰৱালা। আজি বৰেণ্য সাহিত্যিক চন্দ্ৰকুমাৰ আগৰৱালাৰ পুণ্যতিথি।

১৮৬৭ চনৰ ২৮ নৱেম্বৰত শোণিতপুৰ জিলাৰ গহপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয়। তেওঁৰ পিতৃ হৰিবিলাস আগৰৱালা আৰু মাতৃ মলমা আছিল। তেজপুৰতে শিক্ষাজীৱন আৰম্ভ কৰি চন্দ্ৰকুমাৰে কিছুদিন কলিকতাৰ হিন্দু স্কুলতো পঢ়ে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰেচিডেন্সী কলেজৰ পৰা এফ এ উত্তীৰ্ণ হয়। তাৰপিছত স্নাতক শ্ৰেণীত নাম লগাই যদিও শিক্ষা সমাপ্ত নকৰিলে। কলিকতাত থকাকালতে লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগত চন্দ্ৰকুমাৰৰ নিবিড় ঘনিষ্ঠতা হৈছিল। তেওঁলোকৰ প্ৰচেষ্টা তে অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰতিষ্ঠা লাভ কৰে।

চন্দ্ৰকুমাৰ আগৰৱালা এজন অসমীয়া কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ ভিতৰত তেওঁ আছিল অন্যতম। জোনাকী কাকতত প্ৰথম সংখ্যাত প্ৰকাশ পোৱা ‘বনকুঁৱৰী’য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। আগৰৱালাক “প্ৰতিমাৰ খনিকৰ” বুলিও অভিহিত কৰা হয়। তেওঁৰ জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল। ‘জোনাকী’ আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে ‘জোনাকী যুগৰ ত্ৰিমূৰ্তি’ বুলি কোৱা হয়। জোনাকী প্ৰথম দুটা সংখ্যাৰ সম্পাদনাও কৰিছিল আগৰৱালাদেৱে। তাৰ পাছত আগৰৱালা দেৱে ১৯১৮ চনত ডিব্ৰুগড়ৰ পৰা “অসমীয়া” নামেৰে এখন বাতৰি কাকত প্ৰকাশ কৰে। ১৯২৪ চনত গুৱাহাটীৰ খাৰঘুলিত “নিউ প্ৰেছ” স্থাপন কৰি তাৰ পৰা “সাদিনীয়া অসম” নিয়মীয়া ৰূপে প্ৰকাশ কৰি উলিয়ায়। পিছত এই কাকতখন তিনিদিনীয়াকৈয়ো প্ৰকাশ কৰা হৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰকাশিত পুথি আছিল প্ৰতিমা (১৯১৩)। ইয়াৰ পিছত দ্বিতীয়খন কবিতাপুথি বীণবৰাগী প্ৰকাশ হয় ১৯২৩ চনত। ১৯৩৮ চনৰ ২ মাৰ্চত দেহাৱসানৰ পাছত তেওঁৰ অপ্ৰকাশিত কবিতাসমূহক লৈ ১৯৬৭ চনত চন্দ্ৰামৃত নামৰ এখন পুথি প্ৰকাশ পায়। চন্দ্ৰকুমাৰ আগৰৱালাৰক প্ৰতিমাৰ খনিকৰ হিচাপে জনা যায়। বনকুঁৱৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতা সমূহৰ অন্যতম।

প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ পুণ্যতিথিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দিয়ে পোষ্ট। মুখ্যমন্ত্ৰীয়ে লিখিছে- “অসমীয়া সাহিত্যৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ আৰু সফল কবি-লেখক চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতাসমূহ আছিল অসমীয়া কাব্য জগতৰ এক অমূল্য ৰত্নসদৃশ৷ ‘জোনাকী যুগৰ ত্ৰিমূৰ্তি’ৰ এগৰাকী শ্ৰেষ্ঠ সাহিত্যিক আগৰৱালাদেৱ আজিও ‘প্ৰতিমাৰ খনিকৰ’ হিচাপে সমাদৃত৷ তেখেতৰ কলমত সৃষ্টি হোৱা সাহিত্যৰাজিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে৷ আজি পৱিত্ৰ পুণ্যতিথিত মহান অসমীয়াগৰাকীক বিনম্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ৷”

ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী
Holi 2025: ফাকুৱা বা হোলী উৎসৱ কিয় পালন কৰা হয় জানক
কিদৰে পাালন কৰিব লাগে ৰমজানৰ ৰোজা? জানক সবিশেষ