কেতিয়া ঘোষণা হ’ব ফলাফল ? শিক্ষক নিযুক্তি পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…
ফেচবুক লাইভযোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় । ইয়াৰ ভিতৰত এটা ঘোষণা হৈছে শিক্ষক নিযুক্তি পৰীক্ষাক লৈ কৰা ঘোষণা ।

সোমবাৰে আবেলি ফেচবুক লাইভযোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় । ইয়াৰ ভিতৰত এটা ঘোষণা হৈছে শিক্ষক নিযুক্তি পৰীক্ষাক লৈ কৰা ঘোষণা । মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিছে যে, অহা মে’ মাহত প্ৰকাশ পাব স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পৰীক্ষাৰ ফলাফল । মে’ মাহৰ প্ৰথম সপ্তাহতে শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হ’ব জানিবলৈ দিছে মুখ্য়মন্ত্ৰীয়ে ।
তেওঁ কয় যে, চলিত বৰ্ষৰ মে’ মাহৰ প্ৰথম সপ্তাহত ৯,০৭৫টা পদৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ছেবাই। এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে উত্তীৰ্ণসকলৰ নথি-পত্ৰ সত্যতা নিৰূপণ কৰা হ’ব । পৰৱৰ্তী ১০ অক্টোবৰত উত্তীৰ্ণসকলক আনুষ্ঠানিতভাৱে নিযুক্তি দিয়া হ’ব বুলি সদৰী কৰিছে মুখ্য়মন্ত্ৰীয়ে । তেওঁ কয়, “সকলোৱে ১০ অক্টোবৰলৈ ধৈৰ্য ধৰিব লাগিব।”
ইফালে, তেওঁ কয়, “যিসকলে মোক সুধি আছে যে, ৫,৫৫০ ৰ নিযুক্তিৰ তালিকা কেতিয়া প্ৰকাশ কৰিব? তেওঁলোকক আমি অৱগত কৰিব বিচাৰো যে, অহা এপ্ৰিল মাহৰ ভিতৰত নথি-পত্ৰ সত্যতা নিৰূপণ কৰা হ’ব । মে’ মাহৰ প্ৰভিজনেল তালিকা প্ৰকাশ পাব ।” ইফালে নিযুক্তি ১০ অক্টোবৰত হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।
ইফালে, মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলক লৈয়ো গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ ঘোষণা কৰে যে, এইবাৰ মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলে সমাজ বিজ্ঞান বিষয়ত অতিৰিক্ত নম্বৰ লাভ কৰিব । তেওঁ কয় যে, বহু পৰীক্ষাৰ্থীয়ে সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত টান আহিছে বুলি তেওঁক অৱগত কৰিছে । এই সন্দৰ্ভত ছেবাৰ অধ্যক্ষকো সোধা হৈছিল । তেওঁ এই বিষয়ত প্ৰশ্নৰ পেটাৰ্ণ সলনি হোৱা কথা জানিব দিয়া বুলি কয় মুখ্যমন্ত্ৰীয়ে ।
গতিকে এই ক্ষেত্ৰত যাতে পৰীক্ষাৰ্থীসলকৰ ফলাফল বেয়া নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ছেবাৰ অধ্য়ক্ষক অতিৰিক্ত নম্বৰৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা বুলি কয় মুখ্যমন্ত্ৰীয়ে । লগতে তেওঁৰ অনুৰোধ ছেবাৰ অধ্যক্ষই বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে ।