ৰঙালী বিহুৰ সৈতে সংপৃক্ত কপৌফুল, অসমৰ ক’ত আছে কপৌফুলৰ অৰণ্যখন?
বিহুৰ বিশ্ব ৰেকৰ্ড কৰা সময়ত নাচনী বাবে প্ৰয়োজন হোৱা ৫০০০ হাজাৰ কপৌফুল এই অৰণ্যখনৰ পৰাই লৈ গৈছিল। আজি জানক অসমৰ ক'ত আছে কপৌফুলৰ অৰণ্যখন।

অসমীয়া লোক সংস্কৃতিত সংপৃক্ত হৈ আছে কপৌফুলৰ নাম। ৰঙালী বিহুত কপৌ ফুল অবিহনে যেন শোভা নাবাঢ়ে নাচনীৰ খোপাৰ । চেনায়ে চেনেহীক কপৌফুল বিচাৰি আনি দিবলৈ চৌদিশে হাবাথুৰি খায়। বহাগ বিহুক নিমন্ত্রণ জনোৱা কপৌফুলে মন-প্রাণ হৰি নিয়ে প্রতিগৰাকী নাচনী-ঢুলীয়াৰ। নাচনীৰ খোপাত ঢুলীয়াই গুজি দিয়া কপৌফুলে কঢ়িয়াই আনে বহাগী প্ৰেমৰ বতৰা।
অসমীয়াৰ জন-জীৱন চহকী কৰা এই কপৌফুল সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে প্ৰায় ৩০ বছৰ ধৰি কাম কৰি আহিছে তিতাবৰ ৰঙাজানৰ মিঠু গগৈ নামৰ ব্যক্তিজনে। জাতীয় ফুলৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি কপৌফুলৰ সংৰক্ষণৰ বাবে দৈনিক অসাধ্য সাধন কৰিছে তিতাবৰ ৰঙাজানৰ মিঠু গগৈয়ে । তেওঁ ঘৰৰ বাৰীতে ৯ হাজাৰ জোপা কপৌফুল আৰু ৩২৫ টা ভিন্ন প্ৰজাতিৰ কপৌ ফুলেৰে গঢ়ি তুলিছে কপৌফুলৰ এখন অৰণ্য । পূব ভাৰতীয় অর্কিড কনজাৰভেশান চেন্টাৰ নাম দি তেওঁ বিজ্ঞানসম্মত আৰু প্ৰণালীবদ্ধ ভাৱে কৰিছে কপৌফুলৰ খেতি। এক নান্দনিক পৰিৱেশে বিৰাজ কৰি শোভা বঢ়াইছে মিঠু গগৈৰ ঘৰখনত থকা কপৌফুলৰ অৰণ্যখনৰ । ঘৰৰ চাৰিওফালে ফুলি আছে হাজাৰ হাজাৰ কপৌফুল। তেওঁ কপৌফুলকে ধৰি অন্য বহু প্ৰজাতিৰ অর্কিডো ৰাখিছে। কম ঠাইত কেনেকৈ এখন কপৌফুলৰ অৰণ্য গঢ়ি তুলিব পাৰি, তাৰ চেষ্টা অব্যাহত ৰাখিছে মিঠু গগৈয়ে। কপৌফুল আৰু অৰ্কিড বিক্ৰী কৰি প্ৰতি বছৰে যথেষ্ঠ পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছে।
প্ৰথমৱস্থাত ক’ম মাটিত গঢ়ি তোলা কপৌফুলৰ খেতি কৰিছিল। ২০১৩ বৰ্ষত বিজ্ঞানসন্মত আৰু প্ৰণালী বদ্ধভাৱে কপৌফুলৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰি আহিছে। তেওঁ জনোৱামতে, বৰ্তমান কপৌফুলৰ অৰণ্যখনত ৩২৫ টা প্ৰজাতি লগতে ৯০০০ হাজাৰতকৈ অধিক কপৌ ফুল আছে।
তেওঁ কয়, বৰ্তমান মই নিচা আৰু প্ৰেচা হিচাপে কপৌফুলৰ খেতি লগত জড়িত হৈছো। অসম চৰকাৰ বহু অনুষ্ঠানলৈ মোৰ বাৰীৰ পৰা কপৌফুল নিয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোকে ক্ৰয় কৰে মোৰ পৰা কপৌফুল। যি সময়ত নিবনুৱাসকলে কর্ম সংস্থাপন বিচাৰি ঘুৰি ফুৰিছে, সেই সময়তে কপৌফুল খেতিও জীৱিকাৰ উৎস যে হ’ব পাৰে।
শিক্ষিত যুৱক-যুৱতীসকলে ব্যাৱসায়িক ভিত্তিত এনে খেতি কৰি উপকৃত হ’ব বুলি মন্তব্য কৰে মিঠু গগৈয়ে। ভৱিষ্যত প্ৰজন্মক কপৌফুলৰ সংৰক্ষণ আৰু সংবৰ্ধনত মনোনিবেশ কৰিবলৈ আহ্বান জনায়,ইতিমধ্যে মিঠু গগৈয়ে গঢ়ি তোলা কপৌফুল অৰণ্য খনত কেইবাজনো লোকে পৰোক্ষ আৰু প্ৰত্যক্ষ ভাৱে কৰ্ম সংস্থাপন লাভ কৰিছে । তেওঁ প্ৰমাণ কৰিছে কপৌ ফুলৰ খেতিও ব্যৱসায় মাধ্যম হ’ব পাৰে।