Attacked on Rokibul Hussain: ২৪ ঘণ্টা নৌহওতেই ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক চিনাক্ত!

ৰকিবুল হুছেইনক আক্ৰমণক লৈ বিধানসভা চৌহদত প্ৰতিবাদ কংগ্ৰেছী বিধায়কৰ। আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবী জনায় বিধায়কসকলে। ইয়াৰ মাজতে চিনাক্ত কৰা হৈছে ৰকিবুল হুছেইনৰ  আক্ৰমণকাৰীক। বিধানসভাত আক্ৰমণকাৰীৰ তথ্য দাখিল কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই।

Attacked on Rokibul Hussain: ২৪ ঘণ্টা নৌহওতেই ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক চিনাক্ত!

ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ

Updated On: 

21 Feb 2025 13:37 PM

ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ উত্তাল বিধান সভা। ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ বিধায়িনী দলে সাব্যস্ত কৰে প্ৰতিবাদ। হাতত প্লে-কাৰ্ড লৈ প্ৰতিবাদ কৰে কংগ্ৰেছে। অসম বিধানসভা চৌহদত প্ৰতিবাদ কংগ্ৰেছী বিধায়কৰ। আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবী জনাই বিধায়কসকলে। ইয়াৰ মাজতে চিনাক্ত কৰা হৈছে ৰকিবুল হুছেইনৰ  আক্ৰমণকাৰীক। বিধানসভাত আক্ৰমণকাৰীৰ তথ্য দাখিল কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই।

সাংসদ ৰকিবুল হুছেইনৰ  আক্ৰমণ কৰা ৯ গৰাকী আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে বুলি জনায় মন্ত্ৰীগৰাকীয়ে ৷ সদনত মন্ত্ৰী পিযুষ হাজৰিকাই জনোৱা অনুসৰি, আক্ৰমণকাৰীকেইজন হ’ল- হাৰুণ জামতোলা, হৰেশ বছিৰ কাছেম, ৰছিদুল আয়ুব, লুটকিয়ৰ খালেদ, মজিবুৰ আৰু জাহাংগীৰ। এই তথ্য দাখিল কৰি মন্ত্ৰীগৰাকীয়ে বিধানসভাত কয় যে,  আক্ৰমণকাৰীক বিচাৰি অব্যাহত আছে আৰক্ষীৰ অভিযান। দোষী সাব্যস্ত হ’লে আক্ৰমণকাৰীৰ বিৰুদ্ধে  উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

উল্লেখ্য যে, বৃহস্পতিবাৰে গুণাবাৰীৰ এখন সভালৈ আহি থকা অৱস্থাতে এই ভয়ংকৰ আক্ৰমণৰ ঘটনাটো সংঘটিত হয়। নগাঁৱৰ ৰূপহীহাটতৰ ৰাজপথতে মুখত ক’লা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৰকিবুল হুছেইনক। আক্ৰমণৰ সময়ত সাংসদগৰাকীৰ লগত আছিল তেওঁৰ পুত্ৰ তানজিল হুছেইন আৰু ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদা। কেৱল ইমানে নহয় সাংসদগৰাকীৰ দেহৰক্ষীকো প্ৰহাৰ কৰে দুৰ্বৃত্তৰ দলে ।

আক্ৰমণকাৰীৰ হাতৰ পৰা পলাবলৈ লওঁতে স্কুটীৰ পৰা ৰাজপথত বাগৰি পৰে ৰকিবুল হুছেইন। ধুবুৰীৰ সাংসদ তথা চামগুৰিৰ প্ৰাক্তন বিধায়কগৰাকীক ক্ৰিকেট বেটেৰে আক্ৰমণ কৰাৰ অভিযোগ একাংশ লোকৰ। সেই সময়তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰে নিৰাপত্তাৰক্ষীয়ে ।

ইফালে ৰকিবুল হুছেইনৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ পিছতে উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ। বিজেপি কৰ্মীৰ বিৰুদ্ধে সাংসদগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । ইফালে বিষয়টো সন্দৰ্ভত ৯ বজাত  বৈঠকৰ আহ্বান কংগ্ৰেছৰ বিধায়িনী দলৰ৷ ঘটনা  সন্দৰ্ভত ৰূপহীহাট আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ।

আনহাতে সাংসদগৰাকীৰ ওপৰত হোৱা আক্ৰমণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কয় যে, নগাঁৱৰ ৰূপহীহাট, চামগুৰিলৈ গ’লে সাংসদ ৰকিবুল হুছেইন অতিৰিক্ত নিৰাপত্তাৰক্ষী দিয়া হ’ব । তেওঁ কয় যে, ৰূপহী, চামগুৰি আমাৰ জেগা নহয়, তাত আক্ৰমণ হ’লে ক’লা কাপোৰ পিন্ধিয়েই আক্ৰমণ চলায়।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?