অসমৰ কোনবোৰ সামগ্ৰীয়ে এতিয়ালৈকে GI টেগ লাভ কৰিছে ?
এই ৰঙালী বিহুৰ উপলক্ষে জনোঁ আহকচোন অসমৰ কি কি সামগ্ৰীয়ে এতিয়ালৈকে জি আই টেগ প্ৰমাণপত্ৰ লাভ কৰিছে । GI Tag তথা ভৌগোলিক সূচকে পৰম্পৰাগত সামগ্ৰীসমূহ সুৰক্ষিত কৰাৰ লগতে প্ৰতিটো অঞ্চলৰ স্বকীয়তাক প্ৰসাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

ৰাজ্যৰ চাৰিওফালে ৰঙালীৰ ৰং । প্ৰতিজন অসমীয়া উদযাপন কৰিছে বাপতি সাহোন ৰঙালী বিহু । এই ৰঙালী বিহুৰ উপলক্ষে জনোঁ আহকচোন অসমৰ কি কি সামগ্ৰীয়ে এতিয়ালৈকে জি আই টেগ প্ৰমাণপত্ৰ লাভ কৰিছে । GI Tag তথা ভৌগোলিক সূচকে পৰম্পৰাগত সামগ্ৰীসমূহ সুৰক্ষিত কৰাৰ লগতে প্ৰতিটো অঞ্চলৰ স্বকীয়তাক প্ৰসাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । GI Tag য়ে পৰম্পৰাগত সামগ্ৰীসনমূহৰ প্ৰমাণীকৰণৰ জৰিয়তে সেই অঞ্চলটোৰ সাংস্কৃতিক আৰু ঐতিহাসিক সত্তাক প্ৰতিফলিত কৰে।
GI Tag য়ে কোনো সামগ্ৰীৰ ভৌগোলিক উৎপত্তিক বুজায় । GI Tag প্ৰমাণপত্ৰই প্ৰতিটো অঞ্চলৰ পৰিচয়ক দাঙি ধৰা কৃষিজাত সামগ্ৰীৰ লগতে হস্তশিল্প আৰু ঔদ্যোগিক সামগ্ৰী আৰু ইয়াৰ বজাৰ মূল্য সুৰক্ষিত কৰে । GI Tag প্ৰমাণপত্ৰই প্ৰতিবিধ পৰম্পৰাগত সামগ্ৰীৰ মাজত এটা ব্যৱধান ৰাখে ।
অসমৰ কি কি সমগ্ৰীয়ে GI Tag লাভ কৰিছে
অসমীয়া গামোচা : এই গোমোচা হৈছে অসমীয়াৰ প্ৰতীক বস্ত্ৰ । এই গোমোচা বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত ব্যৱহাৰ কৰাৰ লগতে ৰঙালী বিহুৰ সৈতে গোমোচা ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে । সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি অসমীয়া থলুৱা শিপিনীয়ে বোৱা এখন বগা দীঘলীয়া কাপোৰ ।
অসমীয়া জাপি : জাপি অসমীয়া সংস্কৃতিৰ বাহক বুলি কোৱা হয় । জাপি হৈছে অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীক ।
অসমীয়া বিহু ঢোল : ঢোল হৈছে অসমীয়া সংস্কৃতিৰ এবিধ গুৰুত্বপূৰ্ণ বাদ্য যন্ত্ৰ। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ যিকোনো উৎসৱত ঢোল ব্যৱহাৰ কৰা হয় । ৰঙালীৰে এই ঢোলৰ ওতঃপ্ৰোত সম্পৰ্ক আছে । অসমীয়ালোকে ঢোলক দেৱবাদ্য বুলি গণ্য কৰে।
সৰ্থেবাৰীৰ কাঁহ শিল্প : সৰ্থেবাৰী বৰপেটা জিলাৰ এখন নগৰ৷ এই চহৰখন হস্ত-নিৰ্মিত কাঁহৰ বাচন-বৰ্তনৰ বাবে বিখ্যাত। ১৯৫৫ চনৰ ৩১ ডিচেম্বত সৰ্থেবাৰীক এখন নগৰ হিচাপে ঘোষণা কৰা হয় ।
মিচিং তাঁত : এই তাঁত হৈছে মিচিং জনগোষ্ঠীৰ লোকসকলে কাপোৰ ববলৈ ব্যৱহাৰ কৰা এক সঁজুলি বা বয়ন প্ৰণালী ।
পানীমেটেকা শিল্প : পানী মেটেকাৰ শিল্প হৈছে অসমৰ এক কুটিৰ শিল্প। মেটেকাৰ পৰা হেণ্ডবেগ, পইচা থোৱা বেগ, টেবুল মেট, ফাইল কভাৰ, কলমদানি আদি তৈয়াৰ কৰা হয় । যাক পানী মেটেকাৰ শিল্প বুলি কোৱা হয় ।
আশাৰীকান্দিৰ টেৰাকোটা শিল্প : আশাৰীকান্দি অসমৰ ধুবুৰী জিলাৰ এখন গাঁও। পৰম্পৰাগত মৃৎ শিল্পৰ বাবে বিখ্যাত আশাৰীকান্দি।
মাজুলীৰ হাঁহিপাতৰ চিত্ৰকলা : গুৰু দুজনাৰ অমৰ সৃষ্টি হৈছে সাঁচিপাতৰ পুথি । এই চিত্ৰকলা সাঁচিগছৰ বাকলি,মাতিমাহ, ঔটেঙা, আদি ব্যৱহাৰ কৰা হয় । এই চিত্ৰ অংকন মাজুলীৰ সত্ৰসমূহত এতিয়াও প্ৰচলিত ।
মাজুলীৰ মুখা শিল্প : মুখা শিল্প মানেই মাজুলী। মাজুলীৰ বিখ্যাত চামগুৰি সত্ৰ এই মুখা শিল্পৰ বাবে বিশ্ব বিখ্যাত ।
জি আই টেগ লাভ কৰা কৃষিজাত সামগ্ৰী
জি আই টেগ লাভ কৰা অসমৰ কৃষিজাত সামগ্ৰীৰ ভিতৰত আছে -কাজি নেমু, অসমৰ অৰ্থডেক্স চাহ, তেজপুৰৰ লিচু, অসমৰ জহা চাউল, কাৰ্বি আংলঙৰ আদা, চকোৱা চাউল, বোকা চাউল, জুডিমা, চিংফৌ চাহ, অসমৰ মুগা ৰেচম আদি ।
বড়োসকলৰ ২১ বিধ পৰম্পৰাগত সমগ্ৰী
এতিয়ালৈকে বড়োসকলৰ ২১ বিধ পৰম্পৰাগত সমগ্ৰীয়ে লাভ কৰিছে জি আই টেগ । ইয়াৰ ভিতৰত আছে-বড়ো দখনা, বড়ো এৰী মুগা, বড়ো গংগনা, বড়ো গামছা, বড়ো জুম্গা, বড়ো গংগাৰ ডুনজিয়া, বড়ো কেৰাদাপিনি, বড়ো থৰখা, বড়ো চিংফু, বড়ো চেৰ্জা, বড়ো খাম, বড়ো জঠা, আৰনাই, বড়ো খাৰ্ডউই, মাইব্ৰা জৌ বিদ্বি, বড়ো জৌ গিছি, বড়ো জৌ গোৱাৰণ, বড়ো অনলা, বড়ো নাৰ্জী, বড়ো মাখাম, বড়ো খোৱাখাও । শেহতীয়াকৈ অসমীয়া গহনা লাভ কৰিছে জি আই টেগ ।