5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰীল লাইফত নহয় ৰিয়েল লাইফত পলাল মইনা কলিজা! এতিয়া ক’ত আছে জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ চুমি বৰা?

এতিয়া বাতৰিৰ শীৰ্ষ স্থান দখন কৰিছে চুমি বৰাই। আৰক্ষীয়ে এতিয়াও সন্ধান উলিয়াব পৰা নাই অভিনেত্ৰী তথা কৰিঅ'গ্ৰাফাৰ চুমিৰ। প্ৰলোভনেৰে আনক ঠগি নিজে ৰজাৰ দৰে জীৱন-যাপন কৰা বিশাল ফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে বহু কথা।

ৰীল লাইফত নহয় ৰিয়েল লাইফত পলাল মইনা কলিজা! এতিয়া ক’ত আছে জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ চুমি বৰা?
ৰীল লাইফত নহয় ৰিয়েল লাইফত পলাল মইনা কলিজা!
Follow Us
barasha-misra
Barasha Misra | Published: 04 Sep 2024 17:50 PM

মানী ট্ৰেডিঙৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ হ’ল বিশাল ফুকন। এতিয়া লুণ্ঠনকাৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান। এটা এটাকৈ পোহৰলৈ আহিছে ট্ৰেডিং কৰি সাধাৰণ জনতাক লুটিব বিচৰা লুণ্ঠনকাৰীৰ নাম। এই ট্ৰেডিং লুণ্ঠনৰ সৈতে জড়িত থকাৰ অভিযোগত অভিনেত্ৰী চুমি বৰাক বিচাৰি আছে আৰক্ষীয়ে। চুমিৰ সৈতে তেওঁৰ স্বামী তাৰ্কিক বৰাও কৰোবাত লুকাই আছে।

ইফালে এই কাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্ত স্বপ্ননীল দাসৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে তৃতীয়খন বিলাসী বাহন। দিছপুৰ আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ধৃত স্বপ্ননীলক। দিছপুৰ আৰক্ষীয়ে স্বপ্ননীলৰ ছুপাৰ মাৰ্কেটৰ TFAL বিনিয়োগ প্ৰতিষ্ঠানখন ছীল কৰিছে । পুৱতি নিশা স্বপ্ননীলক আৰক্ষীয়ে কৰোৱাই স্বাস্থ্য পৰীক্ষা।

মানী ট্ৰেডিঙৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ হ’ল বিশাল ফুকন। বিকাশৰ গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে বহু-বহু চাঞ্চল্যকৰ তথ্য। SEBIৰ নিয়ম ভংগ কৰি বিশাল ফুকনে দিছিল ৬০ দিনত ৩০ শতাংশ নিশ্চিত ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি। অতি কম বয়সতে বিশাল হৈছিল কোটি কোটি টকাৰ মালিক। ইফালে বিশালৰ সৈতে চুমিৰ অতি ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিছে। প্ৰাৰ্চেলিয়া ফাৰ্মাচিউটিকেল কোম্পানীৰো মালিক হোৱাৰ উপৰিও বিশালৰ আছে নিজা প্ৰডাকচন হাউছ। খুব কম দিনৰ ভিতৰতে অগাধ সম্পত্তিৰ গৰাকী হোৱা বিশাল ফুকনক গ্ৰেপ্তাৰ। আজি চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰাক আৰক্ষীয়ে তলব কৰে। ডিব্ৰুগড় আৰক্ষীয়ে তলব কৰিছে ৰাজীৱ বৰাৰ লগতে ৰাজীৱ বৰাৰ পত্নীক। ৰাজীৱ বৰাই বিশাল ফুকনৰে সৈতে এটা কোম্পানী খুলিছিল।

আজি আৰক্ষীয়ে অভিযান চলাই কণ্ঠশিল্পী দীক্ষুৰ ঘৰত। দুদিন পূৰ্বে কণ্ঠশিল্পী দীক্ষুৰ ঘৰত লুকাই আছিল চুমি বৰা আৰু স্বামী তাৰ্কিক। দীক্ষৱে কয় যে,২ ছেপ্তেম্বৰত মোৰ অনুষ্ঠান আছিল, মই ঘৰত নাছিলোঁ আৰু তেতিয়া ইহঁত আমাৰ ঘৰত আহিছিল। মোৰ পত্নী বিজেয়িতায়ো বাৰে বাৰে কৈছিল তোমালোকে যোৱা ভাল নেকি? আমাৰ ঘৰত থাকোতেই তাৰ্কিকলৈ ফোন আহিছিল আৰক্ষীৰ। মই ক’লো তোমালোকে ফোনটো ধৰা আৰু সকলো কথা খোলাখুলি কৰা। তোমালোকে এতিয়া যোৱা আমাৰ পৰা কাৰণ মানুহে আমাকো সন্দেহ কৰিব।

৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰৱঞ্চক বিশাল ফুকনক। ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে প্ৰেৰণ কৰে আৰক্ষীৰ জিম্মালৈ। শ্বেয়াৰ মাৰ্কেটত নিশ্চিত ৰিটাৰ্ণৰ নামত প্ৰৱঞ্চনাৰে ঘটিছিল ধন। বিশালৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছিল আৰবীয় মুদ্ৰা দিৰহাম। বিদেশী মুদ্ৰাৰ ব্যৱসায়ৰ সৈতেও বিশাল জড়িত থকাৰ সন্দেহ। বিশাল ফুকনে নীতিবহিৰ্ভূতভাৱে ফৰেক্স ট্ৰেড কৰাৰ সন্দেহ।

মুখ্যমন্ত্ৰীৰ আহ্বান

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক অনলাইন ট্ৰেডিং সন্দৰ্ভত বিশেষ আহ্বান জনায়। তেওঁ কয়,’কোনো মানুহৰ হাততে যাদু নাই, যি ২৫-৩০ শতাংশ সুদ দিব পাৰে। কষ্টৰ ধন ট্ৰেডিঙত ব্যয় নকৰিব।’

ইফালে এই ঘটনাৰ সৈতে কণ্ঠশিল্পী গীতালি দেৱীৰ নাম সাঙোৰ খোৱাৰ পিছতে লাইভযোগে চুমি-তাৰ্কিকৰ লগত কোনো সম্পৰ্ক নাই বুলি জনাই কণ্ঠশিল্পীগৰাকীয়ে।

এতিয়া যেন কথাবোৰ অধিক পাক খাই পৰিছে। কিয় কণ্ঠশিল্পী দীক্ষু আৰু পত্নীয়ে আৰক্ষীক খবৰ দিয়া নাছিল এই সমগ্ৰ বিষয় সন্দৰ্ভত! মানুহৰ মনত ইটোৰ পিছত সিটো প্ৰশ্নৰ উদয় হৈছে। চুমি বৰাক আৰক্ষীয়ে বিচাৰি পালেহে সকলো কথা পোহৰলৈ আহিব।

Latest News