শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam Cabinet decision: মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ধন লাভ কৰিবলৈ থাকিব লাগিব এইখিনি যোগ্যতা

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বাবে আবেদন কৰিছিল নেকি ? চৰকাৰৰ পৰা ১০ হাজাৰ টকাকৈ কেতিয়া লাভ কৰিব জানেনে ? আজি মুখ্যমন্ত্ৰীয়ে লৈছে ডাঙৰ সিদ্ধান্ত । চাওক সবিশেষ-

Assam Cabinet decision: মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ধন লাভ কৰিবলৈ থাকিব লাগিব এইখিনি যোগ্যতা
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাImage Credit source: X handle @himantabiswa
raj-saikia
Raj Saikia | Published: 16 Jan 2025 16:55 PM

বৃহস্পতিবাৰে মৰিগাঁৱত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক । এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে । এইবোৰৰ ভিতৰত অন্যতম হৈছে “মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি” সন্দৰ্ভত লোৱা সিদ্ধান্ত । আঁচনিখনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে এক ডাঙৰ সিদ্ধান্তৰ বিষয়ে ।

অতিশীঘ্ৰেই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন লাভ কৰিব মহিলাসকলে । মৰিগাঁৱত কেবিনেট বৈঠকৰ পাচতে অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমান সংখ্যক মহিলাই কেতিয়াৰ পৰা এই আঁচনিৰ ধন লাভ কৰিব সেই বিষয়ে অৱগত কৰে ।

উল্লেখ্য যে বহাগ বিহুৰ পূৰ্বেই অসমৰ মহিলাক ভাল খবৰ দিবলৈ আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে যেন তাৰেই ইংগিত দিলে । কিয়নো বহাগ বিহুৰ আশে-পাশে পঞ্চায়ত নিৰ্বাচনো অনুষ্ঠিত হোৱাৰ কথা । এই আঁচনিৰ বাবে কেবিনেটে ২০০০ কোটি টকা অনুমোদন জনাইছে ।

মুখ্যমন্ত্ৰীয়ে কয়, “ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক চাৰি লানি পৰীক্ষণ সম্পন্ন কৰাৰ পাচত মুখ্য়মন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে ৩১ লাখ মহিলাক প্ৰথম পৰ্যায়ত যোগ্য বুলি চৰকাৰে তথ্য় লাভ কৰিছে । অসম চৰকাৰে ২৭ লাখ মহিলাক প্ৰদান কৰিব এই আঁচনিৰ সুবিধা । অহা কেইদিনমানৰ ভিতৰত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী বাচনিৰ কাম আৰম্ভ হ’ব ।”

“কেবিনেটে নিশ্চিত কৰিছে যে মন্ত্ৰী-বিধায়ক বা প্ৰাক্তন মন্ত্ৰী-বিধায়কৰ পৰিয়ালে এই আঁচনিৰ সুবিধা নাপাব । কোনো ৰাজপত্ৰিত বিষয়াৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব । যাৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক, এক্সেভেটৰ আদি আছে, যি আয়কৰ পৰিশোধ কৰে, যাৰ ঘৰত মদৰ দোকানৰ অনুজ্ঞাপত্ৰ আছে তেওঁলোকে এই আঁচনিৰ সুবিধা নাপাব । যিসকল মহিলা মহালাখপতি হৈছে তেওঁলোকৰ বাবে এখন সুকীয়া আঁচনি দিয়াৰ চিন্তা কৰিম । এপ্ৰিল মাহত বিহালীত এই আঁচনিৰ শুভ উদ্বোধন কৰা হ’ব । তাৰ পাচত সমষ্টিয়ে সমষ্টিয়ে একোখনকৈ মিটিং কৰি মহিলাসকলক ১০ হাজাৰকৈ টকা আগবঢ়োৱা হ’ব ।” মুখ্যমন্ত্ৰীয়ে লগতে কয় ।

“মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান” কি ?

ৰাজ্যৰ মহিলাসকলক আৰ্থিকভাৱে সৱল কৰাৰ উদ্দেশ্য অসম চৰকাৰে গ্ৰহণ কৰা এখন আঁচনি হৈছে “মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান” । ইয়াৰ লক্ষ্য হৈছে মহিলা আত্মসহায়ক গোটৰ (Self Help Group) সদস্যসকলক গ্ৰাম্য ক্ষুদ্ৰ – উদ্যোগী/ লক্ষপতি বাইদেউ হ’বলৈ সহায় কৰা আৰু তেওঁলোকক অনুদান হিচাপে আৰ্থিক সাহায্যৰ জৰিয়তে উদ্যোগীকৰণ পুঁজিৰ ৰূপত ন্যূনতম ১ লাখ টকাৰ মূলধন প্ৰদান কৰা ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটসমূহৰ সকলো যোগ্য সদস্যক প্ৰথম পৰ্যায়ত উদ্যোগীকৰণ পুঁজি হিচাপে প্ৰতিজন সদস্যৰ বাবে ১০,০০০ টকাৰ অনুদান প্ৰদান কৰা হ’ব । দ্বিতীয় পৰ্যায়ত ২৫ হাজাৰ টকাকৈ আৰু তৃতীয় পৰ্যায়ত ৫০ হাজাৰ টকাকৈ বেংকযোগে প্ৰদান কৰা হ’ব ।

আঁচনিৰ ধন পাবলৈ হলে থাকিব লাগিব এই যোগ্যতা

  • অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ’ব লাগিব
  • আধাৰ নম্বৰ সংযুক্ত জমা বেংক একাউন্ট থাকিব লাগিব
  • পূৰ্বে কোনো বেংক বা আন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা হ’ব নালাগিব
  • আয়কৰদাতা হ’ব নোৱাৰিব
  • ঘৰত সুৰাৰ বিপণীৰ অনুজ্ঞা পত্ৰ থাকিব নোৱাৰিব
  • ব্যৱসায়িক ভিত্তিত ট্ৰাক, এক্সেভেটৰ আদি ঘৰত থাকিলে আঁচনিৰ সুবিধা নাপাব
  • ৰাজপত্ৰিত বিষয়াৰ পৰিয়ালৰ হ’ব নোৱাৰিব
  • মন্ত্ৰী-বিধায়ক (প্ৰাক্তনসহ)ৰ পৰিয়ালৰ সদস্য হ’ব নোৱাৰিব

 

Latest News